1. সফল কাহিনী

কৰ্মৰে জাতীয়তাবাদ! মাহিলী ২০ লাখ টকাৰ ব্যৱসায় যোৰহাটৰ মধুৰ ডায়েৰীৰ

KJ Staff
KJ Staff
Successful Dairy Farmer Ratul Baruah
Successful Dairy Farmer Ratul Baruah

২০১৪ চনত মাত্ৰ তিনিজনী খীৰঁতী গাইৰে গো-পালনৰ ব্যৱসায় আৰম্ভ কৰা যোৰহাটৰ পকামূৰাৰ ৰাতুল বৰুৱাই এতিয়া মাহে ২০ লাখ টকাৰ গাখীৰৰ ব্যৱসায় কৰে। গুৱাহাটীৰ পূৰবী, জাগিৰোডৰ সীতাজখলাৰ দৰেই যোৰহাটত ‘মধুৰ ডায়েৰী’ৰ জৰিয়তে বৰুৱাই বিপ্লৱৰ সূচনা কৰিছে।

পকামূৰাৰ আন ২৫ টা গো পালক পৰিয়ালকো গো-পালন ব্যৱসায়ত সহায় কৰি আত্মনিৰ্ভৰশাীল কৰি তুলিছে। ‘মধুৰ ডায়েৰী’ আধুনিক পদ্ধতিৰে গাখীৰ উৎপাদন, গো-পালন, পনীৰ, ৰসগোল্লা, দৈ আদি গাখীৰৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি নতুন পুৰুষক তেওঁৰ দৰেই আত্ম নিৰ্ভৰশীল হবলৈ উৎসাহ দিছে। বৰুৱাৰ পকামূৰাৰ তেওঁৰ গৰুৰ ফাৰ্মত এতিয়া বহুতো গো-পালকে প্ৰশিক্ষণ লবলৈও যায়। প্ৰশিক্ষণ লোৱা একাংশই এতিয়া গো-পালনত মনোনিবেশ কৰিছে।

ছাত্ৰ অৱস্হাৰ পৰাই সংগীত চৰ্চাৰে বিখ্যাত হোৱা ৰাতুল বৰুৱাই ভাল গীটাৰো বজাই। ২০০১ চনত বৰুৱাই মলয়া গোস্মামী, যতীন বৰা আদিয়ে অভিনয় কৰা ‘শেষ উপহাৰ’ নামৰ এখন অসমীয়া ছবিও প্ৰযোজনা কৰিছিল। অসমীয়া ছবিখনত বৰুৱাই জে পি দাসৰ সহযোগী হৈ সহকাৰী সংগীত পৰিচালক হিচাপেওঁ কাম কৰিছিল। ১৯৮৩ চনত প্ৰথম বাৰৰ বাবে সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। সেই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বৰুৱাই অসমৰ ভিতৰত দ্বিতীয় স্হান লাভ কৰিছিল।

ভ্ৰমণ কৰি ভাল পোৱা বৰুৱাই ২০১৪ চনত পৰিয়ালৰ সদ্স্যৰ কামত ৰাজস্হানলৈ গৈছিল। ৰাজস্হানত গো-পালনৰ ফাৰ্মবোৰ দেখি যোৰহাটতো গাখীৰৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে গো-পালনত মনোনিবেশ কৰে বৰুৱাই। বৈজ্ঞানিক পদ্ধতিৰে গো পালনৰ চিন্তা কৰি হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ডায়েৰী ৰিচাৰ্চ প্ৰতিষ্ঠানলৈ প্ৰশিক্ষণ লবলৈ গৈছিল তেওঁ। পঞ্জাৱ আৰু গোজৰাটত গো-পালনৰ প্ৰশিক্ষণ লোৱা বৰুৱা পঞ্জাৱৰ প্ৰ‘গ্ৰেছিভ ডায়েৰী ফাৰ্মাৰ্চ এছোচিয়েছনৰ লগতো জড়িত।

দেশৰ কেইবাখনো ৰাজ্যত বৈজ্ঞানিক পদ্ধতিৰে গো-পালনৰ প্ৰশিক্ষণ লৈ ২০১৪ চনৰ শেষত মাত্ৰ তিনিজনী খীৰঁতী গাইৰে যোৰহাটৰ পকামূৰাত তেওঁ ফাৰ্ম আৰম্ভ কৰিছিল। বেংকৰ পৰা কেইবালাখ টকা ঋণ লৈ নেডাৰলেণ্ডৰ এইচ এফ প্ৰজাতিৰ গাইৰে ‘মধুৰ ডায়েৰী’ আৰম্ভ কৰিছিল। মাত্ৰ তিনিজনী গাইৰে ফাৰ্ম আৰম্ভ কৰা বৰুৱাৰ ফাৰ্মত এতিয়া ৭২ জনী উন্নত প্ৰজাতিৰ গাই আছে। কেইজনীমান গাই ২০১৮-১৯ চনত পঞ্জাৱ-হাৰিয়ানা-গুজৰাট আদিৰ পৰাও আনিছিল। আন ৰাজ্যৰ পৰা গৰু অনাত আন্তঃৰাজ্যিক পৰিবহণত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু কেই সময়ৰ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া পল্লৱ ভট্টাচাৰ্যই সহায় কৰিছিল বাবে সকলো সম্ভৱ হৈছিল।

