1. স্বাস্হ্য আৰু জীৱন

মোৰ এই বিধান সমূহৰ পৰা ৰাইজ উপকৃত হলে নথৈ আনন্দিত হম৷

KJ Staff
KJ Staff

আমাৰ প্রায়ে পানী লগা, চৰ্দি-জ্বৰ, হুৰহুৰীয়া শুকান কাঁহ, ডিঙি চেৰচেৰাই থকা, মাত ভঙা, নাক বন্ধ হোৱা, কাণ দুখন ঘোপ মাৰি বন্ধ হৈ থকা- এনে সমস্যা প্রায়ে হৈ থাকে। এই বিলাক অসুখ দেখাত গুৰুতৰ নহয় যদিও ই এক অতি বিৰক্তিকৰ ৷ তাৰোপৰি এনে অসুখত ভোগাজনৰ কাম আৰু সময়ৰ ক্ষতি হয় আৰু যিকোনো কামত মনোযোগ দিয়াত বাধাৰ সৃষ্টি কৰে৷

জানিব পৰা মতে  পানী লগাৰ দৰব নাখালে ভাল হবলৈ ৭ দিন  সময়  লাগে আৰু দৰব  ব্যৱহাৰ কৰিলে ২-৩ দিনত ভাল হয়৷ তেনেহ’লে কিহৰ  বাবেনো এই লিখনি, চিন্তা চৰ্চা? আচলতে মানুহে সাবধানে চলিলেও কেতিয়াবা নহয় কেতিয়াবা ৰোগাক্ৰান্ত হবলগীয়া হয়৷ কিন্তু ৰোগত আক্ৰান্ত হোৱাৰ পিছত তাৰ  পৰা হোৱা কষ্টসমূহ চিকিৎসাৰ দ্বাৰা লাঘব কৰিব পাৰে, যাৰ দ্বাৰা ব্যক্তিজনৰ কামৰ ক্ষতি কম হ’ব৷

মানুহৰ শৰীৰ হ'ল বহুতবোৰ বেক্টেৰিয়া আৰু ভাইৰাচৰ আশ্ৰয়স্থলী৷ সিহঁতি দিনৰ পিছত দিন, মাহৰ পিছত মাহ আমাক একো অপকাৰ  নকৰাকৈ আমাৰ শৰীৰত  আশ্ৰয় লৈ থাকে৷ কিন্তু অসমীয়াত এটা প্ৰবাদ আছে - হলা গছত বাগী কুঠাৰ সকলোৱে মাৰে৷ ঠিক তেনেদৰে আমাৰ শৰীৰৰ ৰোগ  প্ৰতিৰোধ ক্ষমতা কমি গলে,শৰীৰ কোনো কাৰণত দূৰ্বল হ’লে সেই সুপ্ত বেক্টেৰিয়া আৰু ভাইৰাচসমূহৰ বাবে অনুকুল পৰিবেশৰ সৃষ্টি হয়, ফলত তাহাঁতি সক্ৰিয়হৈ মানৱ শৰীৰৰ অনিষ্ট সাধিব আৰম্ভ  কৰে৷ গতিকে  আমি  কিদৰে আমাৰ ৰোগ প্ৰতিৰোধ  ক্ষমতা বঢ়াব পাৰো, তাৰ চৰ্চা কৰাই হ'ল এই লিখনিৰ উদ্দেশ্য৷

আৰু এটা জৰুৰী কথা৷ এনে শ্বাস- প্ৰশ্বাসজনিত  ৰোগবিলাক  সাধাৰণতে অতি সংক্ৰমণশীল হয়, অৰ্থাৎ সহজতে এজনৰ পৰা আন এজনলৈ ৰোগ  সোঁচৰে৷ সাধাৰণতে ৰোগ বিয়পে  প্ৰদূষিত বায়ুমণ্ডলৰ যোগেদি৷ ইয়াক চিকিৎসা বিজ্ঞানৰ  ভাষাত Droplet Infection বুলি কয়৷ ৰোগীয়ে কাঁহিলে, হাঁহিলে,হাঁচিয়ালে,থুই-খেকাৰ পেলালে  বেক্টেৰিয়া আৰু ভাইৰাচ বায়ুৰ কণিকাত বাস্প আৰু বতাহৰ লগত  মিহলি হৈ  উটি-ভাঁহি  থাকে আৰু আমি নেদেখাকৈয়ে অইন নিৰোগী মানুহৰ শৰীৰত প্ৰবেশ কৰে৷ গতিকে এনে ড্ৰপলেট  সংক্ৰমণক  বাধা দিবলৈ হলে -ৰোগী, পৰিয়ালৰ মানুহ আৰু সংস্পৰ্শত অহা সকলোৱে প্ৰতিৰোধক মুখা পিন্ধিব লাগে৷ ৰোগী বন্ধ কোঠাত নাথাকি বায়ু চলাচল  কৰা মুকলি পৰিবেশত  থাকিলে ভাল৷ সেয়েহে চিনেমাহল বা আন যি কোনো প্ৰেক্ষাগৃহ এনে সংক্ৰমণশীল  ৰোগৰ  উৎপাদনথলী হব পাৰে৷

