1. উদ্য়ানশস্য়

অসমৰ থলুৱা জাতৰ বিভিন্ন প্ৰকাৰৰ ধান-

KJ Staff
KJ Staff
Indigenous varieties of rice in Assam
Indigenous varieties of rice in Assam

মাণিকীমধুৰি, ভোগজহা, ৰামপাল জহা, কৃষ্ণজহা, ফুটুকী আহিনী, পছাৰভোগ, টঙাপাছি, বদ্ধনা, গুজুৰি, পেটপাখৰী, কেকোৱা, মইনাগিৰী, বৰা, বোকা, কলমদানি আদি৷

দক্ষিণ কামৰূপৰ থলুৱা জাতৰ ধান:-

বৰাধান: গুৱাহটীয়া বৰা, নল বৰা, গাৰো বৰা, খোপাৰাঙি বৰা আদি৷

জহা ধান: মাণিকীমধুৰি জহা, ভোগ জহা, কৃষ্ণ জহা, ৰামপাল জহা, ভুবুৰী জহা (শুং থকা) আদি৷

বদ্ধনা ধান: হাতীমাল বদ্ধনা, জুৰ বদ্ধনা, শিলগুৰি বদ্ধনা বা শিলগুটি বদ্ধনা৷

গুজুৰি ধান: মণি গুজুৰি, ৰঙা গুজুৰি, বগা গুজুৰি আদি৷

ভাৰতৰ প্ৰধানকৈ চাৰিবিধ ধানৰ খেতি কৰা হয়৷ যেনে- শালিধান, আহুধান, বাওধান আৰু বড়োধান৷

শালিধান: শালিধান সচৰাচৰ আহাৰ-শাওন মাহৰ আৰম্ভনিতে ৰোৱা হয় আৰু কাতি আঘোন মাহত চপোৱা হয়৷ শালিধান কেইবা বিধৰো আছে৷ ঠাই বিশেষে মাটিৰ উৰ্বৰতা আৰু জলবায়ু অনুযায়ী বেলেগ বেলেগ শালিধানৰ খেতি কৰা হয়৷ ভাৰতবৰ্ষৰ মুঠ উৎপাদিত ধানৰ ২৩ অংশ শালিধান৷ শালিধানৰ খেতিয়ে বেছি সময় লয়৷ এই খেতি দ্বি-ৰোপণ পদ্ধতিৰে কৰা হয়৷ এই খেতি প্ৰধানকৈ গ্ৰীষ্মকালত পানীৰে উপচি পৰা নিম্নভূমি অঞ্চলত কৰা হয়৷

আহুধান: চ'ত বহাগ মাহত অৰ্থাৎ বাৰিষাৰ ঠিক আগে আগে চহ কৰি এইবিধ ধান সিঁচি দিয়া হয়৷ আহাৰ শাওন মাহত আহুধান চপাব পৰা হয়৷ আহুধানৰ খেতিত আৰম্ভণিতে শালিধানৰ দৰে অধিক বৃষ্টিপাতৰ প্ৰয়োজন নহয়৷ কিন্তু মাজে মাজে দুই এজাক কিনকিনিয়া বৰষুণৰ প্ৰয়োজন৷ বৰষুণ একেবাৰে নহ'লে আহুধানৰ বীজ শুকাই যায়৷ আহুধানৰ বাবে ওখ মাটিৰ প্ৰয়োজন৷ এই খেতি জলসিঞ্চন পদ্ধতিৰেও কৰা হয়৷ আহুধানৰ গড় উৎপাদন শালিধানতকৈ কম৷ এই ধানৰ চাউল শালিধানৰ চাউলতকৈ মোটা আৰু ৰঙা৷ সেয়ে ইয়াৰ চাহিদা কিছু কম৷

বড়োধান: এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়৷ এই খেতি শীতকালত কৰা হয়৷ পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়৷ বড়ো ধানৰ খেতিৰ কাৰণে বেছি দীঘলীয়া দিনৰ প্ৰয়োজন নহয়৷ পিতনি, খাল, বিল আদিৰ কাষৰীয়া দ ঠাই চহাই বড়োধানৰ খেতি কৰা হয়৷ বৰ্তমান অগভীৰ নলী নাদেৰে (Shallow Filter) পানী যোগান ধৰি কিছু ওখ আৰু চৰচাপৰি এলেকাতো বহুলভাৱে বড়োধানৰ খেতি কৰিবলৈ লৈছে৷

বাওধান: বাওধানৰ বাবে শালিধানৰ দৰেই দ মাটিৰ প্ৰয়োজন৷ পিতনি, হোলা বা সদায় পানী বন্ধ হৈ থকা ঠাইৰ ওচৰে-পাজৰে এই ধান ৰোৱা হয়৷ বাওধানৰ খেতিৰ কাৰণে সময় বেছি লাগে৷ সাধাৰণতে আঘোন মাহৰ শেষৰ পৰা পুহ মাহৰ শেষলৈকে এই ধান কাটিব পাৰি৷ এই ধানৰ উৎপাদন কিছু কম৷

(উৎসঃ ইণ্টাৰনেট, অসমীয়া ৱিকিপিডিয়া, সংগৃহীত)

লগতে পঢ়ক-ধানৰ পতান হোৱাৰ সম্ভাৱনা

English Summary: Indigenous varieties of rice in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.