Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 June, 2023 11:17 AM IST

সাধাৰণ অৰ্থত উদ্যমিতা বুলিলে কোনো বিত্তীয় ক্ষতি শংকা গ্ৰহণ কৰি সৃজনী প্ৰতিভা তথা সৃষ্টিশীলতাৰ জৰিয়তে সাংগঠনিকভাৱে ব্যৱসায় বা অৰ্থনৈনিত কাৰ্য সম্পাদন কৰি নিয়োগ সৃষ্টিৰ প্ৰক্ৰিয়াক বুজায়। গ্ৰামাঞ্চলত মহিলাৰ উদ্যমিতাই বহনক্ষম কৃষিখণ্ডৰ লগত  সামঞ্জস্য ৰাখি কম খৰচত সৃষ্টিশীলতা আৰু নতুনত্বৰ জৰিয়তে ৰপ্তানিযোগ্য আৰু লাভজনক ব্যৱসায়সমূহক সামৰি লয়।

গ্ৰাম্যখণ্ডৰ নিৱনুৱা আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰাম্য উদ্যমিতা বিকাশ হোৱাটো নিতান্তই গুৰুত্বপূৰ্ণ। বিশ্বায়নৰ অৰ্থনীতিৰে আৰু মহিলাৰ সৱলীকৰণ তথা আত্মনিৰ্ভৰশীলতাই সমাজ ব্যৱস্থাক যথেষ্ট সলনি কৰিলে। যাৰ পৰিপ্ৰেক্ষিটত আজি চহৰ আৰু গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰত বিশেষকৈ মহিলাৰ উদ্যমিতাত মহিলাৰ অংশগ্ৰহণ উল্লেখযোগ্য। গ্ৰামাঞ্চলত আত্মসহায়ক গোটসমূহে মহিলাৰ উদ্যমিতা বিকাশৰ পথ প্ৰশস্ত কৰি তুলিছে।

ভাৰতৰ অৰ্থনৈতিক পিয়লৰ মতে, ৫৮.৫ নিযুত উদ্যমীৰ বিপৰীতে ১৩.৭৬ শতাংশ মহিলাৰ উপস্থিতি দেখা গৈছে। গ্ৰাম্য উদ্যমিতাৰ বিকাশে গাঁৱৰ মহিলাসকলক নিজৰ ব্যক্তিগত সৃজনী প্ৰতিভাৰ বিকাশ সাধন কৰি অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহনৰ ক্ষেত্ৰত স্থান উন্নীত কৰাৰ লগতে  সমাজ আৰু দেশৰ প্ৰগতিৰ বাহক হিচাপে কাম কৰে। বৰ্তমান অসমত গ্ৰাম্যখণ্ডৰ মহিলাসকলক নিজৰ ব্যক্তিগত সৃজনী প্ৰতিভাৰ বিকাশ সাধন কৰি অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থান উন্নীতকৰণৰ লগতে সমাজ আৰু দেশৰ প্ৰগতিৰ বাহক হিচাপে কাম কৰে। বৰ্তমান অসমত গ্ৰাম্যখণ্ডৰ মহিলাসকলক পৰম্পৰাগত কুটিৰশিল্প যেনে- তাঁচ শালৰ বস্ত্ৰ উৎপাদন, চুপাৰী. তামুলৰ ব্যৱসায়, ঔষধি দ্ৰব্যৰ উৎপাদন আদিত নিয়োজিত হৈ গ্ৰাম্যখণ্ডৰ উদ্যমিতা বিকাশৰ পথ সূচল কৰি আহিছে। এইক্ষেত্ৰত আত্মসহায়ক গোটৰ অৱদান উল্লেখযোগ্য। মহিলাৰ উদ্যমিতাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিয়া অসুবিধাসমূহ যেনে- আত্মবিশ্বাসৰ অভাৱ, ক্ষতি, শংকাবহনৰ প্ৰতি অনিচ্ছা, উপযুক্ত শিক্ষাৰ অভাৱ, নেতৃত্ব বহনৰ প্ৰতি অনীহা, তথ্য আৰু সহায়ৰ অভাৱ, পৰিয়াল তথা সামাজিক নীতি-নিয়মৰ বাধা আদি আত্মসহায়ক গোটৰ  উপস্থিতিয়ে যথেষ্ট লাঘৱ কৰিছে। বিশেষকৈ গ্ৰাম্যখণ্ডত মহিলাৰ উদ্যমিতাই  স্থানীয় সম্পদ আৰু  সৃজনী প্ৰতিভাৰ ব্যৱহাৰ আৰু বিকাশ ঘটাই নিয়োগ সৃষ্টি কৰাৰ লগতে পৰিয়ালৰ আয়ৰ বৃদ্ধিৰ পথ সচল কৰি তুলিছ। সেয়ে বৰ্তমান ভাৰত তথা অশমৰ গ্ৰাম্যখণ্ডৰ সকলো ক্ষেত্ৰতে মহিলাৰ অৰ্থনৈতিক অৱদান যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে।

লগতে পঢ়ক- 

ধানৰ বীজৰ ব্যৱসায় আৰু ধান খেতি কৰাসকলে এই লেখাটো পঢ়ক!

