1. স্বাস্হ্য আৰু জীৱন

‘Golden Milk’ ৰ উপকাৰিতাৰ বিষয়ে জানো আহক

KJ Staff
KJ Staff
Golden Milk
Golden Milk

‘Golden Milk’ যাক হালধি গাখীৰ বুলিও জনা যায় । ই হৈছে এক ভাৰতীয় পানীয় যি পশ্চিমীয়া সংস্কৃতিত জনপ্ৰিয়তা লাভ কৰিছে । এই উজ্জ্বল হালধীয়া পানীয়বিধ পৰম্পৰাগতভাৱে গৰুৰ গাখীৰ, হালধি আৰু অন্যান্য মচলাৰে গৰম কৰি তৈয়াৰ কৰা হয় । ‘Golden Milk’ ৰ সৈতে ডালচেনি, আদা, বাদাম, নাৰিকল আদি যোগ দিব পাৰি । কোভিড-১৯ সময়ত এই পানীয়বিধ অধিক জনপ্ৰিয় হৈ পৰিছিল ।

‘Golden Milk’ৰ সেৱন কৰিলে কি লাভ হব আপোনাৰ

  • পদাহ হ্ৰাস কৰে
  • কোষৰ ক্ষতি প্ৰতিহত কৰে
  • চিন্তা শক্তি বৃদ্ধি কৰে
  • মস্তিষ্কৰ কাৰ্যক্ষমতা সমৰ্থন কৰা আৰু স্মৃতিশক্তি উন্নত কৰে
  • হৃদৰোগ প্ৰতিৰোধ কৰে
  • সম্ভৱতঃ কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে
  • ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
Golden Milk
Golden Milk

কেনেকৈ বনাব ‘Golden Milk’

‘Golden Milk’ বনোৱাৰ পদ্ধতি অতিকৈ সহজ । তলত উল্লেখ কৰা পদ্ধতি সমূহ অনুসৰণ কৰিলে আপুনি সহজতে ঘৰতে ‘Golden Milk’ বনাব পাৰে

  • প্ৰথমতে আপুনি ১/২ কাপ গাখীৰ লওক
  • ১ চামুচ হালধি
  • ১ টুকুৰা সতেজ আদা আথবা আদা পাউদাৰ
  • ১/২ ডালচেনি পাউদাৰ
  • ১ চিমুটি গুৰি কৰা জালুক
  • ১ চামচ মৌ
  • ২-৩ টা বাদাম বা বিকল্প হিচাপে আধা চামুচ নাৰিকল যোগ দিব দিব পাৰে

‘Golden Milk’ তৈয়াৰ কৰিবলৈ সকলো সামগ্ৰী এটা সৰু চচপেন বা পাত্ৰত মিহলি কৰি উতলাওক । একেবাৰে কম তাপত ১০ মিনিটৰ বাবে সুগন্ধি নোলোৱালৈকে উতলাওক । মিহি স্ট্ৰেইনাৰৰ জৰিয়তে পানীয়খিনি মগত চেঁচাওক আৰু ওপৰত এক চিমুটি ডালচেনি দিয়ক । যদি আপুনি বিচাৰে সজাবলৈ বাদাম বা নাৰিকল যোগ কৰিব পাৰে ।

‘Golden Milk’ পদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ । ই বিশেষভাৱে বয়স বৃদ্ধি, শালমইনা, আৰু একজিমাৰ বিৰুদ্ধে যুঁজ দিয়ে । হালধি গাখীৰ খালে আপোনাৰ ছাল মসৃণ হয়, সূক্ষ্ম ৰেখা আঁতৰ কৰে, দাগবোৰ পাতল কৰাৰ লগতে প্ৰাকৃতিকভাৱে আপোনাৰ ছাল জিলিকি উঠোৱাত সহায় কৰে।

লগতে পঢ়কঃ https://asomiya.krishijagran.com/horticulture/cabbage-cultivation/

English Summary: Benefit of Golden Milk

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.