Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 March, 2023 3:54 PM IST
Krishi Sakhi

আত্মসহায়ক গোটসমূহ NRLM (National Rural Livelihood Mission) বা ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত থাকে। এই আত্ম সহায়ক গোট (SHG) সমূহৰপৰাই কৃষি সখী, জীৱিকা সখী, পশু সখী, বেংক সখী আৰু বীমা সখী নিৰ্বাচন কৰা হয়। এই সখী পদসমূহ গ্ৰাম্য মহিলাৰ বাবে জীৱিকাৰ উপায় হ’ব পাৰে।

গ্ৰামাঞ্চলৰ মহিলাসকল কৃষি সখী পদত কেনেকৈ নিযুক্ত হ’ব পাৰে জানো আহক:

কৃষি সখী, জীৱিকা সখী, পশু সখী, বেংক সখী আৰু বীমা সখীৰ চাকৰি পাবলৈ প্ৰথমে এগৰাকী মহিলা কোনো আত্মসহায়ক গোটৰ সদস্য হ’ব লাগিব।

এটা CLFৰ অধীনত যদি ৫-৬ খন পঞ্চায়ত থাকে তেন্তে সেই ৫-৬ খন পঞ্চায়তৰ এগৰাকী কৃষি সখী থাকে। আনহাতে কোনো কোনো ঠাইত প্ৰতিখন পঞ্চায়তত এগৰাকীকৈ কৃষি সখী থকা দেখা যায়। সাধাৰণতে প্ৰতিখন পঞ্চায়তত একোগৰাকীকৈ কৃষি সখী, জীৱিকা সখী, পশু সখী, বেংক সখী আৰু বীমা সখী থাকিলে কাম কৰা সহজ হয়।

কৃষি সখী হৈছে কৃষিৰ সৈতে জড়িত কাম-কাজত গ্ৰামাঞ্চলৰ মহিলাক সহায়-পৰামৰ্শ প্ৰদান কৰা এগৰাকী মহিলা। এগৰাকী কৃষি সখীয়ে তেওঁ কাম কৰা পঞ্চায়তৰ অধীনত কি কি কৃষি কাৰ্য হ’ব পাৰে বা কি কি পদ্ধতি অৱলম্বন কৰি সেই অঞ্চলৰ কৃষিকাৰ্য উন্নত কৰিব পাৰি তাৰ বিষয়ে মহলাসকলক অৱগত কৰাৰ লগতে কৃষিকাৰ্যৰ বিভিন্ন স্তৰত গাঁৱৰ মহিলাসকলক সহায় কৰিব লাগে। তদুপৰি কৃষি বিভাগে কৃষি খণ্ডত কোনো নতুন আঁচনি মুকলি কৰিলে সেই বিষয়েও গাঁৱৰ মহিলাসকলক অৱগত কৰাটো কৃষি সখীৰ দায়িত্ব।

খৰাং বতৰত জলসিঞ্চন বা কৃষি বিভাগৰ নতুন নতুন উন্নত বীজ সম্পৰ্কে অৱগত কৰা, বীজৰ যোগান ধৰা আদিৰ দায়িত্বও কৃষি সখীয়ে ল’ব লাগে। কৃষি ঋণ আহিলে এই ঋণ কোন কোন কৃষকে পাব লাগে সেয়াও কৃষি সখীয়ে নিৰ্বাচন কৰিব লাগে। গতিকে কৃষি ব্যৱস্থাৰ ওপৰত কিছু জ্ঞান আৰু অভিজ্ঞতা থকা এগৰাকী মহিলা কৃষি সখী হ’বৰ বাবে উপযুক্ত। ব্লক পৰ্যায়ত কৃষি সখীৰ নিযুক্তি হয়। বহু সময়ত সাক্ষাতকাৰৰ জড়িয়তে কৃষি সখীৰ পদত নিযুক্তি দিয়া হয়।

            যোগ্যতা:

     কৃষি সখী হ’বৰ বাবে এগৰাকী মহিলা

         ১. কোনো এটা আত্ম সহায়ক গোট (SHG) ৰ সদস্য হ’ব লাগিব।

         ২. শিক্ষাগত অৰ্হতা নিম্নতম মেট্ৰিক পাছ

         ৩. বয়স ধৰা-বন্ধা নহয়

        দৰমহা:  কৃষি সখিৰ বাবে পোনপটীয়াকৈ দৰমহা দিয়াৰ ব্যৱস্থা নাই যদিও কৃষি বিভাগৰ প্ৰতিটো প্ৰকল্পত তেওঁ কৰা কামৰ বিনিময়ত মাননি দিয়া হয়।

লগতে পঢ়কঃ আপুনি গোবৰৰ দন্তমঞ্জন ব্যৱহাৰ কৰিছে নে? গোবৰক সোণ কৰিব পৰা কেইটামান সামগ্ৰী

English Summary: How to become a Krishi Sakhi
Published on: 25 January 2023, 04:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now