Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 March, 2023 2:50 PM IST
Assam agri budget 2023

অসম বাজেটত কৃষকৰ বাবে নতুন আশাৰ ৰেঙনি। ২০২৩-২৪ বৰ্ষত বাজেতত কৃষকৰ বাবে আবণ্টিত মুঠ পুঁজিৰ পৰিমাণ হৈছে ₹২১৬১.৭৪ কোটি টকা। যোৱা তিনি বছৰত কৃষিজাত শস্যৰ ৰপ্তানি ২০০% বৃদ্ধি হৈ ২৪০ কোটিৰ পৰা ২১৪০ কোটি টকালৈ বৃদ্ধি হৈছে। ধান খেতি কৰাৰ পিছত বছৰৰ বাকী সময়ত আন শস্য উৎপাদন কৰা কৃষিভূমি, বিশেষকৈ সৰিয়হ মাহজাতীয় শস্য, মাকৈ আৰু আলুৰ বাবে বৰ্তমানৰ প্ৰায় ১০ লাখ হেক্টৰৰ পৰা বিশাল পৰিসৰত সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তক ৫ বছৰত প্ৰায় ২ লাখ হেক্টৰৰ ভূমিত তালজাতীয় তেলৰ খেতি কৰা হ’ব। ভঁৰাল মিশ্যনৰ অধীনত ১ নিযুত টন পৰিমাণৰ কৃষি আৰু উদ্যানত শস্য মজুত ৰাখিব পৰা ভঁৰাল গৃহ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে। আনহাতে নেনো-ইউৰিয়াৰ উপলব্ধতা বৃদ্ধি কৰি ইয়াৰ ব্যৱহাৰ প্ৰসাৰৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ২০২৩-২৪ বৰ্ষৰ কৃষি বাজেটত উল্লেখ কৰা হৈছে।

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেটখন একত্ৰীকৰণ আৰু সম্প্ৰসাৰণ বিষয়ক বাজেট বুলি উল্লেখ কৰে। 

২০২৩-২৪ বৰ্ষৰ কৃষি বাজেটৰ চাৰিটা লক্ষ্য:

  • উজ্জীৱিত অসমৰ ভেটি নিৰ্মাণৰ লক্ষ্য বাজেটত।
  • দৰিদ্ৰতা, নিবনুৱা সমস্যা দূৰ কৰাৰ লক্ষ্য বাজেটত।
  • মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটিৰ সীমা অতিক্ৰমৰ লক্ষ্য।
  • চলিত বৰ্ষত ১০ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ লক্ষ্য।নিষ্পত্তি নোহোৱা গোচৰৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ।

দৰিদ্ৰতা নিবাৰণৰ বাবে বাজেটত চাৰিটা পন্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। সেই চাৰিটা হৈছে – অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষাৰ নিশ্চিতি আৰু মুখ্যমন্ত্ৰীৰ আবাস যোজনা: সকলোৰে বাবে গৃহ।

অৰুণোদয় আঁচনিৰ অধীনত অতিৰিক্ত ১০ লাখতকৈ অধিক নতুন লোকক সংযোজনৰ লক্ষ্য লোৱা হৈছে বাজেটত। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১৫০ টকা বৃদ্ধি কৰি ১৪০০ টকা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৩,৪২০ কোটি টকা।

মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিখনে সকলো পৰিয়ালকে সামৰি ল’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে। প্ৰতিটো পৰিয়ালক দিয়া হ’ব নগদবিহীন কাৰ্ড। ইয়াৰ বাবে বাজেটত ১৩৫ কোটি টকা ধাৰ্য কৰা হৈছে। 

ইফালে, ২০২৩–২৪ বৰ্ষত মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে ৮০০ কোটি টকা আবণ্টন বাজেটত।

ৰাজ্য চৰকাৰৰ ধান ক্ৰয় অভিযানৰ পৰা উপকৃত হৈছে ৰাজ্যখনৰ ৪৩,৯৭৮ গৰাকী কৃষক। বিধানসভাত বাজেট দাখিলৰ সময়ত এই কথাও প্ৰকাশ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। এই সন্দৰ্ভত তেওঁ কয়, ৰাজ্য চৰকাৰৰ ধান ক্ৰয় অভিযানৰ জড়িয়তে কৃষকসকলে প্ৰায় ১,০৯৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে চৰকাৰে এইবাৰ খাৰিফ বতৰৰ শেষলৈকে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃ Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

English Summary: What's there for farmers in Assam budget?
Published on: 17 March 2023, 02:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now