গ্ৰাম্যখণ্ডৰ উদ্যমিতা বিকাশে নিযোগ সৃষ্টি, আয়বৃদ্ধি, সুষম আঞ্চলিক উন্নয়ন, চহৰ আৰু গ্ৰামাঞ্চলৰ প্ৰবজন ৰোধ কৰাৰ লগতে  প্ৰাকৃতিক পৰিৱেশগত ভাৰসাম্য ৰক্ষাত সুবিধা প্ৰদান কৰি অব্যৱহৃত সম্পদসমূহৰ সুব্যৱহাৰ কৰাকত সহায় কৰে। কভিডোত্তৰ অৰ্থনীতিয়ে যদিও গ্ৰাম্যখণ্ডত চহৰ অঞ্চলৰ নিচিনাকৈ বিৰোপ প্ৰভাৱ পেলাইছিল, বৰ্তমান মিডিয়া আৰু ইন্টাৰনেটৰ প্ৰসাৰে গ্ৰাম্যখণ্ডটো মহিলাৰ উদ্যমিতা বিকাশৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। প্ৰতিগৰাকী মহিলা উদ্যোগীয়ে বৰ্তমান ইন্টাৰনেটৰ সহায়ত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উল্লেখযোগ্য বজাৰ সৃষ্টি কৰাত ভূমিকা লোৱা দেখা গৈছে।

বৰ্তমান কৃষিখণ্ডৰ ব্যয় অত্যধিক হোৱাৰ বাবে গ্ৰাম্য মহিলাসকলক বিকল্প আয়ৰ উপাৰ্জনৰ পথ একমাত্ৰ উদ্যমিতা বিকাশে দিব পাৰে। তাৰবাবে প্ৰয়োজন হয় মাঁথো নিজৰ আত্মবিশ্বাস, সাহস, কাম কৰাৰ আগ্ৰহ তথা ধৈৰ্য। এইকেইটা গুণ আয়ত্ত কৰিব পাৰিলে উদ্যমিতা বিকাশৰ আন বাধাসমূহ অনায়াসে অতিক্ৰম কৰিব পাৰিব।বৰ্তমান মহিলা উদ্যমিতা বিকাশৰ বাবে চৰকাৰে বিভিন্নসময়ত বিভিন্ন আঁচনি আৰু ব্যৱস্থাৰ সৃষ্টি কৰি আহিছে। মাত্ৰ আমাৰ মহিলাসকলে  সজাগ নহয় বাবেই এইক্ষেত্ৰত আগবাঢ়িব পৰা নাই। তলত চৰকাৰে গ্ৰহণ কৰা মহিলা উদ্যমিতাৰ আঁচনিসমূহ উল্লেখ কৰা হ’ল-

১। স্ত্ৰীশক্তি আঁচনি : এই আঁচনিয়ে ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ যোগেদি কোনো বন্ধকী নোহোৱাকৈ কম সূতত ৫ লাখ টকালৈকে মহিলা উদ্যোগিক ঋণ আগবঢ়ায়। এই আঁচনিৰ অন্তভুক্ত হ’বলৈ হ’লে  কোনো এটা প্ৰতিষ্ঠানৰ ৫০ শতাংশ মূলধন মহিলাসকলৰ দ্বাৰা অধিকৃত হ’ব লাগে।

২। মহিলা উদ্যম আঁচনি : পাঞ্জাৱ নেচনেল বেংকে লিংগ বৈষম্য দূৰীকৰণৰ বাবে আৰু যিসকল গ্ৰাম্য মহিলা উদ্যোগীয়ে নতুনকৈ ব্যৱসায় আৰম্ভ কৰে, তেওঁলোকলৈ বজাৰ সূদৰ হাৰত ১০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়ায় আৰু এই ঋণ ১০ বছৰৰ ভিতৰত  পৰিশোধ কৰিব লাগে।

৩। উদগনি আঁচনি- এই আঁচনি কৰ্ণাটক ৰাজ্য চৰকাৰে পাঞ্জাৱ আৰু সিন্ধ বেংকৰ জৰিয়তে ১৮ বছৰৰ পৰা ৪৫ বছৰৰ মহিলাই ব্যৱসায় আৰু সেৱাখণ্ডত আত্মনিয়োগ হব বিচাৰে  তেওঁলোকক ১ লাখ টকালৈকে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে।

৪। দেনাশক্তি আঁচনি- এই আঁচনি দেনা বেংকৰ জৰিয়তে যিসকল মহিলাই কৃষি, প্ৰস্তুতকৰণ, খুচুৰা ব্যৱসায়, আৰু ক্ষুদ্ৰ প্ৰতিষ্ঠানেৰে জড়িত তেওঁলোকক ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

