Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 May, 2022 4:38 PM IST
Health Benefit of Pumpkin seeds

ৰঙালাওঁ এবিধ লতাজাতীয় উদ্ভিদ আৰু ইয়াৰ একাধিক প্ৰজাতি আছে। বাৰিষা-খৰালি সকলো সময়তে ইয়াৰ খেতি হয় যদিও খৰালি কালত ইয়াৰ উৎপাদন প্ৰচুৰ মাত্ৰাত হয়। বাৰিষা জেকা নলগা ওখ চানেকীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি। পূৰঠ পকা ৰঙালাও বহু দিনলৈ সাঁচি ৰাখিব পাৰি। পৌষ্টিক আৰু ঔষধি গুণত ই অদ্বিতীয়।

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি ই মধুৰ, বলবৰ্ধক, পুষ্টিকাৰক তথা মেদ প্ৰতিৰোধক প্ৰকৃতিৰ। অৱশ্যে ই কফ আৰু বাতকাৰক প্ৰকৃতিৰ হ’লেও ইয়াৰ ব্যঞ্জন প্ৰস্তুতকৰণৰ সময়ত প্ৰতি কিলোগ্ৰাম পৰিমাণৰ ৰঙালাওৰ তৰকাৰীত আধা গ্ৰামৰ পৰা ১ গ্ৰাম পৰিমাণৰ ‘মিথি’ (মচলা) প্ৰয়োগ কৰিলে ইয়াৰ এই দুৰ্গুণ সমূলঞ্চে দূৰীভূত হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত কোৱা হৈছে। ইয়াৰ নিয়মিত সেৱনে মগজুৰ দুৰ্বলতা দূৰীভূত কৰি মগজু সবল আৰু সক্ৰিয় কৰি তোলে আৰু দেহৰ মেদবহুলতা প্ৰতিৰোধ কৰি মানুহৰ চেহেৰা আটিল কৰি তোলে।

ৰঙালাওৰ স্বাস্থ্যৰ বাবে লাগতিয়াল বহু উপাদান পোৱা যায়। প্ৰতি ১০০ গ্ৰাম খাদ্যৰ উপযোগী ৰঙালাও প্ৰায় ৯৬.১ গ্ৰাম আৰ্দ্ৰতা, ০.২ গ্ৰাম প্ৰ’টিন, ০.১ গ্ৰাম চৰ্বি, ০.৫ গ্ৰাম খনিজ পদাৰ্থ, ০.৬ গ্ৰাম আঁহ, ২.৫ গ্ৰাম কাৰ্বহাইড্ৰেট, ২০ মিলিগ্ৰাম কেলচিয়াম, ১০ মিলিগ্ৰাম ফছফৰাছ, ০.৭ মিলিগ্ৰাম লৌহ পদাৰ্থ , কিছু পৰিমাণে ভিটামিন–বি কমপ্লেক্স, ভিটামিন-এ, ভিটামিন-কে আৰু সামান্য মাত্ৰাত অন্যান্য বহু ভিটামিন আৰু প্ৰচুৰ পৰিমাণে ‘এণ্টি-অক্সিডেণ্ট’ পোৱা যায় বুলি ইয়াৰ ৰাসায়নিক বিশ্লেষণত পোৱা তথ্যৰ পৰা জনা গৈছে।

ৰঙালাও গুটিৰ আছে কিছুমান অপৰিহাৰ্য গুণ। সামান্য গুটি এটাৰ ইমানবোৰ গুণ থকা বুলি কলে আপোনালোকে হয়তো বিশ্বাস কৰিবলৈ অসুবিধা পাব

  • ৰঙা লাওৰ গুটিত ফেটি এচিড যথেষ্ট পোৱা যায়। ক্ষতিকাৰক কলেষ্টৰেল কমায় আৰু ওজন কমাব পাৰে।

  • ৰঙালাওৰ গুটি খালে হৃদযন্ত্ৰ ভালে থাকে কাৰণ ইয়াত আছে প্ৰয়োজনীয় চৰ্বি, ফাইবাৰ আৰু বিভিন্ন এন্টিঅকচিডেন্ট- যি হৃদযন্ত্ৰ সুস্থ ৰাখিব পাৰে।

  • ডায়েবেটিচৰ কাৰণে ৰঙালাওৰ গুটি ইনচুলিন স্বৰূপ, ই তেজৰ চেনিৰ পৰিমাণ কম কৰে।

    ৰঙা লাওৰ গুটি খালে ভাল টোপনি আহে, ই স্নায়ুবোৰ নিয়ন্ত্ৰণ কৰে কাৰণে ৰঙা লাওৰ গুটিক প্ৰাকৃতিক টোপনিৰ বড়ি বোলা হয়।

  • লাওৰ গুটিয়ে বাত বিষ কমাব পাৰে, এই ৰোগ থকা সকলে নিয়মিত ৰঙা লাওৰ গুটি খোৱা উপকাৰী l

  • ৰঙালাওৰ গুটিত জিঙ্ক থকাৰ কাৰণে পুৰুষৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। ই প্ৰষ্টেট কেন্সাৰো কমাব পাৰে।

  • প্ৰচুৰ পৰিমাণে এন্টিঅকচিডেন্ট থকাৰ কাৰণে ই ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

    ৰঙালাওৰ গুটি কেচাঁতেও খাব পাৰি নাইবা ভাজিও খাব পাৰি।

ৰঙালাওৰ গুটি (শাহ ভাগ) বিষ আৰু পেটৰ কৃমিনাশক । মূত্ৰকৃচ্ছ বা মূত্ৰ বিকাৰতো ই বৰ ফলপ্ৰসূ । মূত্ৰ বিকাৰতো ই বৰ ফলপ্ৰসূ। মূত্ৰ বিকাৰত ইয়াৰ বীজ বা গুটিৰ শাহ ২০, ২৫ গ্ৰাম মান মৌ বা মিশ্ৰিৰ স’তে মিহলাই খালে সুফল পোৱা যায় বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰি ৰঙালাওৰ বীজাণুনাশক গুণো আছে। ইয়াৰ গুটিৰ পৰা এবিধ বিশেষ তেলো পোৱা যায়, যি তেল মূৰত ঘঁহিলে মস্তিষ্ক সবল হয়, স্মৃতিশক্তি বাঢ়ে আৰু নিদ্ৰাহীনতা নাইকিয়া হয়।

উৎস-বিকাশপেডিআ, সংগৃহীত

লগতে পঢ়ক-অসমৰ থলুৱা জাতৰ বিভিন্ন প্ৰকাৰৰ ধান-

English Summary: Health Benefit of Pumpkin seeds
Published on: 10 May 2022, 03:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now