Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 16 November, 2024 2:54 PM IST
Chief Minister’s Atmanirbhar Asom Abhijan 2.0

মুখ্যমন্ত্ৰাী আত্মনিৰ্ভৰ অসম অভিযান ২.০ আবেদনৰ অন্তিম দিন সমাগত। ১৮ নৱেম্বৰ ২০২৪ অন্তিম অন্তিম দিন। যিসকলে আবেদন কৰা নাই তেওঁলোকৰ হাতত মাথো দুটা দিন। অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে বা স্বনিৰ্ভৰশীল কৰি তোলা লক্ষ্যৰে ২০২৩ বৰ্ষত গ্ৰহণ কৰা হৈছিল "মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান" ( CMAAA = Chief Minister Atmanirbhar Asom Abhiyan ) আঁচনি। খুব কম সুত আৰু ৰাজ্যসাহাৰ্যত ২-৫ লাখ পৰ্যন্ত এই আঁচনিৰ অধিনত নিৱনুৱা যুৱক-যুৱতীসকলে কোনো লঘু উদ্যোগ, ব্যৱসায়-বাণিজ্য কৰিবলৈ লাভ কৰিব ঋণ।

বিগত বৰ্ষত প্ৰথম সংস্কৰণ সম্পন্ন হৈ যোৱাৰ পিছত আঁ‌চনিখনৰ দ্বিতীয় সংস্কৰণৰ ( CMAAA 2.0) বাবে নাম পঞ্জীয়ন প্ৰক্ৰিয়া চলি আছে। অসমৰ স্থায়ী বাসিন্দা নিবনুৱা যুৱক-যুৱতী সকলে অনলাইন পদ্ধতিত এই  http://cmaaa.assam.gov.in ৱেবছাইটত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব । আঁ‌চনিখনত নাম পঞ্জীয়নৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ বাবে ২০০/- টকা আৰু অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১০০/- টকা মাচুল দিব লাগে। নাম পঞ্জীয়নৰ শেষ তাৰিখ ১৮ নৱেম্বৰ ২০২৪ ।

এই আঁচনিখনৰ লাভ উঠাবলৈ কিছুমান যোগ্যতা লাগিব যেনে- আপোনাৰ বয়স ২৮ বছৰ হ’ব লাগিব। মেট্ৰিক পাছ কৰা হ’ব লাগিব।  আধাৰ কাৰ্ড, লোণ নোলোৱা বেংক একাউন্ট, পান কাৰ্ড আৰু  Employment Exchange Registration Card লাগিব। এইখিনি যোগ্যতা আৰু নথি-পত্ৰ থাকিলেই আপুনি CMAAA 2.0ৰ বাবে কৰিব পাৰিব আবেদন।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ জৰিয়তে ২-৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । এই আঁচনিৰ প্ৰথম প্ৰথম সংস্কৰণৰ অধীনত ২৫ হাজাৰ যুৱ উদ্যোগীয়ে লাভ কৰিছিল এই ধন।

লগতে পঢ়ক- 

এডোখৰ মাটিতে কেনেকৈ বছৰত দুটা খেতি কৰে পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকে!

English Summary: Last Date of Chief Minister’s Atmanirbhar Asom Abhijan 2.0
Published on: 16 November 2024, 02:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now