৫। ক্ষুদ্ৰ যোজনা যোগান- ভাৰত চৰকাৰৰ এই আঁচনিয়ে গ্ৰাম্য উদ্যোগী মহিলাসকলক সৱলীকৰণৰ উদ্দেশ্য যিসকল মহিলাই নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকক ক্ষুদ্ৰ কাৰ্ড প্ৰদান কৰি ঋণ দিযাৰ ব্যৱস্থা কৰিছে। এই আঁচনিত তিনি খলপীয়া ব্যৱস্থা আছে- শিশু, কিশোৰ আৰু তৰুণ আঁচনিৰ জৰিয়তে কোনো বন্ধকী নোহোৱাকৈ  শিশু আঁচনিত ৫০ হাজাৰ, কিশোৰ আঁচনিত ৫ লাখ আৰু  তৰুণ আঁচনিত ১০ লাখলৈ ঋণ দিয়াৰ ব্যৱস্থা আছে।

৬। ভাৰতীয় মহিলা বেংক ব্যৱসায় ঋণ- গ্ৰাম্য উদ্যোগী মহিলা, যিসকলে বেংকৰ আঁচনিসমূহ বিষয়ে জ্ঞাত নহয়, তেওঁলোকক খুচুৰা তথা প্ৰস্তুতকৰণৰ নতুন ব্যৱসায়ৰ প্ৰতি উত্সাহিত কৰিবলৈ সম্পতি বন্ধকীৰ বিপৰীতে ২০ কোটি টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা কৰিছে।

৭। অৰিয়েন্ট মহিলা বিকাশ যোজনা- অৰিয়েন্টেল বাণিজ্য বেংকৰ জৰিয়তে যিবোৰ প্ৰতিষ্ঠানৰ ৫১ শতাংশ মূলধন মহিলাৰ দ্বাৰা অধিকৃত তেওঁলোকক বন্ধকী অবিহনে ৭ বছৰৰ বাবে ২ শতাংশ হাৰ সূদত ১০ লাখৰ পৰা ২০ লাখ পৰ্যন্ট ঋণ দিয়াৰ ব্যৱস্থা আছে।

৮। অন্নপূৰ্ণা আঁচনি- মহীশূৰ ষ্টেটবেংকে মহিলা উদ্যোগীৰ দ্বাৰা পৰিচালিত খাদ্য দ্ৰব্য যোগান ধৰা ক্ষুদ্ৰ ব্যৱসায়সমূহত ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। এই ঋণ ৫০ হাজাৰ টকালৈকে খাদ্য দ্ৰব্য যোগান ধৰাৰ বাবে প্ৰয়োজন হোৱা বাচন-বৰ্তন আৰু ইয়াৰ লগত  সম্বন্ধিত সামগ্ৰী ক্ৰয় কৰিবলৈ আগবঢ়োৱা হয়।

ওপৰত উল্লেখিত মহিলা উদ্যমিতা বিকাশৰ বাবে চৰকাৰৰ ফালৰ পৰা বিভিন্ন যোজনা তথা আঁচনি গ্ৰহণ কৰা হৈছে যদিও মহিলা উদ্যমিতাৰ পৰিসৰ বৃদ্ধিৰ প্ৰক্ৰিয়াটো আমাৰ সমাজ ব্যৱস্থাত বৰ আশা ব্যঞ্জক নহয়। মহিলা সৱলীকৰণ তথা মহিলাৰ গ্ৰাম্য উদ্যমিতা বিকাশ সাধন কৰিছে। লাগিলে ইয়াৰ প্ৰত্যাহ্বান যেনে- পিতৃপ্ৰধান সমাজত মহিলাৰ প্ৰতি থকা নেতিবাচক দৃষ্টিভংগী, প্ৰতিযোগিতামুখী  বজাৰৰ সন্মুখীন হোৱাৰ সাহস নথকা, আত্মবিশ্বাসৰ অভাৱ, মহিলাৰ প্ৰতি পৰম্পৰাগত বাধাসমূহ আঁতৰাই মহিলাসকলে অৰ্থনৈতিক কাৰ্যত অংশ লৈ  আত্মনিযোগ হ’বলৈ নিজেই আগবাঢ়ি আহিব লাগিব। কিয়নো উন্নয়নশীল দেশত অৰ্থনৈতিক দিশক গ্ৰাম্য মহিলাৰ  অংশগ্ৰহণে উন্নয়নৰ গতিত অভূতপূৰ্ব আনিব পাৰিছে। সেয়ে ২০০৮ চনৰ পৰাই ৰাষ্ট্ৰসংঘই ১৫ অক্টোবৰ তাৰিখটো ‘আন্তজাৰ্তিক গ্ৰাম্য মহিলাৰ দিন’ হিচাপে পালন কৰি আহিছে।

 

লেখক- ড০ মৃন্ময়ী ভট্টাচাৰ্য্য

সহযোগী অধ্যাপিকা, অৰ্থনীতি বিভাগ

পশ্চিম গুৱাহাটী মহাবিদ্যালয়

লগতে পঢ়ক- 

KCC loan : পশুপালনৰ বাবে দি আছে ঋণ! আবেদন কৰক আজিয়েই!

English Summary: Only women will get loans for businesses
Published on: 29 May 2023, 06:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now