1. স্বাস্হ্য আৰু জীৱন

আমৰ বিভিন্ন গুণাগুণ আৰু ইয়াৰ স্বাস্হ্য উপকাৰিতা

KJ Staff
KJ Staff
Various Health Benefit of Mango
Various Health Benefit of Mango

গ্ৰীষ্মকালৰ আটাইতকৈ ভাল লগা এবিধ ফল হ'ল আম। গছৰ ছাঁত বহি লগৰ বন্ধু বান্ধৱীৰ সৈতে আম কাটি খোৱাৰ আমেজেই সুকীয়া। আমৰ কেৱল মিঠা স্বাদৰ বাবেই নহয়, আম যথেষ্ট পুষ্টিৰে সমৃদ্ধ লগতে ইয়াৰ বহুতো স্বাস্থ্য উপকাৰিতাৰ বাবেও অতি জনপ্রিয়। আহকচোন আজি আমি জানো আমৰ এনে কি গুনাগুণ আছে, যাৰ বাবে ই সকলোৰে প্রিয় খাদ্য হৈ পৰিছে। লগতে ই আমাৰ দেহৰ সৌন্দৰ্য্য বঢ়ায়৷

  1. আমে সূর্য্যৰ পোহৰত অহা ইউ. ভি ৰশ্মিৰ আপোনাৰ ওপৰত পৰা প্রভাৱ হ্রাস কৰে।আমত বিটা-কেৰোটিন আৰু ভিটামিন এ-য়ে আপোনাৰ ছালত ইউভি ৰশ্মিৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। ই অতিৰিক্ত সূৰ্যৰ সংস্পৰ্শৰ বাবে ছালক কুঁচকি আৰু নিস্তেজতাৰ পৰা সুৰক্ষিত কৰে আৰু ছালৰ কৰ্কট ৰোগ প্ৰতিহত কৰে।

  2. পকা আম নিয়মীয়াকৈ এক নির্দিষ্ট পৰিমাণত খালে ছাল কোমল হয় আৰু এক সুন্দৰ উজ্বলতা আহে। সেয়েহে আপুনি যদি এজন মডেল বা ধুনীয়া হব বিচাৰি আছে, তেন্তে চেষ্টা কৰি চাব পাৰে।

  3. আমে বীৰ্য বৃদ্ধি কৰে আৰু সেই বীৰ্য সবল কৰিবলৈ হ'লে পকা আম এটা 200 গ্ৰাম গাখীৰৰ লগত মিহলি কৰি দিনে এবাৰকৈ খাব লাগে ।

  4. পকা আমে দেহত বল বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধি হোৱাত বিশেষ ভাৱে সহায় কৰে।

  1. যাৰ মগজু দুৰ্বল তেনেলোকে একাপ পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস অলপ চেনী মিহলি কৰি দিনে এবাৰকৈ খালে মগজুৰ দুৰ্বলতা দূৰ হয়। তাৰোপৰি ই আমাৰ লিভাৰৰ বৃদ্ধিত যথেষ্ট সহায় কৰে ।

  2. অৰ্শ বা কেঁচুমূৰীয়া ৰোগৰ পৰা উপশম পাবলৈ মিঠা আমৰ ৰস আধা কাপ, মিঠা দৈ 25 গ্ৰাম 3 চামুচ আদাৰ ৰস মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে 10/15 দিন খাব লাগে।

  3. শৰীৰত বল পাবলৈ হ'লে পকা আমৰ ৰস খোৱাৰ পাছত একাপ গাখীৰ খাব লাগে।

  1. সমান সমান পৰিমাণৰ আম আৰু ক'লা জামুৰ ৰস 200 গ্ৰামকৈ মিহলি কৰি খালে বহুমূত্ৰ ৰোগ আৰোগ্য হয়।

  2. কুকুৰীকণা বা চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰিবলৈ হ'লে নিতৌ পকা আমৰ ৰস 200 গ্ৰামকৈ খোৱা ভাল ।

  3.  আমৰ আমঠুৰ পৰা আয়ুৰ্বেদীয় বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয়। পেট পৰিস্কাৰ কৰাত আমঠুৰ শাহ জুলাপ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

লগতে পঢ়ক-নিবনুৱাৰ স্বাৱলম্বিতাৰ পথ হ’ব পাৰে কল খেতি

English Summary: Various Health Benefit of Mango

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.