1. স্বাস্হ্য আৰু জীৱন

পাতেগজা কি? জানক পাতেগজাৰ স্বাস্হ্য উপকাৰিতা আৰু ঔষধি গুণাগুণ!

RAHUL ALI
RAHUL ALI
Kalanchoe Pinnata
Kalanchoe Pinnata

দুপৰ টেঙা(Kalanchoe pinnata) ক পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে গজা(Bryophyllum) বুলিও কোৱা হয়। এই গছৰ পাত এখিলা পাত মাটিত পেলাই থলেই গছ গজি উঠে। অতি সহজে গজা এইবিধ বনষৌধি সকলোৰে ঘৰত থকা উচিত। এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে দুপৰ টোঙা বোলা হয়।

পাতেগজা বা দুপৰ টেঙাৰ বহুতো ঔষধি গুণ আছে বিশেষকৈ প্ৰস্ৰাৱৰ বিভন্ন ৰোগৰ বাবে ইয়াক মহৌষধ বুলি কোৱা হয়।

  • সপ্তাহত তিদিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয়। ইয়াক ৰান্ধি খোৱাৰ পৰিৱৰ্তে চাটনি কৰিও খাব পাৰিলে বিভিন্ন ৰোগ উপশম হয়। তদুপৰি প্ৰস্ৰাৱ বন্ধ হলে বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, হালধীয়া হলে দুপৰ টেঙাৰ পাত চাৰি-পাঁচটামান থেতেলিয়াই নাড়ীত লগাই থলে প্ৰস্ৰাৱ হয়।

  • বৃক্কৰ দোষত ককালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। বৃক্কত পাথৰ হলে এই পাতৰ ৰস খালে পাথৰ ভাঙি প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ হয়। জণ্ডিচ ৰোগতো এই পাতৰ ৰস খালে বহুত উপকাৰ হয়।

  • মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে।

  • কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে।

  • পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ(strongury) ৰোগত দুপৰ টেঙা সুপথ্য।

  • মুত্ৰাঘাত (Retention of urine) ৰোগত দুপৰ টেঙৰ পাত ৫/৬ খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়৷

লগতে পঢ়ক-Cow Dung Business: প্ৰতি কিলো গোবৰ বিক্ৰী কৰি পাব পাৰে ১০০ ৰ পৰা ৩০০ টকা, আৰম্ভ কৰক এই ব্যৱসায়!

English Summary: Health Benefit of Kalanchoe Pinnata

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.