Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 June, 2022 4:14 PM IST
Elephant Apple and its health benefit

অসমীয়াত এষাৰ কথা আছে-"ঔটেঙা, টেকীয়া,পুঠি মাছৰ জোল, খালেহে বুজিবা সোৱাদৰে মূল।"
হয়, ঔটেঙাৰ কথা ওলালেই আমাৰ সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে। ঔটেঙা হ'ল এনে এবিধ টেঙা সোৱাদযুক্ত ফল বা পাচলি, যাক নোখোৱা মানুহ হয়তো খুব কমেই ওলাব। বিশাল আকৃতিৰ বৃক্ষ ঔটেঙাৰ উচ্চতা প্ৰায় ১৫ মিটাৰ হয়। ঔটেঙাৰ ফুল জুন মাহৰ পৰা প্ৰায় ৩ সপ্তাহলৈকে ফুলে। ইয়াৰ পূৰঠ ফলবোৰ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে উপলব্ধ হয়। ঔটেঙাৰ বৈজ্ঞানিক নাম 'Dillenia Indica'।

ইয়াক সংস্কৃতত 'অৱৰ্তকী', ইংৰাজীত 'Elephant apple', হিন্দীত 'চালতা' আৰু নেপালীত 'ৰামফল' নামেৰে জনা যায়। ভাৰতীয় তথা অসমীয়া খাদ্য সংস্কৃতিত ঔটেঙাৰ এক বিশেষ স্থান আছে। ইয়াক প্ৰধানকৈ দাইল বা তৰকাৰীত আনুসংগিক উপকৰণ হিচাপে ব্যৱহাৰ কৰা হয়।বিশেষকৈ পুঠি, খলিহনাৰ দৰে সৰু সৰু মাছৰ পৰা আৰম্ভ কৰি ৰৌ, বৰালিৰ দৰে ডাঙৰ আকাৰৰ মাছ দি ৰন্ধা বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনত ঔটেঙাৰ প্ৰয়োগে ইয়াৰ সোৱাদ দুগুণে বৃদ্ধি কৰে।

পাচনতন্ত্র সুস্থ ৰখাৰ ক্ষেত্ৰত ই এক প্ৰভাৱশালী ঔষধ হিচাপে কৰে। ঔটেঙাত কম বেছি পৰিমাণে প্ৰটিন,আঁহ, চৰ্বি,ফাইবাৰ, কেলছিয়াম,ফছফৰাছআৰু এচক'ৰবিক এচিড পোৱা যায়। ঔটেঙা খালে পেট পৰিষ্কাৰ হয়, যাৰ দ্বাৰা অজীৰ্ণ, কোষ্ঠকাঠিন্য আদি পেটৰ বিকাৰসমূহৰ পৰা হাত হাৰি থাকিব পাৰি। ইয়াৰ বীজলেৰে চুলি ধুলে মূৰৰ উফি নাশ হয় আৰু চুলিৰ উজ্জলতা বাঢ়ে। তদুপৰি মধূমেহ ৰোগীসকলৰ বাবেও ঔটেঙাক এক সুপথ্য হিচাপে গণ্য কৰা হয়।

বিশেষ দষ্ট্ৰব্যঃ- ঔটেঙা খাবলৈ সুস্বাদু আৰু পুষ্টিগুণযুক্ত হলেও কিছুমান ক্ষেত্ৰত ই বিৰুদ্ধ আহাৰ হিচাপে পৰিগণিত হয় । বিশেষকৈ কাহ, লিভাৰৰ সংক্ৰমণ, ব্ৰংকাইটিচ আদিৰ দৰে ৰোগৰ উপসৰ্গই দেখা দিলে ঔটেঙা খোৱা উচিত নহয়।

উৎসঃ বিকাশপেডিয়া (সংগৃহীত)

লগতে পঢ়ক-ঢেঁকীয়া ভাল পায় নেকি আপুনি? কি কি স্বাস্হ্য উপকাৰিতা আছে ঢেঁকীয়াত?

English Summary: Elephant Apple and its health benefit
Published on: 28 June 2022, 04:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now