Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 May, 2021 10:10 PM IST
Health benefits of Blueberry fruits

    ব্লুবেৰী খাবলৈ অতি সোৱাদযুক্ত। এই ফলৰ সোৱাদ টেঙা যদিও পকিলে কিছু মিঠাহয়। ভাৰতৰ বহু ঠাইত ব্লুবেৰীক নীলবদ্ৰী বুলি জনা যায়। আকর্ষণীয় কথাটো হৈছে ভাৰতৰ বহুতো খাদ্য সম্ভাৰ ব্লুবেৰীৰে তৈয়াৰ কৰা হয়। আপোনালোকে জনা উচিত যে ব্লুবেৰী কেৱল সোৱাদতে নহয় আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ব্লুবেৰীত প্রচুৰ এণ্টিঅক্সিডেণ্ট (Anti-Oxidents) থাকে যি শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষাণাবেক্ষণ কৰে। ব্লুবেৰী খোৱাৰ ফলত আমাৰ হজম (Digestion) প্রক্রিয়া উন্নত কৰিব পাৰে, বেয়া কলেষ্টেৰল হ্ৰাস কৰিব পাৰে আৰু ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰে। 

 গতিকে আজি ব্লুবেৰীয়ে আমাৰ দেহৰ কি কি উপকাৰ সাধন কৰিব পাৰে আমি জানো আহক।

আৰু পঢ়ক- কম খৰচতে আৰু অতি সহজলভ্য উপাদানেৰে কেনেকৈ আপোনাৰ চুলিখিনিৰ যত্ন ল'ব পাৰে চাঁও আহক 

ব্লুবেৰী খোৱাৰ লাভালাভ (Benefit of Blueberry)

1. পেট স্বাস্থ্যৱান ৰাখে-

ব্লুবেৰী খোৱাৰ ফলত বিভিন্ন প্ৰকাৰৰ পেটৰ সমস্যাৰ পৰা পৰিত্রান পাব পাৰি। বর্তমান গৰমৰ দিনত প্ৰায় মানুহৰে পেটৰ সমস্যা হয়। এই ক্ষেত্ৰত ব্লুবেৰী খোৱাটো পেটৰ সমস্যাৰ বাবে ভাল।

2. হাড় শক্তিশালী আৰু মজবুত কৰে-

ব্লুবেৰী পলিফেনল সমৃদ্ধ বুলি গণ্য কৰা হয় যি হাড় শক্তিশালী কৰাত সহায় কৰে। গতিকে আপুনি যদি হাড় শক্তিশালী কৰিবলৈ বিচাৰে তেন্তে নিশ্চয় আহাৰৰ লগত ব্লুবেৰী খাওঁক।

3. হজম প্রক্রিয়া উন্নত কৰাত সহায়ক-

ব্লুবেৰীত প্রচুৰ পৰিমানে আঁহ থাকে যি পেটৰ বিষ, গেছ আৰু হজম প্রক্রিয়া স্বাস্থ্যকৰ ৰখাত সহায় কৰিব পাৰে। হজমৰ সমস্যা থকা লোকসকলৰ বাবে ব্লুবেৰী খোৱা অতি উপকাৰী।

আৰু পঢ়ক- কলেষ্টৰল বৃদ্ধি আৰু লবলগীয়া সাৱধানতা (What is cholesterol and how to control it in human body)

4. ওজন হ্ৰাস কৰাত সহায়ক-

ব্লুবেৰীত এন্থোচিয়ানিন নামৰ এক উপাদান থাকে, যি মেদবহুলতা হ্ৰাস কৰাত সহায় কৰিব পাৰে। আপোনাৰ যদি প্রয়োজনতকৈ অতিৰিক্ত ওজন আছে আৰু হ্ৰাস কৰিব বিচাৰি আছে তেন্তে আপোনাৰ বাবে ব্লুবেৰী খোৱাটো লাভজনক হ’ব পাৰে।

5. চাপ হ্ৰাস কৰে-

বর্তমান সময়ত কম বেছি পৰিমাণে সকলো লোকেই মানসিক চাপত জড়িত। ই পৰিয়াল কেন্দ্রিক বা ব্যৱসায়িক হব পাৰে। গতিকে ইয়াৰ পৰা সামান্য হলেও উপশম পাবলৈ ব্লুবেৰী খোৱাটো যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ভাল এণ্টিঅক্সিডেণ্ট গুণ আছে যি চাপ হ্ৰাস কৰাত সহায় কৰে।

5. চকু স্বাস্থ্যৱান ৰাখে-

ব্লুবেৰী চকুৰ বাবে ভাল বুলি গণ্য কৰা হয়। ইয়াত থকা এণ্টিঅক্সিডেণ্ট গুণাগুণে ছানি ধৰা, চকুৰ শুষ্কতা আৰু সংক্ৰমণ, বিশেষকৈ ৰেটিনা সম্পৰ্কীয় ৰোগ প্ৰতিহত কৰাত সহায় কৰে।

6. হৃদযন্ত্রৰ বাবে ভাল-

ব্লুবেৰীত আঁহৰ লগতে এণ্টিঅক্সিডেণ্ট আৰু বেয়া কলেষ্টেৰল হ্ৰাসকাৰী গুণাগুণ থাকে, যি হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিব পাৰে।

আৰু পঢ়ক- আপোনাৰ ঘৰৰ নাৰিকল জোপাত ফল নধৰে নেকি বা ধৰিলেও সৰি যায়? তেনেহ'লে অৱলম্বন কৰক এইটো উপায়
English Summary: health benefits of eating blueberry
Published on: 13 May 2021, 10:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now