1. স্বাস্হ্য আৰু জীৱন

ঢেঁকীয়া ভাল পায় নেকি আপুনি? কি কি স্বাস্হ্য উপকাৰিতা আছে ঢেঁকীয়াত?

KJ Staff
KJ Staff
Fiddlehead ferns
Fiddlehead ferns

আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম৷ সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ঢেঁকীয়া। গুণগত দৃষ্টিকোণৰ পৰা ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

গতিকে আহঁক আজিৰ এই প্ৰবন্ধটোত ঢেঁকীয়া শাকৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য আলোচনা কৰো-

ঢেকীয়াৰ বিভিন্ন স্বস্হ্য উপকাৰিতা

  • নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে। গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য। নিচিন্ত মনেৰে খাওক৷

  • কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

  • জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

  • বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

  • ৰুচি বৰ্ধক আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

  • পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।

  • লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

  • ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য।

  • ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।

উৎসঃ বিভিন্ন উৎসৰ পৰা সংগৃহীত

 লগতে পঢ়ক-নুনি অথবা মালবেৰী ফল কি? ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কিয় ইমান গুৰুত্বপূৰ্ণ এই নুনি?

English Summary: Medicinal Value of Fiddlehead ferns

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.