Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 April, 2021 7:36 PM IST
Tips for Hair care

    আপুনি আপোনাৰ চুলখিনিৰ যত্ন অতি কম খৰচতে আৰু কিছুমান সহজলভ্য উপাদানেৰে কিদৰে যত্ন লব পাৰে আৰু চুলিৰ নানান সমস্যাৰ পৰা ৰক্ষা পাব পাৰে তাকে আজি আলোচনা কৰিম-

    একোছা ঘন, মিহি, উজ্জ্বল, লহপহিয়া চুলিৰ গৰাকী হবলৈ আমি সকলোয়ে বিচাৰো, নহয় জানো? পুৰুষ মহিলা উভয়ে স্বাস্থ্যবান সুন্দৰ চুলিৰ গৰাকী হোৱাৰ বাবে কত যে কি নকৰে, দামী দামী চেলুন, পার্লাৰত কেৱল চুলিখিনিৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰো। কিন্তু তেনে কৰাৰ ফলত চুলিত নানা ধৰণৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ বাবে আমাৰ নানা ধৰণৰ পার্শ্বক্রিয়া হোৱা দেখা যায়। তাৰোপৰি আন কিছুমান সমস্যা টোপনি ক্ষতি, মানসিক চাপ, আসোঁৱাহ পূৰ্ণ খাদ্যাভ্যাস আদিৰ বাবে বেছিভাগ লোকৰে কম বয়সতে চুলি পকা, চুলি সৰা, তপা হোৱা, চুলি ৰুক্ষ হোৱা, ফটা আদি বিভিন্ন সমস্যাই দেখা দিয়ে। এনেবোৰ সমস্যা সমাধানৰ বাবে আমি ঘৰতে বা অতি সহজতে উপলব্ধ কিছুমান উপদান ব্যৱহাৰ কৰি সুফল পাব পাৰো। গতিকে চাওঁ আহকচোন এই সম্বন্ধে -

1. পিয়াঁজ(Onion) -

   সুন্দৰ আৰু শক্তিশালী চুলিৰ বাবে পিয়াঁজৰ প্ৰয়োগ অতীজৰ পৰাই কৰি অহা হৈছে আৰু ই এবিধ অতি কার্য্যকৰী আৰু ঘৰুৱা সহজ উপায়। পিয়াঁজত প্ৰচুৰ পৰিমাণে ছালফাৰ(sulpher) পোৱা যায়। পিঁয়াজে কোষ সমূহত কোলাজেন(collagen) সৃষ্টি কৰি চুলি গজাত সহায় কৰে। তাৰোপৰি ইয়াৰ এন্টিফাংগেল গুণৰ বাবে মূৰৰ ছালত হব পৰা বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰিব পাৰে।

কেনেকৈ ব্যৱহাৰ কৰিব -

 প্রথমতে পিয়াঁজ এটা ঘঁহি তাৰ ৰস উলিয়াই লব। সেই ৰস চুলিৰ গুৰিৰ পৰা আগলৈ ভালদৰে লগাব। তাৰ পিছত প্রায় 10-15 মিনিটমানৰ ভিতৰত কোমল চেম্পুৰে ধুব লাগে। এইদৰে সপ্তাহত এবাৰ বা দুবাৰ কৰিব আৰু কম দিনৰ ভিতৰতে পৰিপর্তন লক্ষ্য কৰিব। দেখিব আপোনাৰ চুলি ঘন, মিহি আৰু চিকচিকিয়া হৈ পৰিছে।

আৰু পঢ়ক- আপুনি এজন মীন পালক নেকি? কম খৰচতে কেনেদৰে পোনা উৎপাদন কৰিব পাৰে শিকি লওক -

2. আমলখি(Indian gooseberry)-

    আমাৰ আটাইৰে পৰিচিত আৰু সহজলভ্য ফল আমলখিয়ে আমাৰ চুলিৰ বাবে যথেষ্ট পুষ্টি যোগান ধৰিব পাৰে। কিয়নো আমলখি নানা প্রকাৰৰ পুষ্টিকৰ উপদানেৰে সমৃদ্ধ। আমলখিত প্ৰচুৰ পৰিমাণে থকা তত্ববিধ হৈছে ভিটামিন-চি। চি ভিটামিনে চুলি গজা আৰু দীঘল হোৱাত সহায় কৰে। তাৰোপৰি আমলখিয়ে চুলি ক'লা কৰাটো সহায় কৰে।

ব্যৱহাৰৰ বিধি-

   দুই চামুচ কেঁচা আমলখিৰ ৰস বা পাউদাৰ সম পৰিমাণৰ নেমুৰ ৰসৰ লগত মিহলাই চুলি আৰু চুলিৰ গুৰিত লগাব লাগে। তাৰপিছত চুলিখিনি শুকাবলৈ দিব লাগে। শুকোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে চুলিখিনি ধুই পেলাব লাগে। এইদৰে কিছুদিন কৰাৰ পাছত দেখিব আপোনাৰ চুলি ঘন দীঘল লহপহীয়া হৈ পৰিছে। 

3. মেথিগুটি(Fenugreek seeds)-

  অতীজৰে পৰাই মেথিগুটি চুলিৰ বিভিন্ন সমস্যাৰ মহৌষধি হিচাপে গণ্য কৰা হয়৷ মেথিগুটিত থকা প্ৰটিন আৰু নিক'টিনিক এচিডে চুলিৰ ফলিকল সমূহক উত্তেজিত কৰি চুলি গজাত সহায় কৰে। তাৰোপৰি মেথিয়ে চুলি যথেষ্ট মিহি আৰু উজ্জ্বল কৰি তোলে। উফিৰ সমস্যা থকাসকলে মেথি প্ৰয়োগৰ ফলত যথেষ্ট সুফল লাভ কৰিব পাৰে।

ব্যৱহাৰৰ বিধি-

  এক বা দুই চামুচ মেথিগুটি ৰাতি পানীত তিয়াই থব লাগে। পিছদিনা পুৱা ভালদৰে মিহিকৈ পিচি লব লাগে। তাত অলপ নাৰিকল তেল বা নাৰিকলৰ গাখীৰ মিহলাই চুলিত সানিব লাগে। আধাঘণ্টা পাছত কোমল শেম্পুৰে চুলিখিনি ধুই পেলাব লাগে। এইদৰে কিছুদিন কৰাৰ পাছত আপুনি নিজেই অনুভৱ কৰিব আপোনাৰ চুলিখিনি কিমান সুন্দৰ হৈছে। মেথিগুটিৰ সলনি কেঁচা মেথিশাকো ব্যৱহাৰ কৰিব পাৰে।

আৰু পঢ়ক- আপুনি সচৰাচৰ খাই থকা কাঠফুলা দেহৰ বাবে উপযুক্ত হয় নে নহয় কেনেকৈ চিনাক্ত কৰিব? নে আপুনি বিষাক্ত কাঠফুলা খাই আছে? সকলো ইয়াত জান লওক

English Summary: 3 best tips for hair thin and growth
Published on: 06 April 2021, 07:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now