যোগাভ্যাস ভাৰতবৰ্ষৰ পুৰাতন সম্পদ। ই ভাৰতীয় বৈদিক সংস্কৃতিৰ প্ৰাচীনতম অৱদান। ইয়াৰ সৃষ্টি কেতিয়া, কেনেকৈ আৰু কোনে কৰিছিল সেই বিষয়ে জ্ঞান লাভ কৰিবলৈ হ'লে বৈদিক সাহিত্যসমূহৰ বেদ, উপনিষদ, পুৰাণ, অৰণ্যক ৰামায়ণ, মহাভাৰত আদিৰ তথ্যই হ'ব উপযুক্ত প্ৰামাণিক সম্বল।
পুৰাতন বৈদিক সভ্যতা সংস্কৃতিৰ আদি উৎস বেদৰপৰা যোগসাধনা বা যোগ দৰ্শনৰ বিভিন্ন সাধন মাৰ্গৰ উৎপত্তি হৈছে। যোগৰ সংজ্ঞা একক আৰু নিৰ্দিষ্টকৈ পোৱা টান। কিয়নো বিভিন্ন শাস্ত্ৰত যোগৰ সংজ্ঞা বিভিন্ন ধৰণে উল্লেখ কৰিছে। যদিও ইয়াৰ সংজ্ঞাবোৰ বেলেগ বেলেগ কিন্তু প্ৰকৃত সত্ত্বা একেটাই। সেয়া হ'ল- যোগৰ শীৰ্ষস্থানত আৰোহণ কৰি ভগৱান পৰমেশ্বৰৰ সান্নিধ্য লাভ কৰা।
মহৰ্ষি পতঞ্জলিয়ে তেওঁৰ "পাতঞ্জল যোগসূত্ৰত" কৈছে- "মানুহৰ মন, বুদ্ধি আৰু অহংকাৰ এই চিত্তসমূহ আৰু ইয়াৰ দ্বাৰা পৰিচালিত বৃত্তিসমূহ নিয়ন্ত্ৰণ কৰাই হ'ল যোগ"। শ্ৰীমদ্ভগৱদ্ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে-"যোগ জীৱনৰ জ্ঞান-বিজ্ঞান আৰু জীৱন-যাপনৰ উৎকৃষ্ট কলা, জীৱনৰ প্ৰকৃত লক্ষ্য সৎ-চিৎ-আনন্দ প্ৰাপ্তিৰ সাধনা"।
ভাৰতীয় যোগ দৰ্শনত যদিও বিভিন্ন প্ৰকাৰৰ যোগ সাধন প্ৰণালীৰ কথা উল্লেখ আছে, বৰ্তমান সময়ত সৰ্বসাধাৰণ মানুহে কায়যোগ, হঠযোগ, ৰাজযোগ আৰু ভক্তিযোগ কিছু পৰিমাণে অনুশীলন কৰা দেখা যায়।
সাম্প্রতিক সময়ত মানুহৰ যোগাভ্যাস শৈলীত ব্যাপক পৰিৱৰ্তন আহিছে। যোগাভ্যাসৰ মূল উদ্দেশ্য আৰু লক্ষ্য আত্মোপলব্ধিৰ বিষয়টো এৰাই চলি কেৱল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈহে যোগাভ্যাস কৰা দেখা যায়। আনকি ইয়াক ৰোগ নিৰাময়ৰ চিকিৎসা ব্যৱস্থা হিচাপে ব্যৱহাৰিক দিশত ব্যাপকভাবে জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। এইটো সঁচা যে, যোগাভ্যাসশৈলীৰ আসন, প্ৰাণায়াম, ধ্যান আদিয়ে মানুহৰ শাৰীৰিক, মানসিক বিকৃতি বা আসোঁৱাহসমূহ দূৰ কৰি ব্যাক্তিজনক সু-স্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰে। কিন্তু যোগাভ্যাসকাৰীজন যোগৰ প্ৰকৃত লক্ষ্যৰ পৰা আঁঁতৰি আহিলে ব্যক্তিজনৰ চিত্ত-বৃত্তিসমূহ নিয়ন্ত্ৰণ নহ'ব যেতিয়ালৈকে দেহ-মনত চিত্ত-বৃত্তি নিৰোধ নহয়, তেতিয়ালৈকে মনো-দৈহিক সমস্যাই সঘনাই ব্যক্তিজনক জুৰুলা কৰি থাকিব আৰু আত্মোপলব্ধিৰ পথত আগবাঢ়ি যাব নোৱাৰিব।
