1. স্বাস্হ্য আৰু জীৱন

শীতকালত ছালৰ ৰূক্ষতা দূৰ কৰিবলৈ খাদ্যৰ তালিকাত কি কি ৰাখিব আপুনি

KJ Staff
KJ Staff
dry skin in winter season
dry skin in winter season

শীতকালত ছাল শুকান হোৱা সমস্যাৰ পৰা পৰিত্রান পাবলৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত ৰাখক কেইবিধমান বিশেষ খাদ্য । আমাৰ সকলোৰে শীতকালত শুকান ছালৰ সমস্যা (winter skincare) ই দেখা দিয়ে । ইয়াৰ বাবে আমি সঠিক সময়ত ছালৰ যত্ন ল'ব লাগিব।

সেয়েহে আজি আমি লৈ আহিছো এই সমস্যাৰ পৰা মুক্ত হোৱাৰ কেইটামান উপায় ৷ আপুনি হয়টো কেৱল ক্ৰীম বা ময়েশ্চাৰাইজাৰ লগাই ইয়াৰ সমাধন পাইছে । কিন্তু ইয়েই যথেষ্ট নহয়, আপুনি খাদ্যৰ ওপৰতো গুৰত্ব দিব লাগিব । তলত উল্লেখ কৰা এই খাদ্যবোৰ আহাৰত নিয়মীয়াকৈ ৰাখক ছাল ভিতৰৰ পৰাই যথেষ্ট হাইড্ৰেটেড হৈ থাকিব।

skin care
skin care

বাদাম:

বাদামত বিভিন্ন এণ্টিঅক্সিডেণ্ট, ভিটামিন ই আৰু গুৰুত্বপূৰ্ণ ফেটি এচিড থাকে। এই উপাদানবোৰে আমাৰ ছালক ভিতৰ আৰু বাহিৰ দুয়োফালে ময়েশ্চাৰাইজ কৰি ৰাখে। নিয়মীয়াকৈ বাদাম খোৱাৰ ফলত ছালৰ কোষৰ ক্ষতি মেৰামতি হয়। ফলস্বৰূপে, শীতকালতো ছাল ফাটি নাযায়।

 মাছ:

অমেগা ৩ ৰ প্রধান উৎস হৈছে মাছ ৷ ছালৰ বাবে অমেগা ৩ অতি গুৰুত্বপূৰ্ণ ৷ অৱশ্যে, কেতিয়াবা মাছৰ আঞ্জা বা জোল খোৱাৰ সলনি কেতিয়াবা গ্ৰিলড বা বেক কৰা মাছ খাব ৷ মাছৰ অমেগা ৩এ প্ৰদাহ হ্ৰাস কৰি ছালখন উজ্জ্বল কৰি ৰাখে

চয়াবীন:

নিৰামিষ আৰু ভেগান খাদ্যাভ্যাসত চয়াবীন অতি গুৰুত্বপূৰ্ণ৷ চয়াবীনত আইচফ্লেভন থাকে ৷ এইবোৰে কোলাজেন উৎপাদন কৰে ৷ ফলস্বৰূপে ছালত কোঁচ নপৰে৷ চয়াবীনৰ সলনি টফু বা চয়ামিল্কো খাব পাৰে ৷

কণী:

কণীত ছালফাৰ আৰু লেটাইন থাকে ৷ এই দুটা উপাদানে ছালৰ আৰ্দ্ৰতা বজাই ৰাখে ৷ ৰাতিপুৱাৰ আহাৰত কণী একাধিক ৰূপত ৰাখিব পাৰি ।

বিলাহী:

ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থকা বাবে বিলাহীয়ে ছালৰ ওপৰত বয়সৰ চাপ পৰিব নিদিয়ে। বয়সে ছালকো প্ৰভাৱিত নকৰে । আপুনি অলপ তেলত বিলাহী পিউৰি খাব পাৰে।

লগতে পঢ়কঃ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পঃ কাৰিকৰী মেপিংৰ বাবে ড্ৰোন জৰীপ আৰম্ভ

English Summary: winter season food for skin care

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.