Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 July, 2022 4:26 PM IST
Top Brand Mini Tractors

বৰ্তমান ট্ৰেক্টৰ অবিহনে কোনো কৃষিকৰ্ম সম্ভৱ নহয়। কৃষকসকলৰ এই মৌলিক প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আমি টেক্টৰ শীৰ্ষ ব্ৰেণ্ডৰ এখন তালিকা লৈ আহিছো আপোনাৰ কাষলৈ। যদি আপুনি কম বিনিয়োগ কৰি মিনি ট্ৰেক্টৰ লোৱাৰ কথা ভাবি আছে,  তেনেহ'লে এই প্ৰবন্ধটোৱে আপোনাৰ বাবে যথেষ্ট সহায় কৰিব পাৰে। কিয়নো আমি ইয়াত টেক্টৰ শীৰ্ষ ব্ৰেণ্ডৰ ট্ৰেক্টৰৰ তালিকাৰ লগতে এই টেক্টৰসমূহৰ বিশেষত্ব, টেক্টৰৰ মূল্য আদি বিষয়সমূহৰ বৰ্ণনা দিম। যিয়ে আপোনাক এখন সঠিক টেক্টৰ ক্ৰয়ত সহায় কৰিব। আমাৰ প্ৰবন্ধত আমি চাৰিখন শেহতীয়া তথা শীৰ্ষ বেণ্ডৰ মিনি টেক্টৰৰ বিষয়ে আলোচনা কৰিম-

১। মহিন্দ্ৰা জেআইভিঅ' 245 ডিআই (Mahindra JIVO 245 DI)

২। জন ডিয়েৰ 3028 এন মিনি ট্ৰেক্টৰ (John Deere 3028 EN Mini Tractor)

৩। সোণালিকা জিটি 26 আৰএক্স মিনি ট্ৰেক্টৰ (Sonalika GT 26 RX Mini Tractor)

৪। ফাৰ্মট্ৰেক এটম 26 মিনি ট্ৰেক্টৰ (Farmtrac Atom 26 Mini Tractor)

টেক্টৰসমূহৰ বিশেষত্ব এনেধৰণৰ

মহিন্দ্ৰা জিভো 245 ডিআই

  • মহিন্দ্ৰা জিভো ডিআই মিনি ট্ৰেক্টৰ অর্থাৎ Mahindra JIVO 245 DIৰ 24এইচপি আছে। প্ৰতি মিনিটত ২ টা চিলিণ্ডাৰ আৰু ২৩০০ ৰেটেড পাৱাৰৰ এটা ইঞ্জিন।

  • এই মিনি ট্ৰেক্টৰত আছে ২৩ লিটাৰৰ এটা ইন্ধন টেংক।

  • ওজন প্ৰায় ৯০০ কিলোগ্ৰাম আৰু ইয়াৰ উত্তোলন ক্ষমতা ৭৫০ কিলোগ্ৰাম।

  • এই মিনি ট্ৰেক্টৰৰ উত্তোলন ক্ষমতা ৭৫০ কিলোগ্ৰাম।

  • সাধাৰণতে এই মিনি ট্ৰেক্টৰখন আঙুৰ, কুঁহিয়াৰ, কপাহ আৰু চাহ বাগিচাৰ লগতে ৰবিশস্য খেতি কৰিবলৈ ব্যৱহাৰ কৰা হয়।

  • মহিন্দ্ৰা জিভো 245 ডিআই মিনি মডেলটোৰ প্ৰাৰম্ভিক মূল্য ৩.৯০ লাখ টকা।

জন ডিয়েৰ 3028 এন মিনি ট্ৰেক্টৰ (John Deere 3028 EN Mini Tractor)

  • John Deere 3028 EN Mini Tractor খনত ৩ টা চিলিণ্ডাৰৰ সৈতে 28 এইচপি পাৱাৰ এটা ইঞ্জিন আছে। যিটো ২৮০০ ৰ আৰপিএম ৰেটেড ইঞ্জিন এটা সৃষ্টি কৰে।

  • এই মিনি ট্ৰেক্টৰৰ ইন্ধন টেংকৰ ক্ষমতা ৩২ লিটাৰ।

  • ওজন প্ৰায় ১০৭০ কিলোগ্ৰাম আৰু ইয়াৰ উত্তোলন ক্ষমতা ৯১০ কিলোগ্ৰাম।

  • ট্ৰেক্টৰখনৰ মুঠ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমান্বয়ে ২৫২০ মিমি আৰু ১০৬০ মিমি।

  • এই মিনি ট্ৰেক্টৰ সাধাৰণতে আঙুৰৰ বাগান, পাচলি শস্য আদিত ব্যৱহাৰ কৰা হয়।

  • জন ডিয়েৰ 3028 ইএন মডেলৰ মূল্য 5.45 টকা, ₹5.95 লাখ লৈকে।

সোণালিকা জিটি 26 আৰএক্স মিনি ট্ৰেক্টৰ (Sonalika GT 26 RX Mini Tractor)

  • Sonalika GT 26 RX ত ৩ টা চিলিণ্ডাৰৰ সৈতে এটা ২৬ এইচপি ট্ৰেক্টৰ যি ২৭০০ আৰপিএম ৰ গতি প্ৰদান কৰে।

  • এই মিনি ট্ৰেক্টৰখনৰ ইন্ধন টেংকৰ ক্ষমতা ৩০ লিটাৰ।

  • ওজন প্ৰায় 900 কিলোগ্ৰাম।

  • ট্ৰেক্টৰৰৰ মুঠ প্ৰস্থ ১০৫৮ মিমি।

  • কৃষি, ঘাঁহ কটা, নগৰপালিকাৰ জাৱৰ কঢ়িওৱা আদি কামৰ বাবে ব্যৱহাৰ কৰা হয়।

  • সোণালিকা জিটি 26 আৰএক্স মডেলৰ মূল্য ৪.৬০-৪.৮০ লাখৰ ভিতৰত।

ফাৰ্মট্ৰেক এটম 26 মিনি ট্ৰেক্টৰ (Farmtrac Atom 26 Mini Tractor)

  • ফাৰ্মট্ৰেক এটম 26 মিনি ট্ৰেক্টৰখন 26এইচপিৰ। য’ত তিনিটা চিলিণ্ডাৰ আৰু প্ৰতিমিনিটত ২৭০০ ইঞ্জিন ৰেটেড হয়।

  • এই মিনি ট্ৰেক্টৰত এটা ২৪ লিটাৰ ইন্ধনৰ টেংক আছে।

  • ওজন প্ৰায় ৯০০ কিলোগ্ৰাম আৰু ইয়াৰ উত্তোলন ক্ষমতা ৭৫০ কিলোগ্ৰাম।

  • এই মিনি ট্ৰেক্টৰখনৰ মুঠ দৈৰ্ঘ আৰু প্ৰস্থ ক্ৰমান্বয়ে ২২৬০ মিমি আৰু ৯৯০ মিমি।

  • হাল বাবলৈ ব্যৱহাৰ কৰা লগতে শস্য চপাবলৈ ব্যৱহাৰ কৰা হয়।

  • ফাৰ্মট্ৰেক এটম 26 মিনি মডেলৰ মূল্য ৪.৮০ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত।

লগতে পঢ়ক-ভাৰতৰ শীৰ্ষ 5 টা ফৰ্চ মডেল আৰু মূল্য তালিকা-

English Summary: Top Brand 4 mini-tractors
Published on: 12 July 2022, 04:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now