Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 May, 2022 2:22 PM IST
ভিয়েনামী কাৱৈ মাছ পালন

কাৱৈ মাছৰ বৈজ্ঞানিক নাম হৈছে এনাবাট টেষ্টুডিনিয়াছ (Anabas testudines) । ইয়াৰ ইংৰাজী নাম হৈছে ক’ই(Koi) আৰু ই প্ৰচ্ছদ আৰু বাকলিৰ সহায়ত বগুৱা বাই বহু দুৰলৈ যাব পাৰে বাবে ইয়াক ক্লাইম্বিং পাৰ্চ (Climbing perch)বুলি জনা যায়। ইয়াৰ দেহ চেপেটা ,দীঘল চানেকীয়া ,মুৰ স্পষ্ট আৰু তিনিচুকীয়া। মুখ বহল,দেহটো কাঁইযুক্ত বাকলিৰে আবৃত। পাৰ্শ্বীয় পাখি বহল আৰু অৰ্দ্ধ গোলা কৃতিৰ। পৃষ্ঠীয় পাখি দীঘল আৰু দুটা ভাগত বিভক্ত,সন্মুখৰ ভাগ দীঘলীয়া আৰু জোঙা কাঁইটীয়া, টান ৰশ্মিযুক্ত, পিছৰ ভাগটো ঘুৰণীয়া আৰু কোমল ৰশ্মিযুক্ত। কাৱৈ মাছৰ অতিৰিক্ত শ্বসনাংগ জলক্লোমৰ ওচৰতে অৱস্থিত। ইয়াৰ আকৃতি পাংখাৰ নিচিনা। ই পানীৰ উৰ্দ্ধস্তৰলৈ আহি বায়ুমণ্ডলৰ পৰা অম্লজান সেৱন কৰিব পাৰে।

কাৱৈ মাছ মিঠাপানী,ব্ৰেকিচৱাটাৰ আদিত থাকে। ই জলাহ,জলজ অপতৃণেৰে পৰিপুৰ্ণ হোলা,ডোবা,খাল,পুখুৰী আদি সকলোতে জীয়াই থাকিব পাৰে। কম গভীৰতাৰ অত্যধিক ঘেলা,ঘাঁহ-বনেৰে পৰিপুৰ্ণ হোৱা ঠাই,য’ত দ্ৰৱীভুত অম্লজানৰ পৰিমাণ অতি কম হয়,য’ত মিথেন ,হাইড্ৰ’জেন ,ছালফাইড,কাৰ্বন মন অক্সাইড,মুক্ত অম’নিয়া আদি বিষাক্ত গেছো যথেষ্ট পৰিমাণে থাকে,সেইবোৰ ঠাইতো কাৱৈ মাছে জীয়াই থাকিব পাৰে। পানীৰ ভৌত-ৰাসায়নিক গুণাগুণসমুহ প্ৰতিকুল অৱস্থাত থাকিলে ৰৌ,বাহু আদি সাধাৰণ মাছ জীয়াই থাকিব নোৱাৰে। কিন্তু কাৱৈ মাছ এই প্ৰতিকুল অৱস্থাতো জীয়ই থাকে। এইবোৰ মাছে পোক-পতংগ ,ইহঁতৰ কণী,পলু আদি খাই ভাল হয়। সেয়েহে কাৱৈ মাছে অপতৃণেৰে পৰিপুৰ্ণ জলাধাৰত থাকি ভাল পায়।

ইমান সোৱাদযুক্ত এই মাছবিধৰ সংখ্যা বৰ্তমান দিনকদিনে কমি আহিছে। ইয়াৰ মুল কাৰণসমুহ হৈছে-মানুহে ইয়াৰ প্ৰাকৃতিক বাসস্থান ধ্বংস কৰি দিয়া,জধে-মধে মাছবোৰ ধৰি খোৱা আদি। আগেয়ে বাৰিষা অহাৰ লগে লগে ৰাস্তা-ঘাটত কাৱৈ মাছ পোৱা গৈছিল। কিন্তু আজিকালি তাক আমি দেখিবলৈ নাপাওঁ। সেয়েহে এনে পৰিস্থিতিত এই মাছবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ সময় হ’ল। আমি এই মাছবোৰ আমাৰ পুখুৰীত পালনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ভিয়েটনামী কাৱৈ পালন কৰিবলৈ পানীৰ গুণাগুণ তলত দিয়া ধৰণে হ’ব লাগে-

