যদি আপুনি অতিৰিক্ত ওজন হ্ৰাস কৰি দিনটো সক্ৰিয় থাকিব বিচাৰে তেন্তে আপুনি ২০ পৰামৰ্শ মনত ৰাখক । দৰাচলতে, আমি আহাৰৰ সৈতে সম্পৰ্কিত বহুতো সৰু সৰু বস্তুৰ প্ৰতি মনোযোগ দিব নোৱাৰো আৰু সততে আমি এনে কিছুমান খাদ্য গ্ৰহণ কৰো যিয়ে আমাৰ শৰীৰত উপকাৰৰ পৰিৱৰ্তে অপকাৰহে বেছি কৰে । আমাৰ শৰীৰটো সুষ্হ কৰি ৰখাৰ লগতে স্বাস্হ্যবান হৈ থাকিবলৈ নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে আমি আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব । গতিকে স্বাস্থ্যৱান হৈ থাকিবলৈ এই পৰামৰ্শবোৰ অনুসৰণ কৰক-
- প্ৰতিদিনে যথেষ্ট পানী খায় আৰু কেলৰি মুক্ত খাদ্য খাওক
- সময়মতে ৰাতিপুৱাৰ আহাৰ খাওক । ৰাতিপুৱাৰ আহাৰ বাদ দিলে বহুতো ৰোগ হ'ব পাৰে ।
- নিৰ্ধাৰিত সময়ত ৰাতিৰ আহাৰ খাওক
- খাদ্যৰ মাজত দীঘলীয়া ব্যৱধান থাকিব নালাগে । গোটেই দিনটো কিবা খাই থাকক
- প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰক
- মচলাযুক্ত বা সুস্বাদু বস্তুৰ ব্যৱহাৰ হ্ৰাস কৰক
- খাদ্যৰ তালিকাত গাজৰ, কমলা আৰু সেউজীয়া পাচলিৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰক
- যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, খাদ্যত নিমখৰ পৰিমাণ হ্ৰাস কৰক
- যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, প্ৰতিদিনে খোৱাৰ আগতে কম কেলৰিযুক্ত পাচলিৰ চুপ খাব
- আপোনাৰ দৈনিক আহাৰৰ ৰেকৰ্ড ৰাখিব, যেনে আপুনি কিমান খাদ্য খাইছিল আৰু আপুনি কিমান পানী খাইছিল
- সম্পূৰ্ণ ৰূপে তেল ভাজি বা ফাষ্ট ফুড হ্ৰাস কৰক । গৱেষণা অনুসৰি ফাষ্ট ফুড খোৱা লোকসকল দ্ৰুতগতিত শকত হয়।
- সময়মতে ৰাতিৰ আহাৰ খাওক আৰু গোটেই দিনটো ফল আৰু পাচলি খাওক
- তেল, মাখন, খাদ্য পৰিমান কমাই দিয়ক
- ৰাতিৰ আহাৰত কাৰ্বোহাইড্ৰেট গ্ৰহণ নকৰিব
- ৰাতিৰ আহাৰৰ পিছত একো নাখাব
- ৰাতিৰ আহাৰৰ সময়ত জলপান খোৱা পৰিহাৰ কৰক
- স্বাস্থ্যৱান শৰীৰৰ বাবে নিশা ভালকৈ টোপনি মাৰক
লগতে পঢ়কঃ শীতকালত ছালৰ ৰূক্ষতা দূৰ কৰিবলৈ খাদ্যৰ তালিকাত কি কি ৰাখিব আপুনি