1. পশুপালন

সমন্বিত গাহৰি আৰু মৎস পালন সম্পৰ্কে কিছু কথা-

KJ Staff
KJ Staff
Integrated Fish and Pig Farming
Integrated Fish and Pig Farming

পৃথিৱীৰ এক বৃহৎ অংশত এই কেইটা বছৰত প্ৰ’টিনজাত খাদ্য উৎপাদনৰ হকে সমন্বিত পশুপালন আৰু মৎস পালনৰ বাবে ন ন পদক্ষেপ লৈছে। ইয়াৰ জৰিয়তে অধিক প্ৰটিনজাত খাদ্য উৎপাদনৰ লগতে অৰ্থনৈতিকভাৱে লাভৱানো হৈছে। ভাৰতবৰ্ষত কম পইচা বিনিয়োগ কৰি কুকুৰা পামৰ লগতে মৎস পালন পাম,গাহৰিৰ লগতে মৎস উৎপাদন পামৰ ওপৰত গুৰুত্ব দিছে। কৃষিজীৱি ৰাইজৰ পক্ষে এনে সমন্বিত পদ্ধতিৰে পাম স্হাপন কৰিবলৈ সহজ আৰু উপযোগী।

বৰ্তমান পৃথিৱীৰ সৰ্বমুঠ ১.৬ মিলিয়ন হেক্টৰ সম্ভাৱনীয় বিশাল জলৰাশি বিল, হ্ৰদ, বৃহৎ জলাশয় আদি হিচাপে আছে। তাৰ ভিতৰত মাত্ৰ ০.৬ মিলিয়ন হেক্টৰ জলৰাশিহে মৎস উৎপাদনৰ হকে ব্যৱহৃত হৈছে।  অৱশিষ্ট জলৰাশিও সমন্বিত গাহৰি আৰু মৎস পোহ-পালন কৰিব পাৰিলে অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ লগতে নিৱনুৱা সমস্যাৰো বহুলাংশে সমাধান হ’ব।

আমাৰ অসমত প্ৰায় ৭২ শতাংশ লোকেই গ্ৰামাঞ্চলত বাস কৰা লোক। তদুপৰি অসমৰ বহু অঞ্চল খাল, ডোং, বিল আদি দ চনকীয়া ঠাইত বাৰ মাহেই পানী থাকে। এইবোৰ ঠাই সমন্বিত গাহৰি আৰু মৎস পালনৰ বাবে সৰ্বোত্তম ঠাই। এইবোৰ ঠাইত কম দিনৰ ভিতৰতে শাৰীৰিক গঠনৰ বৰ্ধন হোৱা মাছ নিৰ্বাচন কৰি পোহ পালন কৰিলে আৰু লগতে সেই মাছ পোহা পুখুৰী বা বিলৰ পাৰতে উন্নত প্ৰজাতিৰ বৰ্ণ সংকৰ জাতৰ গাহৰি পাম অখন স্হাপন কৰিলে অধিক লাভৱান হ’ব  পাৰি।

সমন্বিত গাহৰি আৰু মৎস পালনৰ সুবিধাসমূহ

যিহেতুকে নিচেই কম সময়ৰ ভিতৰতে গাহৰি পালনৰ জৰিয়তে উৎপাদন পোৱা যায়, উন্নত জাতৰ একোজনী গাহৰিয়ে আমাৰ থলুৱা গাহৰিৰ তুলনাত ৬ মাহৰ ব্যৱধানত দুবাৰকৈ ১০-১২ টা পৰ্যন্ত পোৱালি দিয়ে, কম খাই অধিক দেহৰ ওজন বৃদ্ধি হয়। আৰু অন্য জন্তৰ তুলনাত বেমাৰ আজাৰো কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমন্বিত গাহৰি পালনক অগ্ৰাধিকাৰ দিয়ে। মৎস পালনৰ সৈতে গাহৰি পালন এই কাৰণেই সৰ্বোত্তম যে গাহৰিৰ মল মুত্ৰখিনি ওচৰতে এটা দ গাঁতত জমা কৰি পচাই এক নিৰ্দিষ্ট পৰিমাণত সময়ে সময়ে মাছ পোহা জলাশয়টোলৈ বোৱাই দিলে সেইখিনি মাছৰ উত্তম খাদ্য হৈ পৰে।