উষ্ণতা:২৭-৩১ ডিগ্ৰী ছেণ্টিগ্ৰেড

আবিলতা:২৫-৩২ ছেণ্টিমিটাৰ

পি এইচ:৭.০-৭.৫

দ্ৰৱীভুত অম্লজান:৪-৫৫ মিলিগ্ৰাম/ লিটাৰ

টোটেল এলকালিনিটী:১১৫-১৩০ মিলিগ্ৰাম/ লিটাৰ

কঠিনতা:১২০-১২৪ মিলিগ্ৰাম/ লিটাৰ

নাইট্ৰেট নাইট্ৰ’জেন: ১.২-১.৩৫ মিলিগ্ৰাম/ লিটাৰ

নাইট্ৰাইট নাইট্ৰ’জেন:০.২-০.৫ মিলিগ্ৰাম/ লিটাৰ

কাৱৈ মাছ পুখুৰীত পালন কৰিবলৈ হ’লে আমাৰ পুখুৰীৰ গভীৰতা এক মিটাৰ হ’লেই যথেষ্ট। ইয়াক সংমিশ্ৰিত পদ্ধতি বা একক পদ্ধতিত পালন কৰিব পাৰি। এই মাছ পালনৰ বাবে পুখুৰীৰ প্ৰস্তুতি সংমিশ্ৰিত পদ্ধতিৰ দৰেই হয়। একক পদ্ধতিত কাৱৈ মাছ পালনৰ বাবে কুইক লাইম ২৫০ কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰথম কিস্তিত দিব লাগে। চুণ দিয়াৰ পিছত জৈৱিক সাৰ ২,৫০০ কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে। জৈৱিক সাৰ হিচাপে গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়। প্ৰতি হেক্টৰত কাৱৈ মাছ ২,৫০,০০০ টা ০.৭৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মাছ একক পদ্ধতিত দিব পাৰি। উপযুক্তভাৱে কৃত্ৰিম খাদ্য ব্যৱহাৰ কৰিলে ৬-৭ মাহত এই মাছ বিক্ৰী কৰিব পৰা হয়।

আমাৰ স্ব্দেশী কাৱৈ মাছবিধৰ তুলনাত ভিয়েটনামৰ কাৱৈ মাছবিধৰ বৃদ্ধিৰ হাৰ খৰটকীয়া হয়। ভিয়েটনামৰ পৰা অনা কাৱৈ মাছবিধ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পালন কৰি বহু লাভৱান হৈছে। স্বদেশী আৰু থাইলেণ্ডৰ কাৱৈৰ তুলনাত ভিয়েটনামৰ কাৱৈৰ বৃদ্ধিৰ হাৰ যথেষ্ট বেছি।

অসমত বৰ্তমান ভিয়েটনামৰ কাৱৈ আমাৰ মীন পালকসকলে পালন কৰিবলৈ লৈছে।

মাছৰ খাদ্য:এই মাছবিধক ৬-১০ শতাংশ হাৰত খাদ্য খুৱাব লাগে। দৈনিক দুবাৰ খাদ্য দিব লাগে। অধিক প্ৰ’টিনযুক্ত সুষম খাদ্য অতি উত্তম।তদুপৰি উদ্ভিদ প্লৱক,পোক-পতংগ আদি প্ৰধান।

প্ৰজননৰ সময়:এই মাছবিধ এপ্ৰিল মাহৰ পৰা জুলাইলৈ প্ৰজননক্ষম হয়। ইহঁতৰ কণীসমুহ ভাহি থাকে। উষ্ণতা ২৮.৫ ডিগ্ৰী ছেণ্টিগ্ৰেডত ১৮-২০ ঘণ্টাত ইয়াৰ কণী ফুটি পোৱালি হয়।

কাৱৈ মাছৰ পোৱালি সংগ্ৰহ কৰি আমাৰ পুখুৰীত পালন কৰিলে ৪-৬ মাহত ১০০-১৫০ গ্ৰাম পৰ্যন্ত পাব পাৰি। নলবাৰীৰ অমল মেধি নামৰ এজন মীনপালকে এই ভিয়েটনামী কাৱৈ মাছৰ পোৱালি কৃত্ৰিমভাৱে সৃষ্টি কৰি পালন কৰি লাভৱান হৈছে। বৰ্তমান তেওঁ বিভিন্ন জিলাত এই কাৱৈ মাছৰ পোৱালিবিধ যোগান ধৰিবলৈ লৈছে। পোৱালিৰ বাবে মেধিৰ লগত ৮৮১২৮৩৮৭০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। কাৱৈ মাছ হ’ল এনেকুৱা এবিধ মাছ,যাক বহু সময়লৈ পানীৰ পৰা বাহিৰত ৰাখিলেও সি সতেজ হৈয়ে থাকে। ইয়াৰ সোৱাদ আৰু সতেজতাৰ কাৰণে মানুহে এই মাছবিধ খাই ভাল পায়। তদুপৰি এই মাছবিধ পুখুৰীত পালনৰ উপযোগী, কিয়নো ই জাক বান্ধি একেলগে থাকে। যাৰ বাবে ইয়াক বেছি ঠাইৰ প্ৰয়োজন নহয় আৰু অধিক হাৰত মেলিলেও অক্সিজেনৰ অভাৱ নহয়।বছৰত কেইবাবাৰো এই মাছবিধ বিক্ৰী কৰিব পাৰি।বিভিন্ন ঠাইলৈ পৰিবহন কৰিলেও কোনো অসুবিধা নহয়। সেয়েহে জীয়া অৱস্থাত পোৱা হয় বাবে এই মাছবিধৰ বজাৰত চাহিদা বেছি। অতি উচ্চ হাৰত অৰ্থাৎ ৩০০-৩৫০ টকা প্ৰতি কিলোগ্ৰাম দৰত এই মাছবিধ বজাৰত বিক্ৰী কৰা হয়। গতিকে আমাৰ মীনপালকসকলে যদি এই মাছবিধ পালন কৰে, তেনেহ’লে যথেষ্ট লাভাম্বিত হ’ব।আমিও পুষ্টিযুক্ত মাছ খাবলৈ সক্ষম হ’ব।

লেখক:প্ৰতুল ডেকা (সংগৃহীত)

লগতে পঢ়ক-মাছৰ পোনা উৎপাদনত লবলগীয়া সাৱধানতা

English Summary: Vietnami kawai fish farming
Published on: 25 May 2022, 02:16 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now