Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 December, 2022 4:04 PM IST
winter

ঠাণ্ডা দিনত গা গৰম কৰি ৰাখিবলৈ আপুনি কি কৰে? ঠাণ্ডা বতৰ আহিলে চৰ্দি, কাহ, ডিঙিৰ বিষ, শ্বাস-প্ৰশ্বাসজনিত সমস্যাও লগতে আহে। শীতকালৰ শুকান বতাহে আপোনাৰ শৰীৰৰ বাবে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অধিক প্ৰত্যাহ্বান সৃষ্টি কৰে। গতিকে ঠাণ্ডা মাহকেইটাত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন। এই লেখাটোৰ জৰিয়তে আমি এনে কিছুমান মছলাৰ বিষয়ে ক’ম, যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আৰু শীতকালৰ ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত উপকাৰী।

দালচেনী

চীনা আৰু ভাৰতীয় চিকিৎসা বিজ্ঞানত ডালচেনি স্বাস্থ্যজনিত সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত ফলপ্ৰসূ বুলি গণ্য কৰা হয়। কেইবাটাও গৱেষণাৰপৰা দেখা গৈছে যে ডালচেনিত এনে ৰাসায়নিক পদাৰ্থ থাকে যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে আৰু ওজন কমোৱাৰ ক্ষেত্ৰত ফলপ্ৰসূ হ’ব পাৰে। ডিঙিৰ বিষ আৰু চৰ্দি কমোৱাত দালচেনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত প্ৰ’এন্থ’চাইনিন আৰু এন্টিঅক্সিডেন্ট পলিফিনল বেছি থাকে, যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকতে শক্তিশালী কৰে। ইয়াৰ উপৰি ইয়াত এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল আৰু এন্টিফাংগেল উপাদান থাকে।

ইলাচি

এই এবিধ সুস্বাদু মছলা। সেউজীয়া আৰু ক’লা দুয়োটা জাততে ইলাচী উপলব্ধ। দুয়োটাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাল কাম কৰে। কাহ, চৰ্দি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত সমস্যা নিৰাময়ৰ বাবে ইলাচি উপকাৰী বুলি বিবেচিত হয়। ইলাচিৰ গুটি চাহ, পানী, কেঁচাই চোবাই খোৱা আৰু তেল হিচাপে কেইবাটাও ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইলাচিৰ তেলে আপোনাৰ শৰীৰ গৰম কৰি ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষা কৰাৰ বাবে অতি উত্তম।

জালুক

শীতকালীন খাদ্য আৰু পানীয়ত জালুক এক বহুল ব্যৱহৃত উপাদান। ই এবিধ জ্বলা মছলা। ইয়াৰ শান্তিদায়ক গুণৰ বাবে ইয়াক বহুতো আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰা হয়। জালুকত ভিটামিন চি, ফ্লেভন’ইড, এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল ক্ষমতা থাকে। ইয়াত থকা খনিজ পদাৰ্থৰ প্ৰচুৰতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু পানীলগা আৰু ফ্লুৰ লক্ষণ হ্ৰাস কৰিব পাৰে। ৰাতিপুৱা জালুক দিয়া চাহ একাপ বা মৌৰ লগত মিহলি জালুক খালে জ্বৰৰ লগত হোৱা কঁপনি দূৰ কৰাত সহায়ক হয়।

লং

লঙত প্ৰচুৰ পৰিমাণে পোৱা এন্টি-ইনফ্লেমেটৰী গুণ চাইনাচাইটিছ, ডিঙিৰ বিষ, কাহ, চৰ্দি আৰু অন্যান্য প্ৰদাহজনিত অৱস্থাৰ চিকিৎসাৰ বাবে উপযোগী হ’ব পাৰে। কেঁচা লং চোবাই বা গৰম পানীত মিহলাই ৰাতিপুৱা পান কৰিব পাৰে, ইয়াৰ বাহিৰেও চাহত মিহলাই খাব পাৰে। বন্ধ হৈ থকা নাক খুলিবলৈ প্ৰায়ে লং তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ই ডিঙি আৰু নাকৰ নলী ঠাণ্ডা কৰে।

আদা

আদাক তিতা সোৱাদ দিয়া আৰু ইয়াক এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টিভাইৰেল ক্ষমতা প্ৰদান কৰা জিঞ্জাৰল নামেৰে জনাজাত ফাইটোনিউট্ৰিয়েণ্ট আদাত প্ৰচুৰ পৰিমাণে পোৱা যায়। একাপ গৰম পানীত সতেজ আদাৰ কেইটামান টুকুৰা দি আদাৰ চাহ বনাব পাৰি। শিশুক দিওঁতে তাত অলপ নেমু আৰু মৌ দি দিলে সোৱাদ পাব। সতেজ বা শুকান আদাৰ গুড়িৰ সহায়ত স্মুদি, এছিয়ান খাদ্য, চচ, বেকড প্ৰডাক্ট, পুডিং, চূপ আৰু ষ্টুৰ সোৱাদ ল’ব পাৰি।

লগতে পঢ়কঃ Mission Basundhara বাবে আবেদনৰ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি

English Summary: Winter health care
Published on: 21 December 2022, 04:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now