Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 June, 2021 9:50 AM IST
DGPS Photo Credit: Google

  কৃষক বন্ধুসকলৰ সুবিধাৰ বাবে উন্নত প্ৰযুক্তি আৰু যন্ত্ৰপাতি ক্ৰমান্বয়ে বিকশিত কৰা হৈছে৷ এইবাৰ খড়গপুৰ IIT য়ে (আইআইটি-KGP) কৃষিক্ষেত্ৰত এক বৃহৎ সফলতা অৰ্জন কৰিছে। কিয়নো তেওঁলোকে এটা অত্যাধুনিক প্ৰযুক্তি সঁজুলি নির্মান কৰিছে, যাৰ দ্বাৰা ভূমিৰ মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰি।

  আজিৰ যুগত, জিপিএছ (GPS) বা গোলকীয় অৱস্থান প্ৰণালী হৈছে এক অতি জনপ্ৰিয় আৰু জনপ্ৰিয় প্ৰযুক্তি৷ বিভিন্ন সময়ত মানচিত্ৰত অৱস্থান এটা জানিবলৈ বা সহজে গন্তব্যস্থানত উপনীত হ'বলৈ সচৰাচৰ জিপিএছ ব্যৱহাৰ কৰা হয়। আৰু এই জিপিএছৰ অধিক অত্যাধুনিক ৰূপান্তৰ হৈছে ডিজিপিএছ (DGPS) বা ডিফাৰেন্সিয়েল গ্লোবেল পজিচনিং চিষ্টেম। এই প্ৰযুক্তি (Agriculture Technology) ব্যৱহাৰ কৰি খড়গপুৰ IIT ৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কুমাৰ তিৱাৰী আৰু অধ্যাপক স্নেহা ঝাই এক বিশেষ অত্যাধুনিক সঁজুলি বিকশিত কৰিছে।

    ইয়াৰ জৰিয়তে, যিকোনো ঠাইৰ মাটিৰ প্ৰকাৰ আৰু চৰিত্ৰ সহজে নিৰ্ধাৰণ কৰিব পাৰি। মাটিৰ প্ৰকৃতি সম্পৰ্কে জনাটো এক স্পষ্ট আৰু সহজ হ'ব।

আৰু পঢ়ক- কৃষকে ২৬ জুন তাৰিখে খেতি বচাও, লােকতন্ত্র বাচাও দিৱস হিচাপে পালন কৰিব

ডিভাইচ ব্যৱহাৰ (USE):

কৃষি বিজ্ঞানীসকলৰ মতে, এই সঁজুলিটোৰ সহায়ত আৰু বৈজ্ঞানিক উপায়েৰে মাটিৰ অধিক ব্যৱহাৰ সম্ভৱ।

1) পথাৰ এখনত নাইট্ৰজেন, পটাছ আৰু ফছফেটৰ স্তৰ কিমান ৷

2) এখন ক্ষেত্ৰত কেনে ধৰণৰ খনিজ পদাৰ্থ আছে আৰু ইয়াৰ পৰিমাণ ৷

3) পথাৰত ব্যৱহাৰ কৰিব লগা কীটনাশক আৰু অপতৃণৰ প্ৰকাৰবোৰ প্ৰকৃততে কি?

4) ভূমি অনুসৰি কিমান পানীৰ প্ৰয়োজন হ'ব।

   এইটো খড়গপুৰ IITৰ অধ্যাপকসকলৰ দ্বাৰা তৈয়াৰ কৰা এক অত্যাধুনিক সঁজুলি।

নমুনা পৰীক্ষা (Examine the Process):

  সাধাৰণতে, প্ৰচলিত প্ৰকাৰে, কৃষকসকলে তেওঁলোকৰ মাটিৰ নমুনা ওচৰৰ মাটি পৰীক্ষাগাৰলৈ লৈ যায়। সেই পৰীক্ষাৰ ফলাফল জানিবলৈও কেইদিনমান সময় লাগে। সেই ফলাফলৰ ওপৰত আধাৰিত কৰি মানচিত্ৰ তৈয়াৰ কৰাটো অধিক কঠিন আৰু সময় সাপেক্ষ হৈ পৰে। ফলস্বৰূপে, খেতি বিলম্বিত হোৱাৰ দৰে কৃষকসকলে সমস্যাৰ সন্মুখীন হয়৷

কিন্তু এই ডিভাইচটোৱে মাটিৰ নমুনা পৰীক্ষা দ্ৰুততাৰে কৰে। আৰু আপুনি সঠিক সময়ত তথ্যৰ সৈতে এখন মানচিত্ৰ সৃষ্টি কৰিব পাৰে। ই মাটিৰ চৰিত্ৰ সঠিকভাৱে বুজাত সহায় কৰিব। সেয়েহে, কৃষকসকলে সঠিক উপায়েৰে সহজে খেতি আৰম্ভ কৰিবলৈ সক্ষম হ'ব৷

আৰু পঢ়ক- Bil Gate’s Farm land: বর্তমান আমেৰিকাৰ সৰ্ববৃহৎ কৃষক "বিল গেটছ" 26,900 একৰ ভূমিত খেতি আৰম্ভ কৰিছে,

ডিভাইচ উদ্ভাৱকৰ মতামত:

অত্যাধুনিক আৱিষ্কাৰৰ বিষয়ে কথা পাতি খড়গপুৰ IIT ৰ সঞ্চালক অধ্যাপক আৰু যন্ত্ৰ উদ্ভাৱক বীৰেন্দ্ৰ কুমাৰ তিৱাৰীয়ে কয় যে তেওঁলোকে প্ৰথমতে পুষ্টিগত মূল্যৰ ক্ষেত্ৰত ১ হেক্টৰ ভূমিক ৩৬ টা গোটত বিভক্ত কৰিছিল৷ তাৰ পিছত তেওঁলোকে সাৰৰ উপাদান আৰু GI সৈতে সংযোজিত মাইক্ৰ' প্ৰচেছৰ আৰু মাইক্ৰ' কণ্ট্ৰোলাৰৰ সৈতে এটা ডিজিপিএছ মডিউলৰ জৰিয়তে এটা গ্ৰন্থিত কিমান সাৰৰ প্ৰয়োজন হ'ব সেয়া সহজে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল৷

   ইয়াক সাধাৰণতে ট্ৰেক্টৰৰ সৈতে সংযোগ কৰা হ'ব। আৱিষ্কাৰকসকলৰ মতে, তেওঁলোকে প্ৰস্তুত কৰা যন্ত্ৰবোৰে ভূমিত ৰাসায়নিক সাৰৰ প্ৰয়োগ প্ৰায় 30 শতাংশ হ্ৰাস কৰিব। আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ যিমানে কম সম্ভৱ, ভূমিৰ গুনাগুন সিমানে বাঢ়ি যাব ৷ ইয়াৰ ফলত এফালে ভূমিৰ উৰ্বৰতা বৃদ্ধি কৰিব পাৰি। আনহাতে, ভূমি ব্যৱহাৰৰ বাবে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰাৰ আগ্ৰহ বৃদ্ধি পাব। ভূমিত জৈৱিক সাৰৰ ব্যৱহাৰৰ চাহিদা বৃদ্ধি পাব, শস্যৰ মানদণ্ডও উন্নত হ'ব |

আৰু পঢ়ক- Pearls Farming - কেনেদৰে কৰিব মুক্তা খেতি? মুক্তাৰ ব্যৱসায় কৰি কোটি পতি হওঁক
English Summary: agri machine new technology in agriculture use of dgps technology in determining land quality
Published on: 16 June 2021, 11:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now