Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 February, 2021 11:00 PM IST
Aloe Vera

   ঘৃতকুমাৰী বা এলোভেৰা (ALOEVERA) অসমৰ বহুতৰে ঘৰৰ সম্মুখভাগত সৌন্দৰ্য্য বর্দ্ধক হিচাপে টাবত ৰোৱা দেখা যায় । তাৰোপৰি ইয়াৰ পৰা বনোৱা নানা ঔষধ বা প্ৰসাধন সামগ্ৰীও বহুতে ব্যৱহাৰ কৰি আহিছে । কিন্তু বহুতে ইয়াৰ ঘৰুৱা ব্যৱহাৰ আৰু গুনাগুন সঠিকভাৱে নজনাৰ বাবে অসমত ইয়াৰ চাহিদা সীমিত ৷ সেয়েহে আজি ইয়াৰ উপকাৰিতাৰ বিষয়ে চমুকৈ আপোনালোকৰ আগত দাঙি ধৰিম- 

   ঘৃতকুমাৰী বা এলোভেৰা (Aloe Vera) হৈছে আমাৰ দেহৰ নানা ৰোগৰ বাবে ঔষধস্বৰূপ । ইয়াৰ বহুতো প্ৰজাতি আছে। চিকিৎসা বৈজ্ঞানিকৰ মতে ই এনে এবিধ উদ্ভিদ য’ত ১২ বিধ ভিটামিন, ১৮ বিধ এমিনো এচিড, ২০ বিধ খনিজ পদাৰ্থ থকাৰ লগতে ৭৫ বিধ পুস্তিগুনযুক্ত পোষক দ্ৰব্য (Micro nutrient) আদিৰ লগতে এন্টি বায়োতিক, এন্টিচেপ্তিক, এন্টি ওক্সিডেন্ট, আৰু এন্টি বেক্টেৰিয়েল আদি গুন থকাৰ বাবে আমাৰ শৰীৰক নানা ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰে তথা দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে।

   বর্তমান সময়ত সমগ্র বিশ্বত ঘৃতকুমাৰী বা এলোভেৰাৰ (Aloe Vera) দ্বাৰা প্ৰস্তুত কৰা নানান দামী ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ বৃহত ব্যৱসায় গঢ়ি উঠিছে। সেইবোৰৰ নানা কাৰনত বা ব্যৱসয়িক কাৰণত গুনগত মান কম হোৱাতো ডাঙৰ কথা নহয়। সেয়েহে ১০০% পাবলৈ সঠিক পদ্ধতিৰে ঘৰুৱা ভাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰো।

ব্যৱহাৰ — এলোভেৰা দৰে ২০০ৰো অধিক প্ৰজাতি আছে , তাৰে কেবল ৩/৪বিধ মানহে ঔষধ হিচাবে ব্যৱহৃত হয়। অঞ্চলভেদে ইয়াৰ গুনাগুনৰো ব্যৱধান আছে ।

 

এলোভেৰা (Aloe Vera)ৰ গুনাগুণ :—

 

১। পেটৰ পাচনক্ৰিয়া জনিত যিকোনো ৰোগত ২চামুচ ৰস ২চামুচ মৌৰ লগত খাব ।

২। শৌচকচা ৰোগ তথা ইয়াৰ পৰা হোৱা নানা লক্ষণত ঘৃতকুমাৰী উপকাৰী। সৰু কেচুৱা হলে অলপ হিং মিহলাই নাভীত প্রলেপ দিব পাৰে।

৩। যিকোনো ঘা, ফোহোৰা হলে অলপ হালধী মিলাই প্রলেপ দিলে ঘা শুকায় আৰু ফোহোৰা পকি পুজ বাহিৰ কৰি দিব পাৰে। 

৪। বেচিকৈ জ্বৰ মুৰত উঠিলে আৰু মুৰৰ বিষ হলে মুৰত / কপালত ৰস লগালে আৰাম পায়।

৫। চুলি সৰা, পকা, শুকান হোৱা আদি যিকোনো সমস্যাত খাব পাৰে আৰু সপ্তাহত ১ দিন মূৰত ঘহিব। লগত আমলখি মিহলাব পাৰে।

