ভাৰতবৰ্ষৰ সৰ্বোচ্চ শিক্ষিত ব্যক্তিজনৰ বিষয়ে জানেনে? ক'বলৈ গ'লে, তেৱেঁই পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত ব্যক্তি। টকা-পইচাৰ মেজাজতো আপুনি জীৱনত বহুত দেখিছে। কিন্তু বিদ্যাৰ এনে মেজাজৰ আপুনি কেতিয়াও দেখা নাই, হয়তো শুনাও নাই। গোটেইখিনি কথা শুনিলে আপোনাৰ মূৰটো আচন্দ্ৰাই কৰি ধৰিব, হাত-ভৰি অৱশ হৈ যাব পাৰে। এটি জীৱনত ইমানখিনি লিখা-পঢ়া ৰক্ত মাংসৰ কোনো মানুহে কৰা সম্ভৱ নহয়, নপঢ়িলে আপোনাৰ বিশ্বাস নহ'ব।
অতি গৌৰৱৰ কথা এয়ে যে তেওঁ এজন ভাৰতীয় । মাৰাঠী এই ভদ্ৰলোকজনৰ নাম শ্ৰীকান্ত জিচকাৰ। তেওঁৰ লিখা-পঢ়াৰ কেৰিয়াৰৰ ওপৰত আহক এবাৰ চকু ফুৰাই চাওঁ, তেতিয়া জানিব পাৰিব তেওঁ কি কৰিছে জীৱনত।
১. তেওঁৰ জীৱন আৰম্ভ হয় MBBS, M.D হৈ।
২. তাৰ পিছত L.L.B কৰিলে। লগতে ইন্টাৰনেছনেল
ল'-ৰ ওপৰত স্নাতকোত্তৰ।
৩. তাৰ পিছত বিজনেছ মেনেজমেন্টত ডিপ্লোমা কৰিলে,
লগতে M.B.A .
৪. তাৰ পিছত জাৰ্নেলিজিমত স্নাতক কৰিলে।
ইমানখিনি পঢ়াৰ পিছত আপুনি কি তেওঁক পাগল বুলি ক'ব নেকি? এয়া আৰম্ভণিহে। তেওঁৰ বিষয়ে আৰু জানিবলৈ বাকী আছে।
এইজন মানুহৰ দহটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আছে। তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বিষয়সমুহৰ তালিকাখনত এবাৰ চকু ফুৰাব আহক-
-
Public Administration.
-
Sociology.
-
Economics.
-
সংস্কৃত (ডি. লিট)
-
History
-
English
-
Philosophy.
-
Political Science.
-
Ancient Indian History, Culture and Archaeology
-
Phycology
ওপৰোক্ত আটাইবোৰ বিষয়ত তেওঁ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু ২৮ টা বিষয়ত স্বৰ্ণপদক বিজয়ী। মুঠতে কথা হৈছে যে ১৯৭৩ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত তেওঁ এই বিষয়সমূহত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।
আপোনাৰ মূৰ কামুৰণি হোৱা নাইতো? আৰু শুনক। ইমানখিনি পঢ়াৰ পিছতো তেওঁৰ অনুসন্ধিৎসু মনৰ হেঁপাহ পলুৱা নাই। সেয়ে তেওঁ IPS পৰীক্ষা দিলে আৰু উত্তীৰ্ণ হ'ল। সেয়া আছিল ১৯৭৮ চনত। কিন্তু চাকৰিত তেওঁৰ মন নবহিল। সেয়ে চাকৰিটো বাদ দি ১৯৮০ চনত তেওঁ IAS পৰীক্ষাত বহিল আৰু উত্তীৰ্ণ হ'ল।
এইখিনিতে সমাপ্তি আছিল নেকি তেওঁৰ ছাত্ৰ জীৱনৰ? নহয়হে। চাৰি মাহ পিছত তেওঁৰ IAS বিষয়াৰ ভাৱটোও এৰি দিলে মহাৰাষ্ট্ৰৰ বিধান সভাত প্ৰাৰ্থীত্ব কৰাৰ মানসেৰে। ১৯৮০ চনত তেওঁ যেতিয়া বিধায়ক হয় তেতিয়া তেওঁৰ বয়স মাত্ৰ ২৫ বছৰ । তেওঁ সেই সময়ৰ ভাৰতৰ আটাইতকৈ কম বয়সীয়া বিধায়ক আছিল। আটাইবোৰ হ'ল যেতিয়া মন্ত্ৰীত্বৰ পৰা বাদ পৰিবনে ? সেয়াও হ'ল। কিন্তু মাথোঁ দুই এটি দপ্তৰৰ মন্ত্ৰী নহয়, চৈধ্যটা দপ্তৰৰ মন্ত্ৰী আছিল তেওঁ । ১৯৯২ চনত নাগাদ ৰাজ্যসভাৰো সদস্য নিৰ্বাচিত হয় ।
এইবোৰৰ ওপৰিও তেওঁৰ মাজত অইন কিছুমান বিশেষ গুণ আছিল। সেইবোৰৰ ভিতৰত--
তেওঁ এজন অসাধাৰণ চিত্রশিল্পী আছিল। তেওঁ পেছাদাৰী ফটোগ্রাফাৰ আছিল। তেওঁ মঞ্চাভিনেতা আছিল। তেওঁ বেতাৰ চালক আছিল ।
ইয়াৰোপৰি তেওঁৰ আছিল জ্যোতিষ শাস্ত্ৰত বিশেষ পাৰদৰ্শিতা। সন্মিলিত জাতিপুঞ্জ তথা ইউনেস্কোত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
তেওঁ ব্যক্তিগতভাৱে ৫২০০০ কিতাপ সংগ্ৰহ কৰিছে। লিমকা বুক অব্ ৰেকৰ্ডছয়ে তেওঁক ভাৰতৰ আটাইতকৈ বেছি শিক্ষিত ব্যক্তিৰ শিৰোনাম দিছে। ১৯৮৩ চনত তেওঁ 'বিশ্বৰ অসামান্য দহজন তৰুণ' হিচাপে নিৰ্বাচিত হয়।
২০০৪ চনত এইজন শ্ৰেষ্ঠ শিক্ষিত ব্যক্তিজনৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স আছিল ৪৯ বছৰ৷
(সংগৃহীত)
লগতে পঢ়ক-অসমত প্রচুৰ সম্ভাৱনাময় ব্যৱসায় চন্দন গছৰ খেতি