1. পশুপালন

মাছৰ পোনা উৎপাদনত লবলগীয়া সাৱধানতা

KJ Staff
KJ Staff
Precautions to be taken in the production of fish Seed
Precautions to be taken in the production of fish Seed

বৰ্তমান মাছৰ কণী পৰা সময়। মাছে বোৱতী সুঁতিত কণী পাৰে। সেয়েহে নৈ, জান, জুৰি বা জলাশয়ৰ পৰা পুৰণি কালত মাছপোনা সংগ্ৰহ কৰিব লগা হৈছিল। উপযুক্ত সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে মাছ পোনা সংগ্ৰহত জটিলতা আহে। ঠিক সেইদৰে নৈ বিল আদিৰ পৰা প্ৰজননক্ষম মাছসমূহ উঠাই বিক্ৰী কৰাৰ ফলত মাছপোনাৰ সংখ্যা প্ৰাকৃতিক জলাশয়ত কমি আহিব ধৰিছে। মাছে প্ৰাকৃতিক জলাশয়ত কণী এৰি দিয়াৰ পিছত উপযুক্ত পৰিবেশৰ অভাৱৰ বাবে বহু কণী নষ্টও হয়। ভেকুলী, সাপ আদিয়ে আমাৰ জলপৃষ্ঠত প্ৰবেশ কৰাৰ ফলত মাছপোনা সমূহ অকালতে মৃত্যু মুখত পৰে।

এনে এক সন্ধিক্ষনত আমাৰ মীন বিজ্ঞানী সকলে নানা পৰীক্ষা নিৰীক্ষাৰ অন্তত ঠাৱৰ কৰিলে যে কৃত্ৰিমভাৱে বৰষুণ, নৈৰ পানীৰ সোঁত আৰু মাছৰ বেজী দি মাছপোনা সৃষ্টি কৰিব পৰা যায়। বিভিন্ন ধৰণৰ হ’ৰমন ব্যৱহাৰ কৰি বেজী দি মাছপোনা সৃষ্টি কৰা পদ্ধতিটোক হাইপোফাইজেশ্যন বোলে। এই পদ্ধতিত প্ৰজননক্ষম মাছসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট হাৰত  হ‘ৰমন মাছত প্ৰয়োগ কৰি মাছপোনা সৃষ্টি কৰা হয়। কৃত্ৰিমভাৱে মাছপোনা উৎপাদন কৰিবলৈ আমি বান্ধ প্ৰস্তুত কৰিব পাৰো নাইবা হেচ্ছাৰীৰ জৰিয়তে উৎপাদন কৰিব পাৰো। বান্ধৰ পৰা পোনা সংগ্ৰহ কৰা পদ্ধতিটো হ’ল অৰ্দ্ধপ্ৰাকৃতিক, ইয়াত বান্ধ দি পুখুৰী বা খাল খন্দা হয়। বান্ধৰ উচ্চভূমিত অন্তৰ্গমন আৰু নিম্নভূমিত নিৰ্গম নলী থাকে, যাতে বান্ধটোত পানীৰ এক এক মৃদু সোঁতৰ সৃষ্টি হয়।

পুখুৰীত পালন কৰা কাৰ্পজাতীয় মাছসমূহ এপ্ৰিল-জুন মাহত কণী এৰিবলৈ উত্ৰাৱল হৈ থাকে। এনে এক পৰিস্হিতিত যেতিয়া বৰষুণ আহে, তেতিয়া প্ৰজননক্ষম মাছৰ মতা মাইকীক বেজি দি তাত মেলিব লাগে। ধাৰষাৰ বৰষুণ, ডাৱৰীয়া বতৰ, ধুমুহা বতাহ আদিয়ে মাছৰ প্ৰজননত যথেষ্ট প্ৰভাৱ পেলায়। এই পদ্ধতিত আমি কিছু পৰিমাণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ আদি নহলে মাছৰ চৰম প্ৰজনন ঋতুত হয়তো আমি মাছপোনা সংগ্ৰহ কৰিব নোৱাৰিবও পাৰো। এই সকলো বিলাক কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিজ্ঞানীসকলে এটা নতুন কৌশল আৱিস্কাৰ কৰিলে-য’ত কৃত্ৰিম সোঁত, বৰষুণ আদি সৃষ্টি কৰিব পৰা ব্যৱস্হা সন্নিহিত থাকে, সেইটোৱেই হ’ল  হেচ্ছাৰী। হেচ্ছাৰী হল চিমেণ্টেৰে বনোৱা ঘুৰণীয়া আকৃতিৰ পুখুৰী।

