Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 December, 2021 11:39 AM IST
Papaya

অমিতাৰ বৈজ্ঞানিক নাম ‘Carica Papaya’ । এই ফল স্বস্হ্যৰ বাবে বৰ উপকাৰী । অমিতা ভেষজ গুণসম্পন্ন  সুমিষ্ট, সোৱাদযুক্ত এবিধ ফল । ইয়াক কেচাঁ অৱস্হাত আঞ্জা, চালাড হিচাপে আৰু  পকিলে ফল হিচাপে খোৱা হয় ।  পকা অমিতাৰ পৰা জাম-জেলি, আইচক্ৰিম, বিভিন্ন ধৰণৰ মিঠাই আদিও তৈয়াৰ কৰা হয় ।

অমিতাৰ ইংৰাজী নাম ‘Papaya’ । বিশ্বৰ বিভিন্ন দেশ যেনে স্পেইন, নৰৱে, জাৰ্মানী, চুইডেন, আয়াৰলেণ্ড, হাংগাৰি, টাৰ্কি, ইণ্ডোনেচিয়া আদি দেশত  ‘Papaya’ নামেৰে জনাজাত । ফ্ৰান্সত  ইয়াক Papaye বুলি কোৱা হয় । আনহাতে বাংলাত ইয়াক পেঁপে, তেলেগুত বব্বায়া, মালায়ালামত প’পয়া বুলি জনাজাত । আমাৰ অসমত অমিতাৰ আন নাম হ’ল মধু ফল, মৈথ ফল, অমৃত ফল । কাৰ্বি ভাষাত মেনচপি আৰু মেংচপি । ডিমাচাত খোপল আৰু গৈফল । টিৱাসকলে উমৰিদ আৰু উমৰিট বুলি কয় ।

শীতকালত অমিতা আপোনাৰ আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বহুতো উপকাৰিতা আছে । অমিতা এবিধ অধিক পুষ্টিকাৰক ফল, ই শৰীৰৰ তাপ বৃদ্ধি আৰু বাটা-কফ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰিত কৰে । তাৰোপৰি শীতকালত সৃষ্টি হোৱা কোষ্ঠকাঠিন্যৰ দৰে গুৰুতৰ সমস্যা হ্ৰাস হোৱাত সহায় কৰে । অমিতাত থকা পেপাইন আৰু কাইমোপাপিন নামৰ এনজাইমবোৰে প্ৰ’টিন হজম হোৱাত সহায় কৰে ।

papaya

আয়ুৰ্বেদ অনুসৰি অমিতাই উষ্ণতাৰ গুণাগুণৰ বাবে হজম শক্তি উন্নত কৰে ।  কাহ আৰু চৰ্দি, ঋতুস্ৰাৱৰ বিষ ,পদাহ হ্ৰাস, ডায়েবেটিচ  আদিৰ ক্ষেত্ৰতো অমিতা অতি উৎকৃষ্ট । কোৱা হয় যে পুষ্টিৰ ক্ষেত্ৰত এক মজলীয়া আকাৰৰ অমিতাত প্ৰতিদিনে প্ৰয়োজন হোৱা ভিটামিন চি-ৰ ২০০% ৰো অধিক থাকে । আপুনি যদি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা ফল বিছাৰি আছে তেন্তে অমিতা আটাইতকৈ উত্তম । অমিতা ফলেট, মেগনেছিয়াম, ভিটামিন এ পটাছিয়াম আৰু আঁহৰ ভঁৰাল । দৈনিক অমিতা সেৱন কৰা লোকৰ হৃদৰোগৰ আশংকা কমি যায় ।

অমিতাত এণ্টি অস্কিডেণ্ট (বিটা কেৰোটিন) অধিক থাকে যিটো ছালৰ ৰোগৰ বাবে অতিকৈ উপকাৰী । অমিতাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, ফলস্বৰূপে কোষ্ঠকাঠিন্য থকা লোকসকলে উপকৃত হ’ব পাৰে । অমিতা গছৰ পাতবোৰ মেলেৰিয়া-প্ৰতিৰোধী গুণাগুণেৰে সমৃদ্ধ । ডেংগু জ্বৰ আৰু অন্যান্য ৰোগৰ বিৰুদ্ধে যুঁজ  দিয়াটো অমিতা সৰ্বশ্ৰেষ্ঠ ঘৰুৱা প্ৰতিকাৰ । অমিতা গছৰ পৰা তৈয়াৰ কৰা ৰস বা মণ্ড কেৱল ডেংগু জ্বৰৰ লক্ষণবোৰৰ সৈতে যুঁজ দিয়াই নহয় ইয়াক নিৰাময় কৰাতো যথেষ্ট কাৰ্যকৰী ।

লগতে পঢ়কঃhttps://asomiya.krishijagran.com/health-lifestyle/skin-care-during-winter/

English Summary: Health benifit of papaya in winter season
Published on: 10 December 2021, 11:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now