Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 August, 2022 12:38 PM IST
Bamboo industry and its Possibilities North-East

অসমৰ নিচিনা এখন উন্নয়নশীল অৰ্থনীতিৰ ৰাজ্যত বাঁহ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ অসমৰ জলবায়ু বাঁহ খেতিৰ বাবে অতি উপযোগী। তাৰোপৰি ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰে। আমাৰ দেশত প্ৰয়োজন হোৱা ৬০ শতাংশৰো অধিক বাঁহ উত্তৰ-পূৰ্বাঞ্চলে যোগান ধৰে। ভাৰতৰ প্ৰায় ১২৪ বিধ প্ৰজাতিৰ বাঁহ গছ থকাৰ বিপৰীতে ইয়াৰ প্ৰায় ৯০ বিধ প্ৰজাতি উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। ইয়াৰ প্ৰায় ৩৮  বিধ প্ৰজাতিৰ বাঁহ গছ অসমত পোৱা যায়।

বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। ইয়াৰ স্বাভাৱিক গুন আৰু সহজে ব্যৱহাৰযোগ্য হোৱা বাবে ই এক প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে। বৰ্ত্তমান সময়ত বিভিন্ন ধৰণৰ ঘৰুৱা ব্যৱহাৰ্য্য সামগ্ৰী বাঁহেৰে প্ৰস্তুত কৰা হয়।

আনহাতে আমাৰ কাগজ কলসমূহ চলি থকাৰ মূলতে হৈছে কেচাঁ সামগ্ৰীৰূপে ব্যৱহাৰ হোৱা এই বাঁহ গছ সমূহ। এক টন কাগজ পাবলৈ প্ৰায় ৫ টন কেচাঁ বাঁহ প্ৰয়োজন হয়। উদ্যোগিক দিশত বাঁহৰ মণ্ডৰ পৰা কাগজ আৰু বাঁহৰ আঁহৰ পৰা বহু ধৰণৰ বৰ্ড তৈয়াৰ কৰা হয়। অতি কম মূল্যত বাঁহ ভিত্তিক প্লাইউড আৰু ঘৰ সজোৱা কামত কাঠৰ পৰিবৰ্ত্তে বাঁহ ব্যৱহাৰ কৰা হয়।

অসমীয়া জাতীয় জীৱনত এনে এখন ক্ষেত্ৰ নাই য’ত বাঁহে স্থান পোৱা নাই। ঘৰ-দুৱাৰ, দৈনন্দিন ব্যৱহাৰ্য্য সজুলি আৰু আচবাব পত্ৰ, ধৰ্মীয়-সামাজিক, সাংস্কৃতিক অনুষ্ঠান আনকি খাদ্য সম্ভাৰলৈকে এক বৃহৎ ক্ষেত্ৰত বাঁহ গছে সামৰি লৈছে। বৰ্ত্তমান বাঁহৰ বিভিন্ন ডিজাইন থকা ঘৰ বা চাংঘৰ, স্কুল ঘৰ, হোটেল ধাবা ইত্যাদি বাঁহেৰে নিৰ্মাণ কৰা দেখা গৈছে।

আনহাতে গৃহ নিৰ্মাণৰ বিভিন্ন সামগ্ৰী যেনে- খুটা, চতি, বেৰ, মাৰলি, ৰুৱা, কাঠি-কামি, চালি, বৰচং আদি বাঁহেৰে সজোৱা হয়। আকৌ অসমীয়া সংস্কৃতিৰ মূখ্য অংশীদাৰ ফ়ুলাম জাপিটোৰ মূখ্য সামগ্ৰীও বাঁহৰ। কৃষিজীৱি অসমীয়া সমাজৰ কৃষিৰ লগত জড়িত যুৱলি, শলমাৰি, মৈ, মেটকা, কোৰৰ নাল, মোখোৰা, এছাৰি আৰু ৰ’দ বৰষুনৰ সংগী জাপীটোলৈকে সকলো বাঁহেৰে তৈয়াৰ কৰা হয়। বাৰীঘৰৰ চৌপাশৰ বন্ধন বা গৰু-ছাগলীৰ পৰা ৰক্ষা পাবলৈ দিয়া জেওৰা, জপনা, নঙলা বা বেৰাও বাহঁৰ দ্বাৰাই দিয়া হয়। আকৌ বাৰীৰ লাও-কোমোৰা বগাবলৈ দিয়া চাংখন, জিকা-ভোল বগাবলৈ দিয়া জেং কেইডাল বাঁহ গছৰে অৱদান। ইয়াৰ লগতে হালি যোৱা গছ পুলিটো খুটি এটা দি পোনাই দিয়া, হাওলি যোৱা কল থোক ভেজা দি পুৰঠ হোৱালৈকে ৰখা, পান গছৰ পৰা পান পৰা মৈটাডাল, ওপৰলৈ উঠি যোৱা জখলাখন, গছৰ ওপৰত থকা ফল-মূল পাৰিবলৈ ব্যৱহাৰ কৰা ডালিকীডাল, বাঁহেৰেই বনোৱা।