আধুনিক চিকিৎসা আৰু প্ৰযুক্তিবিজ্ঞানে যোগ পদ্ধতিক এক নতুন ৰূপ প্ৰদান কৰিছে। বিভিন্ন পৰীক্ষা-নিৰিক্ষাত স্পষ্ট হৈছে যে, নিয়মিত আসন, প্ৰাণায়াম আৰু ধ্যান অনুশীলনে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্হ্যত ব্যাপক ইতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ বাহিৰেও নিয়মিত আৰু পৰিমিত যোগাভ্যাসৰ আছে বহু সঞ্জীৱনী গুণ। বিশেষকৈ নৱ প্ৰজন্মৰ শিশু, ছাত্র-ছাত্ৰী আৰু যুৱক-যুৱতী সকলৰ বাবে যোগাভ্যাসৰ এই সঞ্জীৱনী শক্তি অতিকৈ প্ৰয়োজন হৈ পৰিছে।
উদাহৰণস্বৰূপে আমাৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাকাৰী বিভিন্ন প্ৰকাৰৰ হৰম'ন নি:সৰন কৰা অন্ত:স্ৰাৱী গ্ৰন্হিৰ কাম-কাজবোৰ প্ৰাকৃতিকভাবে ভাৰসাম্য ৰক্ষা কৰিব পাৰে নিয়মিত যোগ অনুশীলন পদ্ধতিয়ে। যাৰ বাবে দেহত সৱল প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি উঠে। সৰলৰ পৰা জটিল পৰ্যায়ৰ ৰোগ-ব্যাধি সৃষ্টিত বাধা দিয়ে। মানসিক চাপ আৰু উদ্বেগ সৃষ্টিকাৰী পদাৰ্থসমূহ সৃষ্টি হোৱাত বাধা দিয়ে। ব্যাক্তিজনৰ মানসিক স্হিতি শক্তিশালী কৰি ৰাখে। দৈনিক ধ্যান অনুশীলনে আমাৰ মনৰ কল্পনা শক্তি জাগ্ৰত কৰে, মন শান্ত আৰু স্হিৰ কৰি ৰাখে। ধ্যানে মগজুক উপযুক্ত বিশ্ৰাম প্ৰদান কৰে আৰু স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
আন কিছুমান আসন, প্ৰাণায়াম অনুশীলনে শিশুসকলক বৃদ্ধি আৰু বিকাশত সহায় কৰে। আভ্যন্তৰীণ অংগ হৃদপিণ্ড, হাওঁফাওঁ, যকৃত, অগ্নাশয়, বৃক্ক আদিক নিৰোগী আৰু শক্তিশালী কৰি ৰাখে। হাড় আৰু হাড়ৰ সন্ধিসমূহৰ গঠন মজবুত কৰে। তেজ পৰিশোধন কৰি ৰক্ত পৰিবহন ব্যৱস্থাৰ সম্ভাৱনীয় অসুবিধাবোৰ দূৰ কৰে। শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া সঠিক গতিত চলে। শ্বাসতন্ত্ৰৰ ভিতৰভাগ পৰিস্কাৰ কৰি ৰাখে। হাওঁফাওঁৰ অক্সিজেন ধাৰণ ক্ষমতা বাঢ়ি যায়। আমাৰ দেহৰ আন এটা গুৰুত্বপূৰ্ণ অংগতন্ত্ৰ হ'ল পাচনতন্ত্ৰ। দৈনিক যোগাভ্যাসে পাচনতন্ত্ৰ পৰিস্কাৰ কৰি পাচনশক্তি বঢ়ায়। সমগ্র পাচনতন্ত্ৰটো শক্তিশালী কৰি ৰাখে। পৰিমিত যোগাভ্যাসৰ আন এটা শুভ গুণ হ'ল ই দেহৰ মাংসপেশীবোৰ শক্তিশালী কৰি ৰাখে।
