নাঙল আৰু যুঁৱলি
খেতিয়কৰ আৰু খেতিৰ প্ৰধান আহিলা হৈছে নাঙল আৰু যুঁৱলি। এই নাঙল জামুক, পমা, নাইবা সোণাৰু গছৰে তৈয়াৰ কৰা হয়। পাৰিলে গছৰ কিছু বেকা অংশ পালে সাজিবলৈ সুবিধা হয়, গছৰ গা-ডোখৰৰ ৬ ফুটমান অংশ কাটি আনি তাক ছাচ, দা বা হাতোৰাহীৰে চাঁচি চাঁচি নাঙলৰ আকৃতি দিয়া হয়। নাঙলৰ হাতেৰে ধৰা অংশটোক কুটী বুলি কোৱা হয়। মাটি চহাবলৈ ব্যৱহাৰ কৰা অংশত এটুকুৰা লোৰ সংযোগ কৰা হয় যাক কোৱা হয় ফাল বুলি। ফাল খনৰ কিছু ওপৰত এটা ফুটা কৰি তাত বাঁহৰ গুৰি সহিতে ৭ ফুটমান দৈর্ঘ্যৰ এটা বাঁহৰ ইহ লগোৱা হয়। ইহৰ আগফালে কেইটামান খাজ কাটি ৰখা হয়, সেই খাজত যুঁৱলি খন ৰছীৰে বান্ধিব পাৰি।
প্ৰায় ৬ ফুটমান দৈর্ঘ্যৰ এটুকুৰা ভলুকা বাঁহ দুই মূৰে গাঁঠিৰে সৈতে কাটি যুঁৱলি তৈয়াৰ কৰা হয়। যুঁৱলিৰ দুয়োটা মূৰত গৰুৰ ডিঙি সোমাব পৰাকৈ জোখেৰে দুটা ফুটা (ইপাৰ সিপাৰকৈ কৰা খোলনি) কৰি সেই ফুটাৰে দুটা বাঁহৰ খুটি সুমুৱাই দিয়া হয় যাতে গৰুৰ ডিঙিটো ইফালে-সিফালে লৰচৰ নকৰে। যুঁৱলিৰ সোঁ-মাজতে আৰু দুটা সৰু ফুটা কৰি সৰু সৰু দুডাল বাঁহৰ শলা লগাই দিয়া হয়, তাৰ তলেদি নাঙলৰ ইহটো দি ৰছীৰে বান্ধি দিয়া হয়।
নাঙল আৰু যুঁৱলি তৈয়াৰ হোৱাৰ পাছত বলধ গৰু দুটাৰ কান্ধত যুঁৱলিৰ দুই মূৰ লগাই বান্ধি দি হালোৱাই নাঙলৰ কুটীত ধৰি পথাৰত ঘূৰাই ঘূৰাই হাল বায়। হাল বোৱাৰো নিয়ম আছে। এপাক এপাক কৈ এটা নিদিষ্ট অংশ চহোৱা শেষ হ’লে সেই অংশক এটা আউচ বুলি কোৱা হয়। এডৰা মাটি এবাৰ চহোৱা হ’লে এচাহ মৰা হ’ল বুলি কোৱা হয়। এইদৰে এডৰা মাটি কেইবা চাহো মাৰিলেহে মাটিশৰা খেতিৰ বাবে উপযুক্ত হৈ উঠে।
লেখক: নিতুল বৰা (বিকাশপেডিয়া)