1. উদ্য়ানশস্য়

হালধি খেতি আৰু ইয়াৰ পৰিচৰ্যা-

KJ Staff
KJ Staff
Turmeric
Turmeric

 অসমত সহজে কৰিব পৰা মছলাজাতীয় শস্যবিলাকৰ ভিতৰত হালধি এক উত্তম মছলা জাতীয় শস্য। মছলা হিচাবে ব্যৱহাৰ কৰাৰ উপৰিও ঔষধ আৰু সৌন্দৰ্য্যবর্ধক সামগ্রী হিচাবে হালধি ব্যৱহাৰ কৰা হয়। পৌষ্টিক গুণাগুণ বিশ্লেষণৰ পৰা দেখা গৈছে যে ১০০ গ্রাম হালধিৰ গুৰিত প্রায় শ্বেতসাৰ ৭০%, স্নেহ পদার্থ ৫%, প্রটিন ৬% আৰু কাৰকুমিন ২.৫-৩.৫% থাকে।

মাটি নির্বাচন

ওখ, সহজে পানী ওলাই যাব পৰা, বালিচহীয়া মাটি হালধি খেতিৰ বাবে উপযোগী। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্চনীয়।

জাত নির্বাচন

হালধিৰ উন্নত জাতৰ ক্ষেত্ৰত অধিক উৎপাদনৰ লগতে কাৰকুমিন নামৰ হালধীয়া ৰঙৰ পদার্থবিধৰ পৰিমাণো উচ্চ হোৱা প্রয়োজন। অধিক উৎপাদনক্ষম জাতসমূহ হ’ল: লাকাডঙ, টল ক্লন, সুবৰ্ণ, সুগুণা, সুদৰ্শনা, আই আই আৰ প্ৰভা, আই আই আৰ প্ৰতিভা আদি।

বীজ শোধন আৰু বীজৰ পৰিমাণ

মাটিৰ তলত হোৱা মঙহাল আলু অর্থাৎ ৰাইজমৰ দ্বাৰাই সাধাৰণতে হালধিৰ বংশবিস্তাৰ কৰা হয়। বীজ হিচাবে ব্যৱহাৰ হোৱা হালধি সদায়েই সবল আৰু নিৰোগী হোৱা উচিত। ৰুবৰ বাবে গোটা বা দীঘে দীঘে ফালি লোৱা ৫০-৬০ গ্রাম ওজনৰ হালধিৰ টুকুৰা ব্যৱহাৰ কৰা হয়। ৰোৱাৰ আগেয়ে হালধিৰ টুকুৰাবোৰ ৩ গ্রাম ইন্দ'ফিল -এম-৪৫ দৰব এক লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্রণত আধা ঘন্টা সময় ডুবাই ৰাখি শোধন কৰিব লাগে। পিছত হালধিৰ টুকুৰাবোৰ ছাত শুকুৱাই মাটিৰ ভেটিত ৰোপন কৰিব লাগে|

এবিঘা মাটিত ৰুবৰ বাবে ৩ কুইন্টল মাতৃ হালধিৰ প্রয়োজন হয়।

হালধি ৰোপন

হালধি খেতিৰ মাটিডোখৰ দকৈ হাল বাই ভালদৰে চাহ কৰি মৈয়াই সমান কৰি ল’ব লাগে। ৰুবৰ বাবে ৩ ফুট বহল, ১৫ ছেঃ মিঃ ওখ আৰু ইচ্ছানুযায়ী দীঘল কৰি ভেটী বনাব লাগে। প্ৰতিটো ভেটীত ১/২ ফুট আঁতৰত একোটা খল কৰি হালধিৰ টুকুৰাবোৰ এই খলবোৰত ২৫ ছেঃ মিঃ ব্যৱধানত ৰোপন কৰিব লাগে। ৰোৱাৰ পাছত পাতলীয়াকৈ মাটি জাপি লগতে পচা জাবৰ, শুকান পাত আদি জাপি দিব লাগে।

ৰোৱাৰ সময় :

মার্চ-এপ্রিল।

সাৰ প্রয়োগ

প্রতি বিঘা হালধিৰ বাবে সাৰ প্রয়োগৰ মাত্রা এনে ধৰণৰ

সাৰ মাটি প্রস্তুত কৰোতে ৰোৱাৰ ১২০ দিনৰ পাচত

পচন সাৰ            ৩.০ টন                -

ইউৰীয়া            ৪ কিলোগ্রাম            ৪ কিলোগ্রাম

একক চুপাৰ ফছফেট   ৪২ কিলোগ্রাম               -

মিউৰেট অৱ পটাছ    ৭ কিলোগ্রাম             ৭ কিলোগ্রাম

পৰিচৰ্য্যা

হালধি ৰোৱাৰ ৪০ দিন আৰু ৯০ দিনত দুবাৰ বন-বাত নিয়ন্ত্ৰণ কৰিব লাগে। বন-বাত কাটোতে হালধি গছৰ গুৰিত মাটি চপাই দিব লাগে। শুকান পাত, নিৰনি কৰা বন-বাত গছৰ গুৰিত দি বন গজাত বাধা দিয়াৰ উপৰিও মাটিৰ উপৰিভাগত পানী বাষ্পীভৱনত বাধা দিব পাৰি। খৰালি মাহ কেইটাত এনে আৱৰণে মাটিত জীপ ৰখাত সহায় কৰে।