বহুক্ষেত্ৰত দেখা যায় যে নৱপ্ৰজন্মৰ বেছি সংখ্যকে বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত বস্তুৰ প্ৰতি আকৰ্ষিত হৈ অবৈধ আৰু উচ্ছৃংখল অসামাজিক কাম কৰিবলৈ লয়। তেওঁলোকৰ সুষ্ট জীৱনশৈলীৰ ব্যাপক অৱনতি ঘটে। নৈতিকতা আৰু শিষ্টাচাৰ হেৰুৱাই যুৱ উচ্ছৃংখলতাৰ সৃষ্টি কৰি সমাজত বিষবাষ্প বিয়পোৱাত আগভাগ লয়। এই ধৰণৰ ঘটনাবোৰত ব্যক্তিজনক সততে অৰিহণা যোগাই থাকে ব্যক্তিজনৰ মানসিক অস্হিৰতা, বিবেকহীনতা, আসক্তি আৰু শৰীৰত সঘনাই ঘটি থকা জৈৱ ৰাসায়নিক পদাৰ্থ(হৰম'ন)ৰ ভাৰসাম্যহীনতাই। এনে ধৰণৰ আসক্ত ব্যক্তি সকলে নিয়মিত ভাৱে যোগাভ্যাস অনুশীলন কৰিলে তেওঁলোকৰ গ্ৰন্থিসমূহৰ বিসংগতি দূৰ হ'ব, মনলৈ স্হিৰতা ঘূৰি আহিব, আসক্তি কমিব, বুদ্ধি আৰু চিন্তাশক্তিৰ উত্তৰণ ঘটি নৱজীৱন লাভ কৰিবলৈ সক্ষম হ'ব। এই যোগাভ্যাস ব্যৱস্থাই দিব পাৰে কোনো ৰাসায়নিক ঔষধ বা সামগ্ৰীয়ে কেতিয়াও দিব নোৱাৰা সুফল; ব্যক্তিজনৰ মানসিক প্ৰশান্তি, নৈতিকতা আৰু ব্যক্তিত্বৰ বিকাশ সাধন।
বৰ্তমান গোলকীয় আৰু প্ৰতিযোগিতামূলক ব্যৱস্হাপনাই সমগ্র বিশ্বৰ পাৰিপাৰ্শ্বিকতাত প্ৰভাৱ পেলাইছে। প্ৰকৃতিৰ উপাদানবোৰ বায়ু, পানী, মাটি আদি প্ৰদূষিত হৈছে। খাদ্য সামগ্ৰীবোৰ মানুহৰ মুনাফাৰ বাবে দূষিত কৰা হৈছে। যাৰ বাবে মানুহৰ মানসিক অস্হিৰতা আৰু শাৰীৰিক ৰোগ, ব্যাধি, মহামাৰী বৃদ্ধি পাবলৈ ধৰিছে। এনে ধৰণৰ অহিতকৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত নিজকে বচাই সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিগৰাকী ব্যক্তিক এই লিখনিৰ জৰিয়তে আহ্বান কৰিছোঁ। প্ৰতিদিনে অতিকমেও ২৫ মিনিটকৈ যোগাভ্যাস কৰিবলৈ নিজকে প্ৰস্তুত কৰক আৰু পাৰিপাৰ্শ্বিকতাৰ সৈতে মিলি থাকিব পৰা এটি সুস্থ দেহ মনৰ অধিকাৰী হওঁক। বৰ্তমান সময়ত কেৱল পৰিমিত যোগাভ্যাসেহে দিব পাৰিব সুস্বাস্থ্য আৰু দীৰ্ঘ নিৰোগী জীৱন-যাপনৰ সুস্থ বাতাবৰণ।
ৰংমন ৰংদৈ
বিভাগীয় প্ৰধান, যোগ আৰু স্বাস্থ্য বিজ্ঞান বিভাগ, চি আৰ এচ ডি টি, দৰং
ফোনঃ ৯৮৬৪১-৬৯৯০৯