প্ৰতিষ্ঠিত গো-পালক ৰাতুল বৰুৱাই কয়-এতিয়া দৈনিক ২৫ জনীৰো অধিক খীৰঁতী গাইৰ পৰা গাখীৰ উৎপাদন হৈ আছে। সম্প্ৰতি নিজাববীয়াকৈ দৈনিক ৩৫০ লিটাৰকৈ গাখীৰ উৎপাদন হৈ আছে। ওচৰৰ ২৫ টা পৰিয়ালক গো-পালনৰ উৎসাহ দিয়া হৈছে। তেওঁলোকক ৰেহাই মূল্যত গৰুৰ খাদ্য, ঔষধ আদি সকলো যোগান ধৰা হয়। আৰু কেইসকল গো-পালকৰ পৰা দৈনিক ৬০০ লিটাৰকৈ গাখীৰ ‘মধুৰ ডায়েৰী’য়ে ক্ৰয় কৰে।

বৰুৱাই লগতে কয়-‘পাঠশালা আদিত গো-পালকক কোম্পানীয়ে লিটাৰে প্ৰতি ৪২ টকাকৈ আদায় দিয়ে বুলি বাতৰি কাকতত পঢ়িবলৈ পাইছো। কিন্তু আমি ২৫ টা গো পালক পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰাৰ লগতে লিটাৰে প্ৰতি ৪৬ টকাকৈ আদায় দি আহিছো।  আামাৰ নিজা ৩৫০ লিটাৰ আৰু আমাৰ লগত চুক্তিবদ্ধ হোৱা গো-পালকৰ ৬০০ লিটাৰ গাখীৰ মিলাই দৈনিক ৯৫০ লিটাৰ হয়। দৈনিক ৯০০ লিটাৰ গাখীৰ ‘মধুৰ ডায়েৰী’ৰ নামত পেকেজিং কৰি বিক্ৰী কৰা হয়। গাখীৰ বিক্ৰী কৰি গড়ে দৈনিক ৫৫,০০০-৬০,০০০ টকাৰ ব্যৱসায় হয়। মাহে প্ৰায় ২০ লাখ টকাৰ ব্যৱসায় অকল গাখীৰৰ পৰাই হয়। গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীৰ ব্যৱসায় হিচাপ কৰিলে আৰু বেছি হ’ব।

ৰাজস্হানৰ ডি লেভেল কোম্পানীৰ পৰা মিল্ক পাৰ্লাৰ এটা ক্ৰয় কৰা হৈছে। মেচিনৰ সহায়ত একেলগে ১২ জনী গাইৰ গাখীৰ খীৰাব পৰা যায়। তদুপৰি ‘মধুৰ ডায়েৰী’ৰ বাল্ক মিল্ক কুলাৰো আছে য’ত গাখীৰ ঠাণ্ডা কৰি ৰাখিব পৰা যায়। তেওঁলোকৰ নিজা পেকেজিং মেচিনো আছে। আধা লিটাৰৰ পেকেজিং কৰা হয়। গাখীৰ বিক্ৰী কৰিয়েই আমি মিল্ক পাৰ্লাৰ, বাল্ক মিল্ক কুলাৰ, পেকেজিং মেচিন, চাৰিখন গাখীৰ ডেলিভাৰী ভান কিনিবলৈ সক্ষম হৈছো। ফাৰ্মত ২০ জন নিবনুৱাই সংস্হাপন পোৱাৰ লগতে ২৫ গো-পালকৰ পৰিয়ালৰ দায়িত্বও আমি ল’ব পাৰিছো। সৰ্বমুঠ ৭২ জনী গৰুক পালন কৰিও গাখীৰৰ এনে ব্যৱসায়ত আগবঢ়াত বহুতে আদৰ্শ হিচাপে গ্ৰহণ কৰিছে। সমগ্ৰ অসমত এনেদৰে সকলোৱে চেষ্টা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰা ধৰণে ৰাজ্যত নিশ্চিতভাৱে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন হ’ব। গাখীৰ উৎপাদনত মুখ্যমন্ত্ৰী শৰ্মাই বিচৰা ধৰণে আত্মনিৰ্ভৰশীল হ’লে বিকাশৰ হাৰো বাঢ়িব।

গো-পালক ৰাতুল বৰুৱাই আৰু কয়-‘কৰ্মৰ দ্বাৰাই আমি প্ৰকৃত জাতীয়তাবাদী হ’ব লাগিব। আমি অসমীয়া জাতীয়তাবাদী বুলি মুখেৰে কৈ অসমীয়াগিৰি দেখুৱালে নহ’ব। কৰ্মৰ দ্বাৰাই আমি ‘মধুৰ ডায়েৰী’ক আগবঢ়াই নিছো। এনে আদৰ্শ আনে গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছে। এয়াই জাতীয়তাবাদ। এনে জাতীয়তাবাদেৰে আমি আগবাঢ়িলে মাছ, কণী, ধান, গাখীৰ, মাংসৰ উৎপাদনত অসম আত্মনিৰ্ভৰশীল হ’ব লগতে নিবনুৱা সমস্যাও সমাধান হ’ব।

লেখক-জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন-৯৮৬৪০৩৭৪১৬

লগতে পঢ়ক-মিশ্ৰিত পামেৰে বছৰি লাখ টকাৰ ব্যৱসায় পাঠশালাৰ দীপাংকৰৰ-

English Summary: Jorhat Madhur Dairy Success Stroy

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.