তিঁয়হ এবিধ গ্রীষ্মকালীন পাচলি। এই পাচলি ৰান্ধি বা কেচাই খাব পাৰি। সাধাৰণতে চালাড হিচাবেহে তিয়ঁহৰ চাহিদা গোটেই বছৰ জুৰি দেখা যায়। তিয়ঁহৰ কিছুমান ঔষধি গুণো আছে।
মাটি নিৰ্বাচনঃ
পানী জমা নোহোৱা ওখ ৰ'দঘাই বালিচহীয়া মাটি তিয়ঁহ খেতিৰ বাবে উপযোগী। অৱশ্যে জৈৱিক সাৰ (গোবৰ বা পচন সাৰ) প্রয়োগ কৰি পলসুৱা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি।
সঁচ নির্বাচন
তিয়ঁহৰ খেতিৰ উন্নত সঁচ বোৰ হৈছে -লং গ্রীণ ,পুচা সংযোগ ,পইনচেট ,এ.এ.ইউ.চি-১, এ.এ.ইউ.চি-২ ইত্যাদি।
বীজৰ পৰিমাণ আৰু ৰোৱাৰ পদ্ধতি
তিয়ঁহৰ ৰোপন সামগ্রী হ'ল বীজ। প্রতি বিঘা মাটিত তিয়ঁহৰ খেতি কৰিবৰ বাবে আৱশ্যকীয় বীজৰ পৰিমাণ হৈছে ৩০০ গ্রাম অর্থাত্প্রতি হেক্টৰ মাটিৰ বাবে ২.২৫ কিলোগ্রাম বীজৰ প্রয়োজন হয়।
বছৰটোৰ দুটা সময়ত তিয়ঁহৰ খেতি সাধাৰণতে কৰা হয়। বসন্ত কালত অর্থাত্চ'ত -বহাগ মাহত ফল চপাবৰ বাবে কৰা খেতি আৰু গৰম কালত অর্থাত জেঠ-আহাৰ-শাওন মাহত ফল চপাবৰ বাবে কৰা খেতি। বসন্ত কালত হোৱা খেতি সাধাৰণতে মাটি টিয়ঁহ বোলা হয়। মাটি তিয়ঁহৰ ক্ষেত্রত থলুৱা সচেঁই ব্যৱহাৰ কৰা হয়। এই মাটি তিয়ঁহৰ গছবোৰৰ তলত মাটিত নৰা বা খেৰ পাৰি মাটিত বগাবলৈ দিয়া হয়।
মাটিত তিয়ঁহৰ বীজ সাধাৰণতে শাৰী শাৰীকৈ ৰোপন কৰিব লাগে দুটা শাৰীৰ মাজত ৫ ফুট ব্যৱধান ৰাখিব লাগে (১.৫ মিটাৰ)আৰু প্রতি দুজোপা গছৰ মাজত ব্যৱধান ৰাখিব লাগে ৪ ফুট অর্থাত্ ১.২ মিটাৰ । গৰম আৰু বাৰিষা কালৰ বাবে কৰা তিয়ঁহৰ খেতিত অর্থাত্ জেং দি বা বাহঁৰ চাং সাজি তাত গছ বগাবলৈ দি কৰা খেতিত দুটা শাৰীৰ মাজত ব্যৱধান ৰাখিব লাগে ১.২ মিটাৰ আৰু দুজোপা গছৰ মাজত ব্যৱধান ৰাখিব লাগে ৩ ফুট (৯০ ছে:মি:)। অৱশ্যে তিয়ঁহৰ বীজবোৰ একোটা ঘূৰণীয়া টিপত দুই - তিনিটাকৈ সিঁচা হয় আৰু এটা টিপৰ পৰা আনটো টিপলৈ ব্যৱধান মাটি তিয়ঁহৰ ক্ষেত্রত ৪-৫ ফুট আৰু জেং তিয়ঁহৰ ক্ষেত্রত ৪ ফুট।
সাৰৰ পৰিমাণ আৰু প্ৰয়োগ
তিয়ঁহৰ খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হাল-কোৰ মাৰি শেষৰবাৰ হাল মৰাৰ আগতে বিঘাই প্রতি ১২ কি:গ্রা: ইউৰীয়া ,৩৬ কি:গ্রা: একক চুপাৰ ফছফেট আৰু ১৬ কি:গ্রাম মিউৰেট অৱ পটাছ সাৰ প্রয়োগ কৰিব লাগে। অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধাভাগ ইউৰীয়া (৬কি:গ্রাম) সাৰ পুলি গজাৰ ৩০ দিনৰ পিচত গছৰ গুৰিত প্রয়োগ কৰিব লাগে।
পৰিচৰ্যাঃ
তিয়ঁহৰ পুলিবোৰ গজি উঠাৰ এমাহৰ পিচত গছৰ গুৰিৰ পৰা বন- বাতবোৰ আতঁৰাই পেলাব লাগে আৰু গছৰ গুৰিত বাকী থকা ইউৰীয়া সাৰখিনি গোৱৰৰ লগত মিহলাই সমভাৱে প্রয়োগ কৰি গুৰিত বাকী থকা পাতলীয়াকৈ মাটি চপাই দিব লাগে। গছবোৰ যেতিয়া বগাবলৈ আৰম্ভ কৰিব তেতিয়া বাহঁৰ জেং পুতি বগাবলৈ সুবিধা কৰি দিব লাগে। জেঠ - আহাৰ মাহত খৰাং বতৰত সুবিধা অনুযায়ী পানীৰ যোগান ধৰিব পাৰিলে ভাল। তিয়হঁবোৰ কুমলীয়া হৈ থকা অৱস্থাত গছৰ পৰা ছিঙিব লাগে । তিয়ঁহৰ গছত ফলৰ উত্পাদন বঢ়াবৰ বাবে পুলিবোৰ ৩-৪ পতীয়া হওতে ইথ্রেল নাইবা মেলিক হাইদ্রাযাইড নামৰ হৰম'ন ১ গ্রাম ৫ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।
কীট পতংগ নিয়ন্ত্ৰণ
কুমলীয়া তিয়ঁহত কেতিয়াবা বৰল পোকে আক্রমণ কৰি যথেষ্ট অনিষ্ট কৰা দেখা যায়। তাৰোপৰি এপিলেকনা বিটল , মোৱা পোক আৰু ৰঙা কলা ফুট ফুটিয়া পামকিন বিটল পোকেও আক্রমণ কৰি গছজোপা নিশকটীয়া কৰা দেখা যায়। এই ক্ষেত্রত মালাথিয়ন ৫০ ই.চি. দৰব এচামোচ আঢ়ৈ লিটাৰ পানীত মিহলাই (দুই মি: লি: দৰব এক লিটাৰ পানী অনুপাতত) লগত ৩ গ্রামমান গুৰ মিহলাই ছটিয়াব লাগে।
উত্পাদন
জাতভেদে তিয়ঁহৰ উত্পাদন ২০-২৫ কুইন্টল প্রতিবিঘা মাটিত উত্পাদন হয় ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়
লগতে পঢ়ক-কৰ্মৰে জাতীয়তাবাদ! মাহিলী ২০ লাখ টকাৰ ব্যৱসায় যোৰহাটৰ মধুৰ ডায়েৰীৰ