1. স্বাস্হ্য আৰু জীৱন

জালুকৰ ঔষধি গুণ

KJ Staff
KJ Staff

জালুক আমাৰ দৈনন্দিন খাদ্য তালিকাত ব্যৱহাৰ কৰা এবিধ মছলা । ৰান্ধনীশালত যেতিয়াই কোনো মছলাযুক্ত আহাৰ তৈয়াৰ কৰা হয় বা সেউজীয়া চালাডৰ গুণ অধিক সোৱাদযুক্ত কৰিব বিচৰো,তেতিয়া প্ৰায়ে জালুকৰ ব্যবহাৰ কৰো । পিহি লোৱা জালুকৰ গুড়ি চালাডৰ উপৰিও কটা ফল বা দাইল, শাকৰ ব্যঞ্জন আদিৰ ওপৰতো ব্যৱহাৰ কৰা হয় ।

আহকচোন,জালুকৰ কেইটামান বিশেষ গুণাগুনৰ কথা আলোচনা কৰো -

(১) ছালত কোনোধৰণৰ ফোহাঁ উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে সৈতে পিহি অনামিকা আঙুলিৰে কেৱল ফোহাঁটোত লগাই দিলে সেই ফোহাঁটো বহি যায় ।

(২) এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলিবলৈ দিয়ক । এতিয়া তাৰ পৰা যি ধোৱাঁ ওলায়, সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক । এনে কৰিলে মূৰৰ বিষ দূৰ হয় ।

(৩) আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে ।

(৪) চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।

(৫) যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।

(৬) আপোনাৰ ৰক্তচাপ(blood presure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১ টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক ।

(৭) জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে । শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।

English Summary: know amazing health benefits of black pepper

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.