পোন প্ৰথমে চীনত এই পদ্ধতি আৰম্ভ হৈছিল বাবে ইয়াক চাইনীজ হেচ্ছাৰী বুলি কোৱা হয়। ইয়াত প্ৰধানকৈ এটা বৃত্তাকাৰ পুখুৰী (৮ মিটাৰ ব্যাস, তলিখন কেন্দ্ৰৰ পিনে হেলনাীয়া) কণী সংৰক্ষক পুখুৰী, হেচ্ছিং পুখুৰী ই দুতৰপীয়া, বাহিৰৰ পুলটোৰ ব্যাস ৩-৪ মিটাৰ আৰু ভিতৰৰ পুলৰ ব্যাস ১-২ মিটাৰ আৰু অভাৰ হেড টেংক (পানী ধাৰণ ক্ষমতা অতি কমেও ৩০-৪০ হাজাৰ লিটাৰ হ’ব লাগে) থাকে। এই হেচ্ছাৰীত একে সময়তে ৭০ কিলোগ্ৰাম পৰ্য্যন্ত মাছপোনা উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। প্ৰজননক্ষম মাছসমূহ বেজী দিয়াৰ পিছত প্ৰজনন পুখুৰীত মেলিব লাগে। এই পুখুৰীত মেলাৰ ৪-৬ ঘণ্টাৰ পিছত মাছে কণী এৰি দিব। এই কণীসমূহ পিছত কণী সংৰক্ষক পুখুৰীলৈ স্হানান্তৰ কৰা হয়। কণী সংৰক্ষক পুখুৰীৰ পৰা হেচ্ছিং পুখুৰীত কণী ৰখা হয় আৰু ২৪-৭২ ঘণ্টা ভিতৰত হেচ্ছাৰীত মাছৰ পোনা উৎপাদনৰ গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হয়।

লগতে পঢ়ক-বানাক্ৰান্ত অঞ্চলত মীন পালকসকলে লবলগীয়া ব্যৱস্থাসমূহ

মাছক প্ৰজনন কৰাৰ বাবে চিৰিঞ্জত বিভিন্ন প্ৰকাৰৰ হ’ৰমন ব্যৱহাৰ কৰিব পাৰি। তাৰ ভিতৰত পিচুইটেৰী গ্ৰণ্হিৰ পৰা প্ৰাপ্ত কৰা প্ৰৰস, এইচ চি জি, অভাপ্ৰীম, অভাটাইড আদি। আগতে পিটুইটেৰি গ্ৰণ্হি মাছৰ প্ৰজননৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। এই গ্ৰণ্হিসমূহ মাছৰ মূৰৰ পৰা সংগ্ৰহ কৰা হয় আৰু বেজী দিয়াৰ আগমুহূৰ্তত পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয়। কিন্তু আজিকালি বজাৰত জুলীয়া অৱস্হাত অভাপ্ৰীম, অভাটাইড আদি হ’ৰমন পোৱা যায়। আমাৰ বহুতো মীনপালকে বৰ্তমান অভাপ্ৰীম, অভাটাইড আদি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ বহু সুবিধা আছে আৰু তাৰ ভিতৰত ইয়াক পনীয়া অৱস্হাত পোৱা যায়, কোঠাৰ উষ্ণতাত ইয়াক সংৰক্ষণ কৰিব পাৰি, বহুত দিনলৈ নষ্ট নোহোৱাকৈ থাকে। ইয়াক ব্যৱহাৰ কৰিলে মতা আৰু মাইকী মাছৰ একেলগতে এটা বেজী দিলে হয়। কিন্তু পিটুইটেৰি প্ৰসৰৰ ক্ষেত্ৰত প্ৰথমতে মাইকী মাছক প্ৰথমটো বেজী দিব লাগে। প্ৰথম বেজী দিয়াৰ ৬ ঘণ্টাৰ পিছত মাইকী মাছক দ্বিতীয় বেজী দিয়া হয়। মাইকী মাছক দ্বিতীয় বেজী দিয়াৰ সময়ত মতা মাছকো বেজি দিব লাগে। ইয়াত মাইকী মাছক দুটা বেজী দিয়া বাবে তাক বেছিকৈ হাতেৰে স্পৰ্শ কৰিব লগা হয়, কিন্তু অভাপ্ৰীমৰ ক্ষেত্ৰত এই অসুবিধাটো নহয়।