হালধি চপোৱা

হালধি ৰোৱাৰ পৰা ৮-৯ মাহৰ পাছত যেতিয়া পাতবোৰ হালধীয়া পৰি শুকাই যাবলৈ ধৰিব তেতিয়া হালধি খান্দি চপাব লাগে। কোৰেৰে সাৱধানে চপৰা হিচাবত হালধিবোৰ উঠাই মাটিবোৰ হাতেৰে আতঁৰোৱা হয়। হালধিৰ গাৰ পৰা শিপা, মাটি বা গোবৰৰ টুকুৰা, শুকান পাত আদি আতঁৰাই ঠেঙুলিবোৰ এৰুৱাব লাগে আৰু পথাৰতে দুদিনমান ৰাখি পিছত চপাই আনিব লাগে।

উৎপাদন

হালধিৰ উৎপাদন জাত বিশেষে ২.৫ টনৰ পৰা ৩ টন বিঘাই প্রতি পোৱা যায়।

গৃহস্তৰত পৰিস্ফুটন

হালধিৰ পৰিস্ফুটন ঘৰুৱাভাৱে তলত দিয়া ধৰণে কৰিব পাৰি। হালধি চপোৱাৰ ২-৩ দিনৰ পাছতে পৰিস্কাৰ হালধিৰ ৰাইজম আৰু সৰু সৰু আঙুলিবোৰ লোহাৰে নির্মিত ফুটা থকা আয়তাকৃতিৰ বাকচ (৯০ ছেঃ মিঃ x ৪৫ ছেঃ মিঃ x ৪৫ ছেঃ মিঃ)ত ভৰাই ডাঙৰ পানীৰ পাত্ৰত ডুবাই উতলোৱা হয়। কম খৰছতে কেবাইটাও বাকচ উতলাব পাৰি। হালধিৰ টুকুৰাবোৰ কোমল নোহাৱা পর্যন্ত উতলাব লাগে। তাৰ পাছত ফুটা থকা বাকচবোৰ দাঙি পানীবোৰ সৰকি যোৱাৰ পাছত হালধিৰ টুকুৰাবোৰ উলিয়াই ত্রিপাল বা আন ডাঠ কাপোৰত মেলি ভালদৰে ১০-১৫ দিনমান ৰ’দত শুকুৱাব লাগে। এই সময়ছোৱাত ৰাতি হালধিখিনি ভালদৰে ঢাকি ৰখাতো খুবেই প্রয়োজন। ভালদৰে শুকোৱা হালধিবোৰ আঙুলিৰে টুকুৰীয়াই টান শব্দ ওলালে গম পাব লাগে যে হালধিখিনি ভালদৰে শুকাইছে। জাতিভেদে শুকান ওজনৰ হিচাবত ২০-৩০শতাংশ হালধি পোৱা যায়।

শস্য ৰক্ষা

পোক পৰুৱা

(১) মজাখোৱা পোক

এই পোকে গছৰ বাঢ়ি অহা কাণ্ড অংশ খোৱাৰ ফলত গছজোপা হালধীয়া

পৰি মাজৰ কোঁহটো শুকাবলৈ আৰম্ভ কৰে। ৰগৰ ৫ মিঃ লিঃ, পানীত মিহলাই সেই

মিশ্রণী গছত প্রয়োগ কৰিব লাগে।

(২) পাত মেৰিয়াই ধৰা পোক

এনে পোকৰ আক্রমণ নিয়ন্ত্রণৰ বাবে ডাইমেক্রন ৬ মিঃ লিঃ প্রতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

বেমাৰ আজাৰ নিয়ন্ত্রণ

(১) পাতত দাগ পৰা ৰোগ বা টেফ্রিনা লিফ স্পট

পাতৰ দুয়োকাষে সৰু সৰু পাতল হালধীয়াৰ পৰা ডাঠ হালধীয়া বৰণৰ দাগ পৰা দেখা যায়। পাতৰ উপৰিভাগত দাগৰ পৰিমাণ বেছি হয়। সৰু সৰু দাগবোৰ বাঢ়ি গৈ গোটেই পাতখিলা আবৰি ধৰে আৰু পাতবোৰ হালধীয়া হৈ শুকাই যায়। এই ৰোগে আক্রান্ত গছবোৰ একেবাৰে মাৰি নেপেলাই যদিও পাতবোৰ হালধীয়া হৈ পৰাৰ বাবে হালধিৰ উৎপাদন ৰোগাক্রান্ত গছত যথেষ্ট কমি যায়।

প্রতিকাৰ

আক্রান্ত গছত ১% বৰড’ মিশ্রণ বা ইন্দাফিল—এম-৪৫, ২ গ্রাম প্রতি লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে। প্রতি ১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ প্রয়োগ কৰিলে সুফল লাভ কৰিব পাৰি।

(২) ৰাইজম, পচা ৰোগ

এই ৰোগে প্রথমে গছৰ তলৰ ৰাইজম অংশত আক্রমণ কৰে আৰু ই লাহে লাহে গেলিবলৈ ধৰে। গছজোপাৰ ওপৰৰ পাতবিলাক প্রথমে হালধীয়া পৰি ক্ৰমান্বয়ে গছজোপা শুকাই যায়।

প্রতিকাৰ

(ক) হালধি তলীখনৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰিব লাগে।

(খ) ৰোৱাৰ আগতে ৰাইজমবোৰ ইন্দাফিল-এম-৪৫ মিশ্রণত (৩ গ্রাম প্রতি

লিটাৰ পানীত) আধা ঘন্টা ডুবাই ছাঁত শুকাব লাগে।

(গ) আক্রান্ত গছত ২ গ্রাম ইন্দাফিল—এম-৪৫ প্রতি লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

 লগতে পঢ়ক-উন্নত প্ৰজাতিৰ হালধি খেতি আৰু ইয়াৰ কৃষি প্ৰণালী-

English Summary: About Turmeric Farming Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.