1. এগ্ৰিপেডিয়া

অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে কোনবোৰ সৰিয়হ বীজ অসমৰ মাটিৰ উপযোগী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মাজুলি সৰিয়হ খেতিৰ নান্দনিক দৃশ্য
মাজুলি সৰিয়হ খেতিৰ নান্দনিক দৃশ্য

সৰিয়হৰ উৎপাদন বঢ়াবলৈ হ'লে প্ৰথমতে চকু দিবলগীয়া কথাটো হৈছে উপযুক্ত জাত নির্বাচন। আমাৰ অসমত দুবিধ সৰিয়হৰ খেতি কৰা হয়। এবিধ হৈছে কলা সবিহয় আৰু আনবিধ হৈছে বাই সৰিহয় ৷ অসমৰ বাবে বিশেষ উপযোগী বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত কিছুমান জাতৰ নাম আৰু বৈশিষ্ঠ তলত বৰ্ণানা কৰা হ'ল-

জাত                     কৃষিকাল (দিন)           উৎপাদন ক্ষমতা (কুইন্টল, প্ৰতি হেক্টৰত হেক্টৰ) 

টি এস – ৩৮               ৯০-৯৫                          ১০-১২

টি এস – ৩৬               ৯০-৯৫                          ১০-১২

টি এস -                     ৮৫-৯০                          ১০-১২

এম -২৭                     ৯০-৯৫                          ১০-১২

টি এম-২                    ১০৫-১১৫                        ১২-১৬

টি এম -8                   ১০৫-১১৫                        ১২-১৬

বকনা                        ১১০-১২০                        ১২-১৬

মাটি নির্বাচন:-

পানী ওলাই যাব পৰা ব্যবস্থাযুক্ত পলসুৱা বা বালিচহীয়া মাটিত ইয়াৰ খেতি ভাল হয়। নৈৰ পলসুৱা, যথেষ্ট পৰিমাণে জৈৱিক সাৰযুক্ত পানী ধৰি ৰাখিব পৰা মাটি সৰিয়হ খেতিৰ বাবে উত্তম৷ তদুপৰি যিকোনো মাটিতে মিহিকৈ চহাই যথেষ্ট পৰিমাণে জৈৱিক সাৰ প্রয়োগ কৰিও সৰিয়হৰ খেতি কৰিব পাৰি৷

বীজ সিচাঁৰ সময়:-

সৰিয়হৰ বীজ সিঁচিবৰ কাৰণে উপযুক্ত সময় হৈছে কাতি মাহৰ পৰা আঘোণ মাহৰ মাজভাগলৈকে (অক্টোবৰৰ মাজৰ পৰা নভেম্বৰৰ মাজভাগলৈকে) ।  বীজ আগতীয়াকৈ সিঁচিলে মোৱা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি।

লগতে পঢ়ক-

সৰিয়হ খেতিৰ A to Z

জলসিঞ্চন ব্যৱস্থা:- শতকৰা ৫০ ভাগ ফুল ধৰা অৱস্থাত নাইবা ছেই ধৰিবলৈ লওঁতেই মাটিত ৬ চে: মি:ৰ জোখত এবাৰ জলসিঞ্চন কৰিব পাৰিলে অধিক উৎপাদন আশা কৰিব পৰা যায়। এইখিনি সময়ত ২০-২৫ মি:মি: বৰষুণ হ'লে, বীজ সিঁচাৰ পিছত জলসিঞ্চন কৰাৰ প্ৰয়োজন নাই। সময়মতে বীজ সিটিলে সিঁচাৰ আগত পানী যোগান নধৰিলেও হয়। অৱশ্যে বীজ সিঁচাৰ সময়ৰ মাটিত আর্দ্রতা নাথাকিলে এবাৰ জলসিঞ্চন কৰি বীজ সিঁচিব লাগে।

প্ৰতিপালন:- সাধাৰণতে সৰিয়হৰ খেতিত বনবাত নিৰোৱাৰ প্ৰয়োজন নাই। অৱশ্যে বীজবোৰ শাৰী শাৰীকৈ সিঁচিলে বীজ সিঁচাৰ ১৫-২০ দিন মানৰ পিছত এবাৰ নিৰণি কৰি গছপুলি ৩-৪ ইঞ্চি দূৰত্বত থকাকৈ পাতলাব লাগে৷ চতিয়াই সিঁচিলে প্রতি বর্গমিটাৰত ৩০-৩৫ টা গছপুলি ৰাখি বাকীবোৰ উভালি পেলাব লাগে৷

শস্য ৰক্ষা:- সৰিয়হৰ প্ৰধান অনিষ্টকাৰী পোক হৈছে মোৱা পোক আৰু পাত চেলেকা পোক। সৰিয়হতলীত মোৱা আৰু পাত চেলেকা পোকৰ আক্রমণ দেখা দিলে মালাথিয়ন ৫০ ই চি ২ মি:লি: বা ডাইমিথয়েট ৩০ ই চি ১ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই প্রতি বিঘাত ৭০-৮০ লিটাৰ মিশ্ৰণ প্ৰস্তুত কৰি শস্যডৰাত স্প্রে কৰিব লাগে । শস্যই ফুল মেলাৰ সময়ত স্প্ৰে কৰিব লগা হ'লে আবেলি সময়ত ঔষধ প্রয়োগ কৰা উচিত। আগতীয়াকৈ বীজ সিঁচিলেও মোৱা পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পৰা যায়। লগতে সৰিয়হত অল্টাৰিৰয়া ব্লাইট নামৰ বেমাৰে দেখা দিলে ১০-১৫ দিনৰ অন্তৰে অন্তৰে কেপটান বা ইন্দোফিল এম ষধ ২ গ্রাম ১ লিটাৰ পানীত মিহলাই প্রতি বিঘাত ৭০-৮০ লিটাৰ মিশ্ৰণ প্ৰস্তুত কৰি শস্যডৰাত স্প্রে কৰিব লাগে৷

লগতে পঢ়ক- 

কেপচিকাম খেতিৰ A to Z

English Summary: masterd crop cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.