Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 December, 2020 3:01 PM IST
Electrical Pump

খৰচৰ দিশেৰে কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে এইবাৰ কৃষকক বিদ্যুৎচালিত পাম্প ছেট দিয়াৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰাও হৈছে কৃষি বিভাগৰ। কৃষি বিভাগে পৰীক্ষামূলকভাৱে পৰিষদৰ সহায়ত কেইখনমান পথাৰত ফীডাৰ লাইন বহুৱাব। সেই লাইনৰ পৰা সংযোগ লোৱা অ-গভীৰ নলী নাদৰ সহায়ত কৃষকে পথাৰত পানী দিব পাৰিব। কৃষি সঞ্চালক ড০ কবীন্দ্ৰ বৰকাকতিয়ে কয়-‘আমাৰ পথাৰত থকা অগভীৰ নলী-নাদৰ ভিতৰত বেছিভাগেই ডিজেলচালিত। ডিজেলচালিত অগভীৰ নলী-নাদৰ সহায়েৰে ১ বিঘাত পানী যোগান ধৰিলে যদি ২০০০ টকা লাগে, বিদ্যুৎচালিত নলী-নাদৰ সহায়েৰে দিলে সেই ব্যয় ৭০০-৮০০ টকালৈ নামি আহে’। অসমত বিদ্যুতৰ অভাৱ আছে বুলি মন্তব্য কৰি ড০ বৰকাকতিয়ে কয়-সেয়ে আমি পৰীক্ষামূলকভাৱে কামটো আৰম্ভ কৰিব খুজিছোঁ। বিদ্যুতৰ সহায়ত যদি জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যায়, তেন্তে কৃষকে বহুলাংশে সকাহ পাব।

কৃষি সঞ্চালকজনৰ মতে, বিভাগে পথাৰত ফিডাৰ লাইন বিভাগীয় খৰচত বহুৱাই দিব। য’ত বেছিকৈ খেতি কৰা হয়, তেনে ঠাইত পৰীক্ষামূলক প্ৰকল্প হাতত লোৱা হ’ব। অৱশ্যে ক’ত ক’ত বিদ্যুৎ চালিত পাম্প ছেট চলাবলৈ ফিডাৰ লাইন বহুওৱা হ’ব, সেই কথা খাটাং কৰা নাই বিভাগে। সম্প্ৰতি ৰাজ্যত প্ৰায় ২ লাখটা অগভীৰ নলী-নাদ কাৰ্যক্ষম হৈ আছে। এই নলী-নাদেৰে মুঠ কৃষিভূমিৰ ৩০ শতাংশ ঠাই সামৰি ল’ব পাৰি। এই নলী-নাদবোৰ ডিজেলচালিত। এতিয়া বিভাগে পুনৰ ১ লাখটা অগভীৰ নলী-নাদ কৃষকক দিব বিচাৰিছে। তাৰ মাজত থাকিব বিদ্যুৎচালিত অগভীৰ নলী-নাদ। ৫০ শতাংশ ৰেহাই মূল্যত এইবাৰ বড়ো ধানৰ বতৰতে কৃষকৰ ওচৰ পাব এনে অগভীৰ নলী-নাদ। এনেদৰে মন্তব্য কৰি ড০ বৰকাকতিয়ে কয় যে খেতিৰ উৎপাদন বঢ়োৱাৰ প্ৰধান উপাদানটোৱেই হ’ল জলসিঞ্চন।

লিখক: অমিত বৰুৱা, দৈনিক অসম।

English Summary: Farmers will get electrical pump set in Assam very soon
Published on: 02 July 2019, 11:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now