শৰীৰৰ ৰোগ প্ৰতিৰোধ  ক্ষমতা বঢ়াবলৈ যোগাসন আৰু ব্যায়ামৰ  ভূমিকা সৰ্বদা স্বীকৃত৷ ইয়াৰ পিছত আহে বনৌষধি বা আন ঔষধৰ ব্যৱহাৰ৷ তুলসী আৰু আদাক  একেলগে পিচি লৈ মৌজোলৰ সৈতে মিহলাই কৰা সংমিশ্ৰণ  এনে বিভিন্ন  কাঁহ-জ্বৰ-চৰ্দিৰ বাবে আজিও বহুতো অসমীয়া পৰিয়ালত ঘৰুৱা চিকিৎসা হিচাবে ব্যৱহৃত হয়৷  তুলসীৰ নিশ্চিত ঔষধি গূণ আছে- যাৰ বাবে ই ঋষি মুনিৰ দিনৰ পৰা সন্মানিত হৈ আহিছে৷  তুলসী গছ  হ'ল জিনচেং পৰিয়ালৰ৷  জিনচেং গছে শাৰীৰিক, স্নায়বিক  দূৰ্বলতা আতৰাই  দীৰ্ঘায়ু প্ৰদান কৰাত সহায়ক বুলি স্বীকৃতি পাইছে৷ ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট ঔষধসমূহে প্ৰদূষিত ৰক্ত পৰিশোধন কৰাৰ দৰে কাম কৰে৷ আজিকালি দিনক দিনে এইবিলাকৰ  ব্যৱহাৰ চিকিৎসা -ক্ষেত্ৰত বাঢ়ি আহিছে৷

Septilin নামৰ আয়ুৰ্বেদিক টেবলেট বা চিৰাপ ২৷৩মাহ খালে এনে ৰোগসমূহৰ কষ্টৰ পৰিমান কম হোৱা দেখা যায়- দৰাচলতে এনে ঔষধো শৰীৰৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয়৷ মেন্ঠলৰ ভাপ দিনে ২৷৩বাৰ ললে বন্ধ নাক-কাণ খোলাত সহায়ক হয়৷ কুহুমীয়া গৰম নিমখ পানীৰে দিনে ২৷৩বাৰ কুলকুলি কৰিলে ডিঙিৰ অসুখৰ কষ্টসমূহৰ ভালেখিনি উপশম হয়৷

এতিয়া এবিধ লাগতিয়াল  প্ৰতিষেধক  বা  ভেকচিনৰ বিষয়ে উল্লেখ কৰিম৷ যি সকল ব্যক্তিয়ে বছৰি বছৰি শ্বাসজনিত বিভিন্ন ৰোগ,এলাৰ্জি, হাঁপানি আদিত ভোগি আহিছে, তেওঁলোকে বিশেষকৈ ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উপকৃত হব৷

কিছুমান ব্যক্তিয়ে বৃত্তিগত কাৰণত (যেনে গায়ক,অভিনেতা, শিক্ষক, অধিবক্তা আদিয়ে)ভঙা মাতলৈ জীৱিকা ক্ষতিগ্ৰস্ত  কৰিব নোৱাৰে- তেনেলোকৰ বাবেও ই উপকাৰী৷ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু ই কোনো নিয়ন্ত্ৰিত ড্ৰাগছো নহয়৷

তথাপিও এজন MBBS ডাক্তৰৰ তত্বাবধানত ইয়াক লবলৈ  পৰামৰ্শ দিম৷ মাত্ৰ ১মিলিলিটাৰৰ  এই বেজীটো ছালৰ তলত লব লাগে (Subcutaneously) - গতিকে বিষ অনুভৱ নহয়৷ Histaglobin  নামৰ এই বেজীটো এজনে  ১২টাৰ পৰা ২৫টালৈ লব লাগে৷ ৰোগৰ গভীৰতা আৰু ৰোগ কিমান পূৰণি তাৰ ওপৰত নিৰ্ভৰ কৰি বেজীৰ সংখ্যা ঠাৱৰ কৰা হয়৷ প্ৰথমতে সপ্তাহত দুটা, পিছত ক্ৰমে সপ্তাহত এটা, দুসপ্তাহত এটাকৈ শেষত মাহত এটাকৈ এই ভেকচিন  ব্যৱহাৰ কৰা হয়৷ মই যোৱা ৫৷৬ বছৰে বহু ৰোগীক  এই  ঔষধ প্ৰদান কৰি সুফল পাইছো৷

মোৰ এই বিধান সমূহৰ পৰা ৰাইজ উপকৃত হলে নথৈ আনন্দিত হম৷

উৎস - বিকাশপেডিয়া

English Summary: how to get relaxed from caugh in assamese

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.