1. স্বাস্হ্য আৰু জীৱন

আপুনি ডালিম খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খৱৰ। নিয়মিত ডালিম খালে দূৰ কৰে হৃদৰোগ

KJ Staff
KJ Staff
Bedana benefits for health
Bedana benefits for health

   আৰ্থ্ৰাইটিছৰ দৰে সমস্যাত ভুগিছে নেকি আপুনি? ৰক্তচাপ বৃদ্ধি হৈছে নেকি? কৰ্কট ৰোগ, বা হৃদৰোগ প্ৰতিহত কৰিব বিচাৰে নেকি? তেনেহলে এইটো পোষ্ট আপোনাৰ বাবে গুৰত্বপূর্ণ হব পাৰে। আপুনি জানি আচৰিত হব যে বেদানাই এই সকলোবোৰ বোমাৰৰ পৰা হাত সৰাব পাৰে। বেদানাত থকা যথেষ্ট ফাইবাৰ, জিংক, পটাছিয়াম, লোহা আৰু ওমেগা-6 আদিয়ে এই সমস্যা সমূহ দূৰ কৰিব পাৰে বুলি গৱেষণাত পোৱা গৈছে। ডালিমৰ ফলৰ লগতে ইয়াৰ ৰসো যথেষ্ট উপকাৰী। ইয়াৰোপৰি ডালিমৰ বীজৰ দৰে, ইয়াৰ বাকলি যথেষ্ট লাভজনক৷ ইয়াৰ বাকলি আপুনি চাহ বনাই সেৱন কৰিব পাৰে, ই আমাৰ দেহৰ বাবে বহু বেছি লাভদায়ক৷ 

 এতিয়া ডালিমৰ বাকলিৰে কেনেদৰে চাহ তৈয়াৰ কৰিব পাৰি শিকক -

   ডালিমৰ বাকলিৰে চাহ তৈয়াৰ কৰিবলৈ অতি সহজ। ইয়াৰ বাবে, ডালিমৰ বাকলিবোৰ প্ৰথমে ভালদৰে ধুব। তাৰ পিছত সেইবোৰ শুকাব। শুকোৱাৰ পিছত ভালদৰে গুৰি কৰি লব এটা মিশ্ৰণ তৈয়াৰ কৰিব। তাৰ পিছত, যেতিয়াই আপুনি ডালিমৰ চাহ খাব বিচাৰে, সেই গুৰি এচামুচকৈ চাহপাত হিচাপে ব্যৱহাৰ কৰি খাব পৰে৷ ইয়াত আপুনি নেমুৰ ৰস আৰু মৌ ব্যৱহাৰ কৰিব পাৰে। সকলোৱে বা ডালিমৰ লাভালাভৰ বিষয়ে জানে কিন্তু খুব কম লোকে ইয়াৰ বাকলিৰ পৰা যে চাহ বনাই খাব পাৰি আৰু শৰীৰৰ বাবে যথেষ্ট লাভদায়ক বুলি জানে। গতিকে আজি আপুনি এটা নতুন কথা শিকিলে। ডালিমৰ বাকলিৰে তৈয়াৰ কৰা চাহে দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। 

গতিকে জানো আহক বেদানাৰ আমাৰ দেহৰ কি কি উপকাৰ কৰিব পাৰে -

হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখা - আমাৰ জীৱনশৈলীৰ আটাইতকৈ আতংকৰ ৰোগ হৈছে হৃদৰোগ। ইয়াৰ পৰা বাছি থাকিবলৈ প্রয়োজন এটা স্বাস্থ্যৱান দেহ ৷ আৰু আপোনাৰ শৰীৰ স্বাস্থ্যকৰ ৰাখিবলৈ, আপুনি নিজকে সক্ৰিয় ৰাখিবলৈ নিশ্চয় সদায় যত্ন কৰে। ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্য বিষয়ে যথেষ্ট সতর্কও হয়। আমি আমাৰ নিৰন্তৰ ব্যস্ততাৰ বাবে খাদ্য হিচাপে অত্যাধিক জাঙ্ক ফুড গ্রহণ কৰো যাৰ ফলত আমাৰ হৃদয়ৰ আটাইতকৈ বেছি ক্ষতি হয়। বর্তমান বেদানাক হৃদযন্ত্র স্বাস্থ্যকৰ ৰখাৰ এক উপায় হিচাপে গণ্য কৰা হয় । বেদনাই মাংসৰ পেশীবোৰত ক্ষীপ্র গতিত অক্সিজেন প্ৰদান কৰি হৃদৰোগৰ পৰা বছাব পাৰে বুলি বিশেষজ্ঞসকলে কয়।

ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰখা - আপোনাৰ ছাল সুস্থ কৰি ৰাখিব পাৰে।বেদানা বা ডালিম পমেগ্ৰেনাট তেলে এক ময়েশ্চাৰাইজাৰৰ হিচাপে কাম কৰে আৰু ছালৰ বেক্টেৰিয়াৰ সংক্ৰমণ প্ৰতিহত কৰে। ছালৰ স্বাস্থ্য বজাই ৰখাত ফলিক এচিড, ভিটামিন C, চাইট্ৰিক এচিড, টেনিন সমৃদ্ধ বেদানা বিশেষভাৱে লাভজনক। 

 ৰক্তাহীনতা দূৰ কৰে - ৰক্তহীনতা ৰোগ উপশম কৰিবলৈ বেদানাৰ যথেষ্ট উপকাৰী। কিয়নো বেদানাত প্রচুৰ পৰিমাণে লো পোৱা যায় ৷ তাৰোপৰি খোৱাৰ ক্ষেত্রত বস্তুৰ সোৱাদ বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য প্ৰতিহত কৰে। জণ্ডিচ, বুকুৰ বিষ, কাহ, কণ্ঠস্বৰ পৰিষ্কাৰ কৰাতো সহায় কৰে। পুৰণি পেটৰ ৰোগ আৰু জ্বৰ নিৰাময় কৰাত সহায় কৰে।

হাড় ভালে ৰাখে - হাড়ৰ সংযোগস্থলত কাৰ্টিলেজ নামৰ অস্থিৰস থাকে যি হাড়ৰ ক্ষতি কৰে। বেদানাৰ ৰসত পটাছিয়াম আৰু পলিফেনল পোৱা যায় যি কাৰ্টিলেজৰ ৰোগ প্ৰতিহত কৰাত অতি লাভজনক। তাৰোপৰি হাড়ৰ বিভিন্ন ৰোগ যেনে হাড়ৰ অষ্টিওপোৰোচিছৰ ৰোগৰ পৰা মুক্ত পাব পাৰি।

ৰক্তচাপ হ্ৰাস পায়- বেদানাত প্রচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় হয়। আৰু ই চাপ, উত্তেজনা হ্ৰাস কৰে। 

কৰ্কট ৰোগ প্ৰতিহত কৰে- বেদনাই শৰীৰত কৰ্কট কোষৰ বিকাশত সহায় কৰে। ফলস্বৰূপে, কৰ্কট ৰোগৰ নিজে নিজে মৃত্যু হয়। এই প্ৰক্ৰিয়াটোক এপোটোচিছ বুলি কোৱা হয়। এইদৰে, বেদনাই কৰ্কট ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তাৰোপৰি বেদানাৰ কৰ্কট ৰোগ প্ৰতিৰোধী উপাদানে প্ৰষ্টেট কৰ্কট, স্তন কৰ্কট ৰোগত ভালদৰে কাম কৰে।

ছালৰ উজ্জ্বলতা- বেদানাই পানীৰ লগত খালে ছালৰ উজ্বলতা বঢ়ায়৷

কাহ বা কণ্ঠৰ বিষ নিৰাময় কৰে- গৰম পানীত বেদানাৰ বাকলিৰ পৰা তৈয়াৰ কৰা পাউডাৰ সেৱন কৰিলে কাহ বা কণ্ঠৰ বিষত সকাহ পায়৷

দাঁতৰ সমস্যা আৰু মুখৰ বেয়া গোন্ধ দূৰ কৰে - বেদানাৰ বাকলিৰ পৰা তৈয়াৰ কৰা পাউডাৰ চাহৰ সৈতে মিহলি কৰা আৰু ইয়াক ঠাণ্ডা কৰাটোৱে দাঁতৰ সমস্যা আৰু বেয়া উশাহ আঁতৰ কৰে।

এতিয়া আপোনাৰ শৰীৰৰ জটিল সমস্যাসমূহৰ সমাধান ঘৰতে পাব পাৰে! জানো আহক কেনেকৈ -

 

English Summary: Pomegranate fruits can prevent heart attack' assume it daily

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.