পিটুটেৰি কিম্বা চিমেণ্টিক হ’ৰমন যিয়েই নিদিয়ক কিয় উপযুক্ত ধৰণে কাম খিনি সমাধা কৰিলে মাছে কণী পাৰিব। এইখিনিতে প্ৰশ্ন হয়- মাছ ক’ত বেজী দিব, কেনেকুৱা মাছ বেজী দিয়াৰ বাবে সংগ্ৰহ কৰিব?

প্ৰজননৰ বাবে সাধাৰণতে ২-৩ বছৰীয়া মাছ হ’ব লাগে। প্ৰজননৰ বাবে অনা মাছটো তলপেটত চুই দিলেই শুক্ৰানু বা কণী নিৰ্গত হ’লে বুজিব লাগিব যে মাছপোনা উৎপাদনৰ বাবে এই মাছটো উৎকৃষ্ট। সেয়েহে প্ৰজনন কৰাৰ আগতে মাছ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত। প্ৰজননক্ষম মাছ সমূহক দুই ধৰণে বেজী দিয়া হয়-

১। ইনট্ৰা মাছকুলাৰ (Intra Muscular)

২। ইনট্ৰা পেৰিটনিয়েল (Intra Peritoneal)

প্ৰথম পদ্ধতিত মাছৰ ঠিক বাকলিৰ তলত আন্তঃপেশীত পায়ুপাখিৰ ওচৰৰ পাৰ্শ্চীয়ৰোখাৰ ঠিক ওচৰৰ মাছৰ দেহৰ সমান্তৰালভাৱে নিডলটো সুমুৱাই লৈ ৪৫ ডিগ্ৰী কোণত চিৰিঞ্জৰ পৰা হ’ৰমন শৰীৰত প্ৰবেশ কৰিব দিব লাগে। তাৰ পিছত বেজী দিয়া ঠাইডোখৰ আঙুলিৰ্ ভালদৰে মোহাৰি দিব লাগে যাতে হ’ৰমন খিনি সম পৰিমাণত শৰীৰত প্ৰবেশ কৰে।  

লগতে পঢ়ক-সমন্বিত গাহৰি আৰু মৎস পালন সম্পৰ্কে কিছু কথা-

দ্বিতীয় পদ্ধতিমতে মাছৰ পাৰ্শ্চীয় আৰু বক্ষীয় পাখীৰ মাজত বেজী দিয়া হয়। এই পদ্ধতিচো বৰ জটিল। ইয়াত বেজী দিয়াত অলপ হীন দেৰি হ’লে মাছৰ বিভিন্ন অংগ প্ৰত্যংগ নষ্ট হোৱাৰ থল থাকে। সেয়েহে আমি প্ৰথম পদ্ধতিৰে মাছক বেজী দিয়া উচিত।

মাছক বেজী দিওতে লব লগা সাৱধানতা

  • বেজী দিবলৈ অনা মাছটোৱে যাতে আঘাত নাপায়, সেই কথালৈ গুৰুত্ব আৰোপ কৰিব লাগে।

  • খালী হাতেৰে মাছ স্পৰ্শ কৰিব নালাগে। হেণ্ডনেটৰ ভিতৰত মাছটো সোমাই লব লাগে। মাছটো তিতা কুচনৰ ওপৰত ৰাখিব লাগে। নিডলটো বাকলিৰ তলেৰে মাংসপেশীত খুৱ সাবধানে সুমুৱাই দিব লাগে আৰু নিডলটো উলিয়াই অনাৰ পিছত তাক মোহাৰি দিয়া উচিত।

