1. স্বাস্হ্য আৰু জীৱন

ওজন কমোৱাত এইবিধ খাদ্যই আচৰিত ভাৱে সহায় কৰিব পাৰে, জানক কি?

KJ Staff
KJ Staff
Eggs can reduce your weight quickly
Eggs can reduce your weight quickly

    সৰু কণী এটাত কিমান প্ৰ'টিন থাকে আৰু শৰীৰৰ দ্বাৰা ইয়াৰ কিমান প্ৰয়োজন আমি সকলোৱে জ্ঞাত। কিন্তু আমি দেহৰ ওজন হ্ৰাস কৰিবলৈ বহুতো উপায় অবলম্বন কৰো আৰু বিভিন্ন ৰকমৰ খাদ্য গ্রহণ কৰে। আনকি ফার্মাচিৰ ঔষধও ব্যৱহাৰ কৰো। অথচ কণীয়ে যে আমাৰ ওজন হ্রাস কৰাত সহায় কৰিব পাৰে আমি নাজানো। গতিকে ওজন হ্রাস কৰাত কণীয়ে কেনেকুৱা ভূমিকা পালন কৰে, জানো আহক।

    ওজন হ্ৰাস কৰাত কণীৰ এটা ডাঙৰ ভূমিকা আছে। কণীত ওমেগা 3 আৰু প্ৰ'টিন থাকে, সেয়েহে পুষ্টিকৰ আহাৰত ভিতৰত কণীৰ নাম প্ৰথম। কেৱল শাৰিৰীক সুস্থতাৰ বাবেই নহয়, দৈনিক কণী খালে অতিৰিক্ত চৰ্বি দূৰ কৰিব পাৰি।

আৰু পঢ়ক- গ্রীণ চাহ( Green Tea) নে কলা চাহ (Black Tea): কোনটো বেছি স্বাস্থ্যকৰ ?

 

কণীৰ পৰা কি লাভালাভ পোৱা যায়?

1) খাদ্য হজম বৃদ্ধি কৰে - আপোনাৰ কিমান খাদ্য হজম হৈ আছে, তাৰ ওপৰত নির্ভৰ কৰে আপোনাৰ কিমান ওজন হ্ৰাস পাব! এমিনো এচিডে এই হজমত সহায় কৰে। কণীত ন প্ৰকাৰৰ এমিনো এচিড থাকে, যি সোনকালে খাদ্য হজম কৰি ওজন হ্ৰাস কৰাত সহায় কৰে।

2) মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে - কণীত কোলাইন নামৰ এটা উপাদান আছে যি মস্তিষ্ক উন্নত কৰাত আৰু ইয়াক সুৰক্ষিত ৰখাত সহায় কৰে। আমাৰ দেহৰ ওজন কমাৰ লগত সুস্থ মস্তিষ্কৰ এক সম্পৰ্ক আছে। কণীত থকা কোলাইন আৰু লুটিনে, স্মৃতি শক্তি বৃদ্ধি, পেশী সুগঠিত কৰা, অস্থিৰতা দূৰ কৰা, অৱসাদ দূৰ কৰা, আৰু লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

3) থাইৰইড নিয়ন্ত্ৰণত ৰাখক - কণীত আয়োডিন আৰু চেলেনিয়াম থাকে, যি থাইৰইড হৰমনত সামঞ্জস্য আছে। থাইৰইডৰ ওজন হ্ৰাস-বৃদ্ধিৰ সম্পৰ্ক আছে।

আৰু পঢ়ক- আপুনি প্রতিদিনে কাগজৰ কাপত চাহ খাই নেকি বা খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে দুঃখবৰ!

4) পেট টো দীৰ্ঘ সময়ৰ বাবে পূৰ্ণ ৰাখক - কণী খালে যথেষ্ট শক্তি পাব পাৰে, আৰু পেট ভৰ্তি হৈ থাকে। গতিকে বেছি খাদ্যৰ প্ৰয়োজন নাই।

5) কেলৰি গ্ৰহণ নিয়ন্ত্ৰণত ৰাখক - যেতিয়া ওজন হ্ৰাস হোৱাৰ কথা আহে, শৰীৰে কিমান কেলৰি গ্ৰহণ কৰি আছে তাৰ ওপৰত লক্ষ্য ৰখা গুৰুত্বপূৰ্ণ। এটা কণীত 74 কেলৰি, 6 গ্ৰাম প্ৰ'টিন থাকে, ইয়াত ভিটামিন আৰু চৰ্বি থাকে। সেয়েহে কণী খোৱাৰ বাবে যথেষ্ট কেলৰি আৰু পুষ্টি পোৱা যায়।

6) পেটৰ চৰ্বি হ্ৰাস কৰে - কণীৰ কুহুমত ভিটামিন ডি থাকে। ভিটামিন ডিয়ে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

আপুনি ডালিম খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খৱৰ। নিয়মিত ডালিম খালে দূৰ কৰে হৃদৰোগ

English Summary: Eating eggs can reduce your weight quickly

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.