৬। ছালৰ বাবে অতি উত্তম এলোভেৰা। ছাল সোতোৰা, ৰুক্ষ্য, দাগ, ৰ’দৰ তাপত চালৰ ৰোগ বা যিকোনো সমস্যা হলে ইয়াৰ ৰস মুখত বা গাত ঘহিলে (কেচুৱাৰ গাধোৱা পানীত মিহলাই ধুৱাব) চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে চাল নিমজ, মসৃন আৰু চালৰ পৰা হবপৰা ৰোগ প্ৰতিৰোধ হয়। জেল হিচাবে ছালত ঘহিলে আৰু নিয়মিত খালে বয়সৰ চাপ নপৰে।

৭। দাড়ি খুৰাই উঠি ইয়াৰ ৰস চেভিং লোচন হিচাবে ব্যৱহাৰ কৰিলে গালৰ কোনো সমস্যা নহয়।

৮। শৰীৰত ভিটামিন,কেলচিয়াম, ফলিক এচিদ, আইৰন, জিংক বা বিভিন্ন খনিজ লৱণৰ অভাৱত হব পৰা ৰোগ নিৰাময় কৰে।

৯। চকু, দাঁত, হাড় আদিৰ ৰোগত অতি উপকাৰী।

১০। গাঠিৰ বিষ হলে হালধীসহ এই ৰসৰ প্রলেপ দিব পাৰে অৰু নিয়মিত খাবও পাৰে।

১১। এলোভেৰা খালে তেজৰ কলেষ্টৰেল কমি যায়। তেজ পৰিস্কাৰ কৰে আৰু দেহৰ অপদাৰ্থ বাহিৰ কৰি দিয়ে।

১২। দেহৰ ওজন নিয়ন্ত্ৰন কৰে। এলোভেৰা নিয়মিত সেৱনে অধিক শকত বা ক্ষীন লোক স্বাভাৱিক ওজনৰ হয়। অৱশ্যে দেহত কোনো ৰোগ থাকিলে ডক্তৰৰ ডক্টৰৰ পৰামৰ্শ লৈহে খাব।

১৩। ডায়বেটিছ বা চুগাৰ জনীত ৰোগত ১০ গ্ৰামকৈ এলোভেৰা আৰু কেৰেলা নিয়মিত খালে উপশম হয়। ( কিছুদিন খাই পৰীক্ষা কৰাব)

১৪। এলোভেৰাই কৰ্কত ৰোগ প্ৰতিৰিোধক হিচাপে কাম কৰে, কিন্তু ডক্তৰৰ পৰামৰ্শ লৈ খাব ৷

১৫। হৃদৰোগতো ইয়াৰ ৰস অতিউপকাৰী। গতিকে দেখা গ'ল যে এলোভেৰাত বহুতো ৰোগ প্রতিৰোধী গুনাগুন আছে। সেইবাবেই . ইয়াৰ জনপ্রিয়তা দিনক দিনে বাঢ়ি গৈ আছে।

  নিৰোগী লোকেও মাজে মাজে খালে দেহ মন ভালে থাকে। বয়সীয়াল লোকে খাই থাকিলে বিভিন্ন বার্দ্ধক্যজনিত ৰোগৰ সমস্যা দূৰ হয়।

সাৱধানতা :—

১) সঠিক প্ৰজাতি চিনিহে খাব 

২) বহুদিনলৈ একেৰাহে নাখাব 

৩) গৰ্ভৱতী বা মাহেকীয়া ঋতুস্ৰাবৰ সময়ত মহিলা সকলে নাখাব। 

৪) জটিল কোনো ৰোগত চিকিৎসকক নুশুধাকৈ নাখাব।

 ৫) পিত্তাশয় বা গোলব্লাডাৰৰ ৰোগ থাকিলে নাখাব। 

৬) কেচা পাত অধিক দিনলৈ সাচি থৈ নাখাব ।

আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ উৎসাহে আমাক অধিক কর্মস্পৃহা যোগায়।

প্ৰতিদিনে বা নিয়মিক কণী খোৱা অভ্যাসে শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে; হব পাৰে এই তিনিটা সমস্যা৷ (Eggs is may dangerous for your health know here why)

 

উৎস - জীৱন বৰ অনুপম

English Summary: How help aloevera to avoid diebetes in a few days know all about here
Published on: 10 February 2021, 11:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now