  • বেজী দিয়াৰ সময়ত মাছটোৰ পেটত হেচা দিব নালাগে।

  • একেখিনি মাছকে বাৰে বাৰে বেজী দিব নালাগে।

  • বেজী দিয়াৰ পিছত মাছটো খুৱ সাৱধানে প্ৰজনন পুলত কণী এৰিবলৈ এৰি দিব লাগে।

  • মাছৰ ওজন ভালদৰে লৈ জোখমতে হ’ৰমন দেহত প্ৰয়োগ কৰিব লাগে।

বেজী দিয়াৰ পিছত মাইকী মাছে কণী মাছে কণী এৰে আৰু মতা মাছে তাৰ ওপৰত শুক্ৰানু ত্যাগ কৰে। এই নিস্ক্ৰিয় কণী সমূহৰ পৰা নিৰ্দিষ্ট সময়ৰ মূৰত পোৱালিৰ সৃষ্টি হয়। কণী বা শুক্ৰানু এৰি দিয়াৰ পিছত বেজী দিয়া মাছসমূহৰ শৰীৰৰ অৱস্হা পৰীক্ষা কৰি লৈ তাক বিক্ৰী বা পুখুৰীত এৰিব লাগে। যদি মাছতো দুৰ্বল দেখা যাত তাক বিক্ৰী কৰিব লাগে। সবল মাছখিনি পটাচ পানীত তিয়াই পুখুৰীত সংৰক্ষণ কৰাৰ ব্যৱস্হা কৰিব লাগে। আমাৰ বহুতো মানুহে বেজী দিয়াৰ পিছত মাছতো খাবলৈ ভয় কৰে, আচলতে তাত ভয় কৰিব লগা একো নাই। এই মাছ খোৱাৰ ফলত শৰীৰত একো ক্ৰিয়া নহয়। অৱশ্যে কণী এৰাৰ পিছত কিছু পৰিমাণে মাছৰ খোৱাদ কমে।

ব্যৱসায়িক ভিত্তিত মাছ পোনা উৎপাদন কৰিব পাৰিলে আমি লাভান্বিত হব পাৰো। অসমত মাছ পোনা উৎপাদন হয় যদিও বৰ্তমানেও বাহিৰৰ পৰা মাছ পোনা অসমলৈ আহি থাকে। গতিকে ভাল মাছৰ পোনাৰ চাহিদা অসমত সদায় বেছি। বজাৰত ভাল গুণাগুণ সম্পন্ন মাছ পোনা পোৱাটো বৰ কঠিন। কিয়নো আমাৰ বহুতো অসৎ প্ৰকৃতিৰ ব্যৱসায়ীয়ে কম সময়ত বেঠি লাভৰ বাবে পৰিপক্ক নোহোৱা মাছকে কৃত্ৰিমভাৱে বেজী দি মাছৰ পোনা সৃষ্টি কৰে যিবিলাকৰ গুণাগুণ যথেষ্ট ক’ম। সেয়েহে উপযুক্ত ধৰণে আমাৰ মীনপালকসকলে নিজে মাছ উৎপাদন সৃষ্টি কৰি নিজৰ পুখুৰীত পালন কৰাৰ উপৰিও অন্য পালক সকলকো বিক্ৰী কৰিব পাৰে।

মাছ পোনা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা প্ৰজননক্ষম মাছসমূহ নিজৰ পামৰ পৰা বাবে বাৰে প্ৰয়োগ নকৰি মাজে মাজে বাহিৰৰ পৰা (নৈ, বিল আদিৰ পৰা) সংগ্ৰহ কৰি  উৎপাদন কৰিব পাৰিলে ভাল জাতৰ গুণসম্পন্ন পোনা পাবলৈ সক্ষম হোৱা যায়। সৰু সৰু মাছবিলাক বেজি দি উত্তেজিত কৰি পোনা উৎপাদন নকৰি পৰিপক্ক গাভিনী মাছ ব্যৱহাৰ কৰিলে কোৱলিটি চিড পোৱা সম্ভৱ হ’ব। মীন ক্ষেত্ৰৰ প্ৰকৃত উন্নয়নৰ বাবে সাৰ, পানী, খাদ্য যেনেকৈ প্ৰয়োজন তেনেদৰে কোৱালিচি চিডৰো প্ৰয়োজন। সকলোখিনিৰ সমন্বয়তহে মাছৰ উৎপাদন বৃদ্ধি হ’ব, অসমৰ মানুহেও এসাঁজ জুটি লগাই খাব পাৰিব।

লেখক: প্ৰতুল ডেকা,

মীন উন্নয়ন বিষয়া, মীন বিভাগ

লগতে পঢ়ক-মাছৰ পোনা চিনাক্তকৰণৰ কেইটামান কৌশল-

English Summary: Precautions to be taken in the production of fish Seed

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.