Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 January, 2023 6:01 PM IST
Organic skincare

বিগত কেইবছৰমানৰপৰা, বিশেষকৈ মহামাৰী আৰম্ভ হোৱাৰ পিছৰেপৰা অধিক সংখ্যক লোক জৈৱিক আৰু প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰৰ দিশত আগবাঢ়িছে। এতিয়া আমি কি খাই আছো, ইয়াৰ দ্বাৰা আমাৰ কেনে উপকাৰ হ’ব আৰু আমি খোৱা খাদ্যৰ কি কি অসুবিধা আছে সেই বিষয়ে অধিক সজাগ আৰু সচেতন হৈ পৰিছো। কেৱল খাদ্যই নহয়, মানুহৰ সৌন্দৰ্য্য আৰু ছালৰ যত্নৰ ক্ষেত্ৰতো এই পৰিৱৰ্তন দেখা গৈছে। গ্ৰাহকৰ সজাগতা বৃদ্ধিৰ লগে লগে মানুহে ক্ৰমান্বয়ে জৈৱিক সৌন্দৰ্য্য চৰ্চাৰ ফালে অগ্ৰসৰ হ’ল। 

আমেৰিকাৰ কৃষি বিভাগৰ মতে জৈৱিক সামগ্ৰী হ’ল ৯৫% বা তাতকৈ অধিক জৈৱিকভাৱে পোৱা উপাদানৰে প্ৰস্তুত কৰা সামগ্ৰী। এই সামগ্ৰীসমূহ কীটনাশক, বায়’ইঞ্জিনিয়াৰিং উপাদান বা তেল ভিত্তিক যৌগ অবিহনে তৈয়াৰ কৰা হয়, যিবোৰ উপাদান জলবায়ুৰ লগতে ব্যৱহাৰ কৰা ব্যক্তিজনৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।

জৈৱিক সৌন্দৰ্য্য চৰ্চাৰ লাভালাভসমূহঃ

ছালৰ বাবে ভাল

ৰাসায়নিক উপাদানেৰে তৈয়াৰী সামগ্ৰীয়ে আপোনাক দ্ৰুত ফলাফল দিব পাৰে যদিও ই আপোনাৰ ছালৰ ছিদ্ৰ বৃদ্ধি কৰিব পাৰে, ছালৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে আৰু ছালৰ প্ৰতিৰোধ ক্ষয় কৰিব পাৰে। ইয়াৰ বিপৰীতে জৈৱিক সৌন্দৰ্য্য চৰ্চাৰ সামগ্ৰীয়ে সময়ৰ লগে লগে আপোনাৰ ছালখনক শক্তিশালী কৰি তোলে আৰু প্ৰাকৃতিকভাৱে সুস্থ হ’বলৈ প্ৰস্তুত কৰে।

অধিক উপকাৰী

উদ্ভিদ ভিত্তিক সামগ্ৰীত এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে আৰু ই ছালৰ বাবে অত্যন্ত উপকাৰী। ছালৰ যত্ন লোৱা জৈৱিক সামগ্ৰীত ৯৫% বা তাতকৈ অধিক সক্ৰিয় উপাদান থাকে। আনহাতে কৃত্ৰিম সামগ্ৰীত মাত্ৰ ৫-১০% এনে উপাদান থাকে।

আপোনাৰ স্বাস্থ্যৰ বাবে ভাল

বহুতো ছালৰ যত্ন লোৱা সামগ্ৰীত এণ্ডক্ৰাইন বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ যেনে ফ্থালেট, ছডিয়াম ল’ৰিল, ছালফেট, পেৰাবেন আদি থাকে। এই কাৰ্চিনোজেনবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা, প্ৰজনন আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ ক্ষতি কৰিব পাৰে। যিমানেই বেছি প্ৰডাক্ট ব্যৱহাৰ কৰিব সিমানেই শৰীৰত বিষাক্ত পদাৰ্থ প্ৰৱেশ কৰে। ইয়াৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে জৈৱিক সামগ্ৰীয়ে এই কাম নকৰে।

নিৰাময় শক্তি আছে

জৈৱিক সৌন্দৰ্য্য চৰ্চাৰ সামগ্ৰীৰ আটাইতকৈ ভাল কথাটো হ’ল ইয়াৰ নিৰাময় শক্তি আছে যিটো আমি প্ৰায়ে স্বাভাৱিক বুলিয়েই লওঁ। দীৰ্ঘদিন ধৰি প্ৰকৃতিত পোৱা উপাদানসমূহ ছালৰ ৰোগ নিৰাময়ৰ ঔষধত ব্যৱহাৰ কৰা হৈ আহিছে। একেদৰে প্ৰাকৃতিক উপাদানসমূহ ছালৰ বাবে যাদুকৰীভাৱে ফলপ্ৰসূ হ’ব পাৰে কাৰণ ইয়াত প্ৰচুৰ খনিজ পদাৰ্থ থাকে।

নিষ্ঠুৰতামুক্ত ব্যক্তিগত সামগ্ৰী

সৌন্দৰ্য্য উদ্যোগসমূহে নিজৰ সামগ্ৰীসমূহ জীৱ-জন্তুৰ ওপৰত পৰীক্ষা কৰি মানুহৰ ব্যৱহাৰৰ বাবে সুৰক্ষিত হোৱাটো নিশ্চিত কৰে। অৱশ্যে ইয়াৰ বাবে উদ্যোগসমূহ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। জৈৱিক সামগ্ৰীসমূহ এই প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ প্ৰয়োজন নাই কাৰণ ইয়াত প্ৰাকৃতিক উপাদান থাকে যিবোৰৰ ব্যৱহাৰ নিৰাপদ। যেতিয়া আপুনি জৈৱিক ছালৰ যত্ন লোৱা সামগ্ৰী কিনে, তেতিয়া আপুনি নিষ্ঠুৰতামুক্ত সামগ্ৰীক সমৰ্থন কৰাটো সূচায়।

পৰিৱেশৰ বাবে ভাল

যিহেতু জৈৱিক ছালৰ যত্নৰ সামগ্ৰীত প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা হয়, আৰু এই উপাদানসমূহ প্ৰাকৃতিক জলবায়ুত উতপাদন কৰা হয় সেয়ে জৈৱিক ছালৰ যত্নৰ সামগ্ৰী তৈয়াৰ কৰাৰ সময়ত ইহঁতে অপচয় হ্ৰাস কৰে। এই সামগ্ৰীসমূহত কৃত্ৰিম যৌগ নাথাকে, গতিকে জলবায়ুৰ কোনো ক্ষতি নহয়।

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়কঃ ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী নলবাৰীৰ জুনু নাথ আৰু দৈৱকী নাথ

English Summary: benefits of organic skincare products
Published on: 29 December 2022, 04:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now