অসমৰ বিভিন্ন উৎসৱত বাঁহৰ ব্যৱহাৰ কৰা হয়। আমি সকলোৱে জানো যে বৰপেটাৰ হোলী উৎসৱৰ বাঁহভঙা অনুষ্ঠানটো এটা জনপ্ৰিয় অনুষ্ঠান। মাঘবিহুৰ মেজি, ভেলা ঘৰ, মৃত্যু সংক্ৰন্তীয় বিভিন্ন মাংগলিক অনুষ্ঠান আৰু জেং বিহুত বাঁহৰ ব্যৱহাৰ হয়। দৰা আগচিবলৈ পথালিকৈ বাঁহ পেলোৱাটো অসমীয়া পৰম্পৰা। অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিহুৰ লগত জড়িত ঢোলৰ মাৰি, বাঁহী, গগনা, টকা আদিও বাঁহেৰে তৈয়াৰ কৰা হয়। আকৌ অসমীয়া শিল্পীসকলে বিভিন্ন ডিজাইনৰ বাঁহেৰে বিভিন্ন অলংকাৰ প্ৰস্তুত কৰি লয়। অসমৰ মৎস্য শিল্পৰ্লগত জড়িত বিভিন্ন সামগ্ৰী জাকৈ, জুলুকি, প’ল, ছেপা, খালৈ, ঠুহা আদি বাঁহেৰে তৈয়াৰ কৰা হয়। উত্তৰ পুৰ্ব্বাঞ্চল আৰু অসমত বাঁহ উৎপাদনৰ ওপৰত লক্ষ্য ৰাখি বাঁহৰ সুতাৰে বস্ত্ৰ উৎপাদন কৰা হয়।

খাদ্য সামগ্ৰী হিচাপে বাঁহৰ ব্যৱহাৰ মনকৰিবলগীয়া। কাৰণ অসমীয়া খাদ্যত বাঁহৰ ব্যৱহাৰ প্ৰচুৰ। আমাৰ সমাজত খাদ্য সামগ্ৰী হিচাপে বাঁহৰ সৰ্বাধিক ব্যৱহাৰ হোৱা খাদ্যটো হল খৰিচা। বাঁহ গাজবোৰ ঢেকী বা উৰালত খুন্দি (মিক্সি, পটা বা পিহনাও ব্যৱহাৰ কৰিব পাৰি) তাত ঠেকেৰা টেঙা দি খৰিচা প্ৰস্তুত কৰা হয়। তাৰোপৰি অসমীয়া জাতীয় জীৱনত তাঁত শিল্পই এক মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছেঅসমীয়া শিপিনীৰ হিয়াৰ আমঠু তাঁতশালখনৰ মহুৰা, খুড়া, টোকোৰা, উখা, চেৰেকী, চিৰি, ডাংমাৰি, চালিমাৰি, তলধৰা মাৰি, গৰকা মাৰি, কেকোৰা, খুটা, যতৰৰ শলমাৰিৰ পৰা মাকোৰ পুঠিমাৰি, ইত্যাদি সকলো সামগ্ৰী বাঁহেৰেই প্ৰস্তুত কৰা হয়। বৰ্ত্তমান দেখিবলৈ পোৱা গৈছে যে মানুহ নিজৰ সুবিধা ও প্ৰয়োজন অনুসৰি বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে।

এইদৰে বাঁহ উদ্যোগৰ বিপুল সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু সমবায় মন্ত্ৰালয়ে বিস্তৃত পৰিসৰত বাঁহৰ উৎপাদনৰ উদ্দেশ্য ‘ৰাষ্ট্ৰীয় বাঁহ অভিযান’ আঁচনি প্ৰস্তুত কৰিছে। এই উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে বাঁহ ৰোপনৰ ওপৰত গুৰুত্ব দি কৰ্ম সংস্থাপনৰ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। এই ৰাষ্ট্ৰীয় বাঁহ অভিযান আঁচনি খনক কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বাবে দেশৰ ভিন্ন প্ৰান্তত চাৰিটা মাণ্ডলিক বাঁহ কাৰিকৰী সহযোগী গোট গঠন কৰা হৈছে। ইয়াৰ কেন এণ্ড বেম্বো টেকনিকেল চেন্টাৰ, গুৱাহাটীক পশ্চিম বংগ, ঝাৰখাণ্ড আৰু উৰিষ্যাৰ মাণ্ডলিক বাঁহ কাৰিকৰী সহযোগী গোটক দায়িত্ব অৰ্পণ কৰা হৈছে।

কাৰিকৰী সহযোগিতা গোট হিচাপে কেন এণ্ড বেম্বো টেকনিকেল চেন্টাৰ সংশ্লিষ্ট ৰাজ্য কেইখনলৈ বিধি নিৰ্দেশনা প্ৰদান কৰাৰ লগতে সাংগঠনিক আৰু কাৰিকৰী পৰামৰ্শ আগবঢ়াৰ। ইয়াৰ লগতে বাঁহৰ প্ৰজাতি নিবাচন সন্দৰ্ভত পৰামৰ্শ দান, বাঁহ ৰোপন, বাঁহজাত হস্ত-শিল্পৰ উত্তৰন, বিপনন আৰু ৰপ্তানী আদি দিশতো পৰামৰ্শ আগবঢ়াৰ। তাৰোপৰি, এই কেন্দ্ৰসমূহে অভিযান সফল কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমূহক সহযোগিতা আগবঢ়াৰোৱাকে ধৰি সজাগতা, প্ৰশিক্ষণ আৰু উৎপাদনৰ মাজত সংযোগ স্থাপনৰ দায়িত্বও পালন কৰিব। গতিকে দেখা যায় যে আমাৰ নিবনুৱা যুৱক-যুৱতীসকলে এনেকুৱা লাভজনক কাৰ্যত মনোনিবেশ কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে।

লগতে পঢ়ক-বাঁহ গছ আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য

লেখক- ড০ নমিতা দেৱী

সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়, ধাৰাপুৰ, গুৱাহাটী-১৭

English Summary: Bamboo industry and its Possibilities North-East
Published on: 24 August 2022, 12:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now