Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 February, 2022 9:50 AM IST
Health Benefit of Paneer

Paneer health Benefits: আপুনি জানেনে কেঁচা পনীৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী? কেঁচা পনীৰত আমাৰ দেহৰ বাবে প্রয়োজনীয় বহুতো পুষ্টি যেনে- প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, ফোলেট, ভিটামিন আৰু কেলচিয়াম থাকে, যি আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল ৷ আপোনাৰ যদি পনীৰ (Paneer) অতি প্রিয়, তেন্তে কেঁচা পনীৰ খাব পাৰে । বিশেষজ্ঞৰ মতে কেঁচা পনীৰ (Raw Paneer) দেহৰ বাবে অতি লাভজনক । কেঁচা পনীৰ খোৱাৰ ফলত আমাৰ স্বাস্থ্য লাভালাভৰ বিষয়ে তলত আলোচনা কৰা হল –

ছালৰ বাবে উপকাৰী

কেঁচা পনীৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় । কিয়নো পনীৰত প্ৰ'টিন, ভিটামিন-A, বি1, বি3, বি6 ৰ লগতে বহুতো পুষ্টি আৰু চেলেনিয়াম, ভিটামিন E, এণ্টিঅক্সিডেণ্ট থাকে যি মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজাৰ সহায়ক । ই ছাল সতেজ আৰু উজ্জ্বল কৰি তোলে।

ওজন হ্ৰাস হয়

কেঁচা পনীৰ খালে ওজন হ্ৰাস হয় ৷ পনীৰত প্রচুৰ পৰিমাণে লিনোলিক এচিড থাকে । যিয়ে দেহৰ চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুত কৰে আৰু অতিৰিক্ত ওজন হ্রাস কৰাত বিশেষ ভূমিকা গ্রহণ কৰে ।

হাড় মজবুত কৰে

কেঁচা পনীৰে হাড় মজবুত কৰাত সহায় কৰে । কেঁচা পনীৰত প্রচুৰ পৰিমাণে কেলচিয়াম আৰু ফছফৰাছ থাকে যি হাড় শক্তিশালী কৰে ।

দেহৰ দুর্বলতা দূৰ কৰে

শৰীৰৰ দুৰ্বলতা আৰু সোনকালে ভাগৰ লগা দূৰ কৰিবলৈ কেঁচা পনীৰ খাব লাগে । পনীৰ বহুতো পুষ্টি থকাৰ বাবে, ই দুৰ্বলতা আৰু ভাগৰ দূৰ কৰিব পাৰে, তদুপৰি ই ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু প্লেটলেট বৃদ্ধি কৰিব পাৰে ।

মানসিক চাপ উপশম কৰে

বর্তমান সময়ত সকলোৰে জীৱনত কম-বেছি পৰিমানে মানসিক চাপ থাকে। গতিকে আপুনি সাময়িকভাৱে হলেও আঁতৰাবলৈ কেঁচা পনীৰ খাব পাৰে। ই আপোনাৰ চাপ দূৰ কৰিব আৰু মানসিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিব।

পাচন তন্ত্ৰ উন্নত কৰে

কেঁচা পনীৰ খালে আমাৰ পাচন প্রক্রিয়া উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিব পাৰি। পনীৰত আইচোটিন আৰু চৰ্বিটল উপাদান থাকে যি এই সমস্যাবোৰৰ পৰা পৰিত্রান পোৱাত সহায় কৰে।

   এই প্ৰবন্ধৰ তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত । কৃষি জাগৰণে এয়া নিশ্চিত নকৰে । এইবোৰ গ্রহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামর্শ  লব

লগতে পঢ়কঃ নিৰামিষভোজীসকলৰ বিষয়ে ৭ টা আচৰিত তথ্য

English Summary: Health Benefit of Paneer
Published on: 28 February 2022, 09:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now