Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 May, 2021 8:06 PM IST
SBI clerk Notification 2021

   ভাৰতীয় ষ্টেট বেঙ্কে (SBI) মংগলবাৰে (27 এপ্ৰিল 2021) এছবিআই ক্লাৰ্ক নিযুক্তি 2021-ৰ বাবে পঞ্জীয়ন আৰম্ভ কৰিছে। যদি আপুনি এছ.বি.আই. জুনিয়ৰ এছ'চিয়েট পদৰ বাবে আবেদন কৰিবলৈ আগ্ৰহী আৰু যোগ্য তেনেহ'লে আপুনি বেঙ্কৰ অফিচিয়েল ছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে - https://sbi.co.in/

   এছ.বি.আই ক্লাৰ্ক পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১৭ মে ২০২১।

SBl ক্লাৰ্ক নিযুক্তি 2021 বিৱৰণ (SBI clerk Advertisement Details)

   এই নিযুক্তিৰ ষ্টেট বেংকে ২৩৭ টা বেকলগ খালী পদৰ সৈতে মুঠ ৫০০০ টা খালী পদ পূৰণ কৰিব। আৱেদনকাৰীসকলক দুটা পৰীক্ষাৰ আধাৰত বাছনি কৰা হ'ব, অৰ্থাৎ প্ৰাথমিক আৰু মুখ্য আৰু স্থানীয় ভাষাৰ পৰীক্ষা। এছবিআই প্ৰাৰম্ভিক পৰীক্ষা ২০২১ চনৰ জুনত অনুষ্ঠিত হ'ব।

1 এপ্ৰিললৈকে 20 ৰ পৰা 28 বছৰ বয়সৰ স্নাতকসকল এছ.বি.আই. কেৰাণী (ক্লার্ক) পদৰ বাবে যোগ্য।

আৰু পঢ়ক- আপুনি COVID ভেকচিন লোৱা নাই যদি আজিয়ে কৰক পঞ্জীয়ন; আপোনাৰ মোবাইলৰ পৰা অনলাইন মাধ্যমেৰে

SBI Bank

এছ.বি.আই. ক্লাৰ্কৰ দৰমহা/বেতন স্কেল

   যিকোনো মেট্ৰ' চহৰত এছ.বি.আই. ক্লাৰিকেল কেডাৰ/ক্লাৰ্কৰ আৰম্ভণি দৰমহা হৈছে বৰ্তমানৰ হাৰত ডি.এ. আৰু অন্যান্য ভাট্টা অন্তৰ্ভুক্ত কৰি প্ৰায় 29,000 টকা/মাহে।

এছ.বি.আই. ক্লাৰ্ক নিযুক্তি 2021-ৰ বাবে কেনেদৰে আবেদন কৰিব লাগে (How to apply for SBI clerk examination 2021)

    প্ৰাৰ্থীসকলে এছ.বি.আই.-ৰ ৱেবছাইট কেৰিয়াৰ পৃষ্ঠাৰ জৰিয়তে নিজকে অনলাইন পঞ্জীয়ন কৰিব লাগিব – 'জুনিয়ৰ এছ'চিয়েটৰ নিযুক্তি 2021'। তেওঁলোকে ইণ্টাৰনেট বেঙ্কিং/ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি অনলাইন মাধ্যমৰ জৰিয়তে প্ৰয়োজনীয় আবেদন মাচুল পৰিশোধ কৰিব লাগিব।

আৰু পঢ়ক- প্ৰধানমন্ত্ৰী মোডীয়ে ই-সম্পত্তি কাৰ্ড বিতৰণ আঁচনি আৰম্ভ কৰিলে; আপুনি জানেনে কি এই ই-সম্পত্তি কাৰ্ড? (SWAMITVA Scheme: PM Modi to Launch Distribution of e-property Cards)

   আবেদন কৰিবলৈ তলত দিয়া পদক্ষেপবোৰ অনুসৰণ কৰক;

  • ভাৰতীয় ষ্টেট বেংকৰ অফিচিয়েল ছাইটলৈ যাওক - https://sbi.co.in/
  • কেৰিয়াৰ লিংকত ক্লিক কৰক
  • তাৰ পিছত, এটা নতুন পৃষ্ঠা খুলিব।
  • এতিয়া নতুন পৃষ্ঠাত উপলব্ধ এছবিআই ক্লাৰ্ক নিযুক্তি ২০২১ শাখাৰ অধীনত অনলাইন লিংক "Apply Now" ত ক্লিক কৰক।
  • পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় বিৱৰণ যেনে- নাম, জন্ম তাৰিখ ইত্যাদি প্ৰবিষ্ট কৰক।
  • অৱশেষত একাউণ্টত লগইন কৰক আৰু আবেদন পত্ৰ পূৰণ কৰক
  • গুৰুত্বপূৰ্ণ নথিপত্ৰ আপলোড কৰক।
  • আৱেদন মাচুল পৰিশোধ কৰক আৰু "Submit" ত ক্লিক কৰক।
  • নিশ্চিতকৰণ পৃষ্ঠা ডাউনলোড কৰক আৰু পিছত ব্যৱহাৰৰ বাবে ইয়াৰ এটা হাৰ্ড কপি ৰাখক।

Click to Apply 

   আৱেদনকাৰীসকলৰ এটা বৈধ ইমেইল আইডি আৰু ম'বাইল নম্বৰ থাকিব লাগিব যাক ফলাফল ঘোষণা নোহোৱালৈকে সক্ৰিয় ৰাখিব লাগে।

   মন কৰিব লাগিব যে আপুনি প্ৰপত্ৰখন দাখিল কৰাৰ পিছত আৱেদন প্ৰপত্ৰৰ যিকোনো বিৱৰণত পৰিৱৰ্তন বা সংশোধনৰ বাবে যিকোনো অনুৰোধ কোনো পৰিস্থিতিত গ্ৰহণ কৰা নহ'ব। গতিকে আবেদন পূৰণ কৰাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰক

 Click here for SBI clerk Notification

   গ্ৰাম্য অঞ্চলত এনে বহুতো প্ৰাৰ্থী আছে যি এছ.বি.আই. কেৰাণীৰ চাকৰিৰ বাবে অধিৰ আগ্রহেৰে অপেক্ষা কৰি আছে, সেয়েহে এই বাতৰি প্ৰকাশ কৰাৰ উদ্দেশ্য হৈছে এই লোকসকলক সহায় কৰা। আশা কৰো পোষ্টটো ভাগ-বতৰা কৰিব।

আৰু পঢ়ক- আপোনাৰ Aadhar Card খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব; আপুনি ঘৰত বহিয়েই সহজে লক বা আনলক কৰিব পাৰে, জানক কেনেকৈ

 

English Summary: How to apply online SBI clerk 2021 details inside
Published on: 02 May 2021, 01:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now