Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 May, 2024 12:52 PM IST
What is Drip Irrigation? & Its Profit

কৃষি ক্ষেত্ৰলৈ অহা শেহতীয়া এটা পদ্ধতি হ’ল ড্ৰিপ ইৰিগেশ্যন (Drip Irrigation)। এই পদ্ধতিৰে কৃষকসকলে কম সময়ত, কম খৰচেৰে, পানী নষ্ট নোহোৱাকৈ কৃষি পথাৰত পানী দিয়া এটা পদ্ধতি। এই পদ্ধতিত উদ্ভিদজোপাক প্ৰয়োজনীয় পানী পোনে পোনে উপযুক্ত স্থানত দিব পাৰি। এই পদ্ধতিত পাইপেৰে পানী উদ্ভিদজোপাক দিয়া হয়। ফটোত আপোনালোকে দেখিবলৈ পাইছে। এই পদ্ধতিৰে কৃষিভূমিত বা শস্যত পানী যোগান ধৰা কাৰবাৰটোৱে সম্প্ৰতি সমগ্ৰ বিশ্বতে কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে। শেহতীয়াকৈ দেশৰ লগতে আমাৰ অসমতো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে চৰকাৰীভাৱে ব্যৱস্থা কৰা হৈছে।

এই পদ্ধতিৰে কৃষিভূমিৰ উদ্ভিদত পানী দিয়াৰ সুবিধাসমূহ এনেধৰণৰ-

পানী ৰাহি :  এই পদ্ধতিত পানী দিওঁতে পানী বৰ বেছি প্ৰয়োজন নহয়। বিশেষকৈ পানী নষ্ট নহয়। কাৰণ পাইপেৰে গৈ পানী উদ্ভিদ জোপাৰ প্ৰয়োজনী অংশত পোনপনীটায়াকৈ পৰেগৈ। যদি আমি অন্যধৰণে পানী দিব লগা হ’লে  উদ্ভিদজোপাৰ লগতে পোৰা কৃষিভূমিতে দিব লগা হয়। এনেদৰে কৰোতে যথেষ্ট পানী অপচয় হয়।

অপতৃণ নিয়ন্ত্ৰণ :  ড্ৰিপ ইৰিগেশ্যনৰ জড়িয়তে পানী যোগান ধৰিলে আকৌ অপতৃণ কেনেকৈ নিয়ন্ত্ৰণ হয় বুলি বহুতৰে প্ৰশ্ন হ’ব!   কিন্তু আমি কওঁ শুনক- উদ্ভিদ বা অপতৃণ বৃদ্ধি হবলৈ পানীৰ প্ৰয়োজন হয়। পানী নাপালে অপতৃণও বৃদ্ধি নহয়। গতিকে ড্ৰিপ ইৰিগেশ্যনৰ জড়িয়তে পানী দিলে উদ্ভিদৰ গুৰি অংশত গৈ পানীত পৰে। বাকী খালি ঠাইত নপৰে। খালি ঠাইসমূহত পানী নপৰাৰ ফলত সেই ঠাইসমূহত অপতৃণ নগজে। গজিলেও বৃদ্ধি হ’ব নোৱাৰে। গতিকে পৰোক্ষভাৱে ড্ৰিপ ইৰিগেশ্যনে অপতৃণ নিয়ন্ত্ৰণতো সহায় কৰে।

লগতে পঢ়ক- 

প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই যোগাযোগ কৰক

What is Drip Irrigation? & Its Profit

বেমাৰ হ্ৰাস : এই পদ্ধতিৰে উদ্ভিদজোপাত পানী দিলে গছৰ গুৰিত পৰে। পাতত নপৰে। পাতত শুকান হৈ থাকে। পাত শুকান হৈ থাকিলে পাতত ভাইৰাছ, বেক্টেৰিয়া আদিয়ে খোপন পুতিব নোৱাৰে। এইবোৰৰ ওপৰি অনেক সুবিধা আছে। বিশেষকৈ পানী দিওতে সময় কম লাগিব। শ্ৰমৰ প্ৰয়োজন নহয়। পানী লোকচান নহয়। ১০ মিনিটত আপুনি ১-২ একৰ বা তাতোধিক কৃষি ভূমিত সূচাৰুপে পানী যোগান ধৰিব পাৰিব। তদুপৰি শস্যৰ গুৰিত কোনো ঔষধ, কীটনাশক, বা সাৰ দিয়াৰ প্ৰয়োজন হ’লেও পানীত এইবোৰ মিশ্ৰণ ঘটাই ড্ৰিপ ইৰিগেশ্যনৰ জৰিয়তে শস্যক প্ৰদান কৰিব পাৰে।

ড্ৰিপ ইৰিগেশ্যন

ড্ৰিপ ইৰিগেশ্যন পদ্ধতি : ড্ৰিপ ইৰিগেশ্যনত পানী শস্যৰ গুৰিত পেলাবলৈ পানীৰ পাইপ ব্যৱহাৰ কৰা হয়। পাইপবোৰ কৃষিভূমিৰ শস্যৰ শাৰীবোৰৰ ওপৰত সংযোগ কৰা হয়।  এই পাইবোৰত শস্যৰ দূৰত্ব অনুসৰি একোটাকৈ টেপ বা ফুটা কৰা থাকে। ফুটাটোৰে বা টেপটোৰে মটৰ চলোৱাৰ লগে লগে শস্যৰ প্ৰয়োজনীয় অংশত পানী আহি পৰেহি।

লগতে পঢ়ক- 

৫০ হাজাৰটেই ডিলাৰ পৰা ঘৰলৈ যাব পাৰিব মহিন্দ্ৰা কোম্পানীৰ টেক্টৰ

English Summary: What is Drip Irrigation? & Its Profit
Published on: 04 May 2024, 11:23 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now