Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 March, 2021 10:45 AM IST
Uric acid on human body

   কেতিয়াবা ভৰিৰৰ বুঢ়া আঙুলিৰ পোৰণি, বিষ, হাতৰ আঙুলি বা কিলাকুটিৰ বিষ, আঠুঁৰ বিষ, শৰীৰৰ গাঁঠি গাঁঠি বিষ আদি সমস্যাই কিছুমান মানুহক বাৰুকৈ অশান্তি দিয়া পৰিলক্ষিত হৈছে। আৰু যেতিয়া এই সমস্যাবোৰ লৈ ব্যক্তিজন ডাক্তৰৰ কাষ চাপে তেতিয়া পৰীক্ষা নিৰীক্ষা কৰা পাছত গম পোৱা যায় যে ব্যক্তিজনৰ ইউৰিক এছিডৰ সমস্যা হৈছে। অর্থাৎ দেহত ইউৰিক এছিডৰ পৰিমান বৃদ্ধি হৈছে।

গতিকে আমি জানো আহক এই ইউৰিক এচিডৰ পৰা কেনেকৈ উপশম পাব পাৰি -

সেউজীয়া চাহ বা GreenTea -

  Green Tea ইউৰিক এচিড ৰোগীৰ বাবে অতি লাভজনক হ'ব পাৰে। ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াবলৈ সহায় কৰে। ই গাঁঠিৰ বিষৰ পৰাও উপশম কৰে। সেউজীয়া চাহ প্রচুৰ পৰিমানে এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যাক ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ অতি সক্ষম বুলি গণ্য কৰা হয়।

    যদি আপুনি নিয়মীয়াকৈ সেউজীয়া চাহ বা Green Tea গ্ৰহণ কৰে তেন্তে আৰ্থ্ৰাইটিছ আৰু ফুলা ক্ৰমান্বয়ে উপশম কৰাৰ এটা উপায় হ'ব পাৰে। আপুনি ইউৰিক এচিডত কিৱি, নেমু আদি ল'ব পাৰে।

আৰু পঢ়ক- ডায়েবেটিচ নিয়ন্ত্রণত আচৰিত ধৰণে সহায় কৰে নহৰু চাহে! কেনেকৈ বনাব নহৰুৰ চাহ, শিকি লওঁক

ইউৰিক এচিড হ্ৰাস কৰাৰ অন্য এক উপায় হৈছে -

   আপেল চিডাৰ ভিনেগাৰ - ইউৰিক এচিডত আপেল চিডাৰ ভিনেগাৰ পান কৰাটো যথেষ্ট লাভজনক বুলি প্ৰমাণিত হৈছিল। আপেল চিডাৰ ভিনেগাৰ আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায়ক। ই হাত আৰু ভৰিৰ বিষত সকাহ প্ৰদান কৰে।

পৰ্যাপ্ত পৰিমাণৰ পানী-  

   ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত পানীয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে এইটোও পৰামৰ্শ দিয়ে যে ইউৰিক এচিড থকা ৰোগীসকলে দিনে কমেও ১০ ৰ পৰা ১২ গিলাচ পানী খাব লাগে।

চেৰী আৰু ষ্ট্ৰবেৰী-

  চেৰী আৰু ষ্ট্ৰবেৰী প্ৰদাহ-বিৰোধী গুণৰে সমৃদ্ধ। ই আপোনাৰ গাঁঠিত সঞ্চিত ইউৰিক এচিডবোৰ প্ৰদাহ-ৰোধী গুণৰ বাবে ফুটাই কাম কৰে।

   আপুনি ইউৰিক এচিডৰ সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব। আপুনি আপোনাৰ আহাৰত পৰ্যাপ্ত পৰিমাণে ভিটামিন C খাব লাগে।

   ই আপোনাক সোনকালে ইউৰিক এচিডৰ পৰা মুক্তি পোৱাত সহায় কৰে। ইউৰিক এচিড থকা ৰোগীসকলে নিয়মীয়াকৈ অনুশীলন কৰিলে যোগাত্মক ফল পায়।

আমাৰ শৰীৰৰত ইউৰিক এচিডৰ পৰিমান কিমান থাকিব লাগেঃ-

   আচলতে এজন প্ৰাপ্ত বয়ষ্কৰ লোকৰ তেজত প্ৰতি ডেচিলিটাৰত ৭ মিলি গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত ৬ মিলি গ্ৰাম প্ৰতি ডেচিলিটাৰত হব লাগে। তেজ পৰীক্ষা দ্বাৰা ইয়াৰ মাত্ৰা নিৰ্ণয় কৰা হয়।

তেজত বেচি ইউৰিক এচিড হোৱাৰ কাৰণসমূহ

(১) হেৰিডিটি বা বংশানুক্ৰমিক

(২) বেচি ইউৰিক এচিড উৎপন্ন কৰা খাদ্য গ্ৰহন

(৩) কিডনিৰ পৰা কমকৈ ইউৰিক এচিড নিৰ্গত হলে

(৪) উপবাস আৰু ক্ষিপ্ৰতাৰে ওজন হ্ৰাস হলে

আনুসংগিক কাৰণসমূহ :

(৫) মদ্যপাণ

(৬) উচ্চ ৰক্তচাপ

(৭)বিভিন্ন দৰব

(৮) কিডনিৰ বিকাৰ ইত্যাদি।

ওজন কমোৱাত এইবিধ খাদ্যই আচৰিত ভাৱে সহায় কৰিব পাৰে, জানক কি?

English Summary: Best way to control uric acid in blood know here in assamese
Published on: 04 March 2021, 10:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now