1. উদ্য়ানশস্য়

মূলা পাতৰ (Radish Leave) উপকাৰিতা বিষয়ে কিছু কথা

KJ Staff
KJ Staff
Radish Leaves
Radish Leaves

মূলা এবিধ জনপ্ৰিয় পাচলি । ই সুস্বাদু আৰু স্বাস্হ্যৰ পক্ষে অতিকৈ লাভজনক । কেলচিয়াম, মেগনেছিয়াম আৰু ৰিবোফলেভিনৰ দৰে উপাদানবোৰ মুখ্যত মূলাত উপলব্ধ । দেশৰ বিভিন্ন প্ৰান্ত যেনে উত্তৰ প্রদেশ, বেংগল, বিহাৰ, পঞ্জাৱ আৰু কৰ্ণাটক আদিৰ লগতে অসমতো মূলাৰ খেতি কৰা হয় ।

মূলাৰ সমান্তৰালকৈ ইয়াৰ পাতবোৰো খাবলৈ সুস্বাদু আৰু লাভজনক । আপুনি হয়তো মূলা পাত (Radish Leave) পাচলি হিচাপে খাইছে । কিন্ত কেতিয়াবা ভাবি চাইছেনে মূলা পাতৰবোৰ স্বাস্হ্যৰ পক্ষে কিমান লাভজনক হ’ব পাৰে । বিশ্বাস কৰক বা নকৰক,  প্ৰকৃততে পাতবোৰত মূলাতকৈ অধিক পুষ্টি থাকে । সেইবোৰ এনে ধৰণৰ গুণাগুণেৰে ভৰপূৰ যি আপোনাক ৰোগবোৰ দূৰত ৰখাত সহায় কৰে । মূলা পাতৰ এনে কিছুমান আশ্চৰ্যকৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে তলত আলোচনা কৰিম ।

Radish Leaves
Radish Leaves

সেউজীয়া মূলা পাতত মূলাতকৈ বেছি ভিটামিন আৰু খনিজ পদাৰ্থ থাকে । ইয়ে শাৰীৰিক কাৰ্যৰ বাবে অত্যাৱশ্যকীয় কিছুমান গুৰুত্বপূৰ্ণ খনিজ যেনে লো, কেলচিয়াম, ফলিক এচিড, ভিটামিন চি আৰু ফছফৰাছ প্ৰদান কৰাত সহায় কৰে । পাতত মূলাতকৈ অধিক পৰিমাণৰ ফাইবাৰ থাকে যিয়ে পাচন প্ৰক্ৰিয়াত সহায় কৰে । পাতবোৰে কোষ্ঠকাঠিন্য আৰু ফুলা পেটৰ দৰে অস্বস্তিকৰ পৰিস্থিতিবোৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ।

মূলাৰ পাতবোৰে পাইলচৰ দৰে বেদনাদায়ক পৰিস্থিতিৰ মূলা পাত খালে ভাল । ইয়াত থকা এণ্টিবেক্টেৰিয়েল গুণাগুণে পদাহ হ্ৰাস কৰাত সহায় কৰে । গুৰি কৰা শুকান মূলাৰ পাতবোৰ সমান পৰিমাণৰ চেনী আৰু পানীৰ লগত মিহলি কৰি পেষ্ট বনাই খালে পদাহৰ ক্ষেত্ৰত উপকৃত হব পাৰে ।

মূলা পাতৰ উচ্চ লোৰ পৰিমাণে ভাগৰৰ প্ৰতিৰোধত সহায়ক হৈ পৰে । মূলাৰ পাতত লো আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ অধিক থাকে, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । ইয়াৰ উপৰিও মূলা পাতত অন্যান্য অত্যাৱশ্যকীয় খনিজ যেনে ভিটামিন চি, ভিটামিন এ, থিয়ামিন থাকে, যি ক্লান্তিৰ সৈতে যুঁজ দিয়াত সহায় কৰে । ৰক্তহীনতা আৰু নিম্ন হিমোগ্লোবিনৰ স্তৰ থকা ৰোগীসকলে মূলাৰ পাত খোৱাৰ ফলত উপকৃত হ'ব পাৰে ।

জণ্ডিচৰ দৰে ৰোগৰ ক্ষেত্ৰতো মূলা পাত উৎকৃষ্ট । মূলা পাত পিচি ছিদ্ৰযুক্ত কাপোৰৰ মাজেৰে নিষ্কাশন কৰি ৰস উলিয়াই দহ দিনৰ বাবে দৈনিক আধা লিটাৰ এই ৰস খালে জণ্ডিচ আৰোগ্য কৰাত সহায় কৰে  ।

লগতে পঢ়ক ঃhttps://asomiya.krishijagran.com/news/potential-northeast-an-agri-export-business-meeting-between-the-north-eastern-region-of-india-and-bangladesh/

English Summary: benifit of radish leaves

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.