আনহাতে এই মলমুত্ৰখিনিয়ে পুখুৰীটো সাৰ আৰু উৰ্বৰাকৰ হিচাপে ক্ৰিয়া কৰাৰ ফলত মাছখিনিৰ শাৰীৰিক বৰ্ধন আৰু ওজন বৃদ্ধিত সহায় কৰে। তাৰোপৰি গাহৰিৰ পেলনীয়া খাদ্য আৰু মলত মাছৰ বাবে শতকৰা ৭০ ভাগ হজম কৰিব পৰা খাদ্যৰ ক্ষুদ্ৰাংশ থাকে। গাহৰিৰ মল আৰু মুত্ৰখিনিত মাখি আৰু অন্য পৰজীৱিয়ে বংশ বিস্তাৰৰ বাবে পোকৰ জন্ম দিয়ে যিবোৰ মাছৰ উত্তম খাদ্য হৈ পৰে। সেয়ে এই সমন্বিত পদ্ধতিত মাছৰ বাবে সুকীয়াকৈ দানা বা খাদ্য যোগামন ধৰাৰ প্ৰয়োজন নাই। ফলস্বৰুপে পালক সকলৰ শতকৰা ৬০ ভাগ খৰচ ৰাহি হয়।

মৎস পালনৰ বাবে জলাশয় আৰু তাৰ পৰিচৰ্যা

সাধাৰণতে মাছ পুহিব খোজা জলাশয়টো স্হায়ীভাৱে পোহাৰ বাবে উপযোগী কৰি তুলিবলৈ ২ কঠাৰ পৰা ৩-৪ কঠাৰ পৰিসীমাৰ ভিতৰত সমকোণ আকাৰৰ হ’ব লাগে। প্ৰথমে জলাশয়ত থকা অলাগতিয়াল সৰু সৰু মাছবোৰ আঁতৰাই পেলাব লাগে । পুনি, শেলাই, মেটেকাৰ দৰে জলজ উদ্ভিদবোৰ আঁতৰাই জলাশয়টো উপযোগী কৰি তোলাৰ পাছত তাত ১২-১৫ ছে:মি দৈৰ্ঘ আৰু ১০-১৫ গ্ৰাম ওজনৰ কম দিনৰ ভিতৰতে শাৰীৰিক বৰ্ধন ঘটা মাছৰ পোনা যেনে-ৰৌ, বাহু, মিৰিকা আৰু অন্যান্য কাৰ্প জাতীয় কোনোবা এবিধ পোনা নিৰ্বাচন কৰি পুহিব লাগে। প্ৰতি ১ হেক্টৰ পৰিসীমাৰ জলাশয়ত ৮০০০-১০০০০ মাছৰ পোনা মেলিব পাৰি। অৱশ্যে মাছ পোনাৰ ঘনত্ব আৰু প্ৰজাতিৰ অনুপাত অনুসৰি সময়ে সময়ে ইয়াক পৰিবৰ্তনো কৰিব পৰা যায়।

জলাশয়ৰ পানীৰ গুণগত মান বৃদ্ধি কৰিবলৈ সময়ে সময়ে চূণ চটিয়াব লাগে। কাৰণ জলাশয়ৰ তলিত জমা হোৱা ভিন ভিন জৈৱিক পদাৰ্থৰ বাবে মাছৰ কোনো বেমাৰ হব পাৰে। এই ক্ষেত্ৰত চূণে বেমাৰ হোৱাত বাধা দিয়ে। অৱশ্যে কিমানখিনি চূণ দিব লাগে সেয়া জলাশয়টোৰ পানী আৰু মাটিখিনিৰ অৱস্হাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মাটিৰ নমুনা সংগ্ৰহ কৰি লেবৰটৰীত মাটিৰ অৱস্হাতো নিৰ্ণয় কৰি লোৱাটো প্ৰয়োজন। মাছখিনি কিমান ডাঙৰ হৈছে তাক নিৰূপণ কৰিবলৈ মাহেকত অন্ততঃ দুবাৰ জলাশয়টোত জাল মাৰিব লাগে। এনে কৰিলে জলাশয়ৰ তলিৰ বোকাত জমা হৈ থকা অনিষ্টকাৰী জৈৱিক গেছবোৰ আৰু মাছৰ বাবে পুষ্টিকৰ পদাৰ্থবোৰ নিৰ্গত হবলৈ সুবিধা পায়। তদুপৰি ই জৈৱিক পদাৰ্থৰ মিশ্ৰণ প্ৰক্ৰিয়াটো বঢ়াই তোলে। ফলত পানীৰ উৰ্বতাখিনিও বৃদ্ধি পায়।

গ্ৰীষ্মকালি জলাশয়ত তলিত জৈৱিক পদাৰ্থসমূহ বেছিকৈ জমা হোৱাৰ ফলত মেটেকা, পুনি, শেলাইৰ দৰে জলজ উদ্ভিদবোৰ ফুল ফুলি জলাশয়টো ভৰি পৰে। যাৰ ফলত পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ কমি যায়। ফলত মাছৰ শ্বাসৰুদ্ধ বা মাছৰ ফুলত এই জলজ উদ্ভিদবোৰে হেঁচা মাৰি ধৰি স্বাস লোৱাত বাধপ্ৰাপ্ত হৈ মাছৰ মৃত্যু ঘটে। গতিকে উপযুক্ত হাৰ্বিচাইড ব্যৱহাৰ কৰি এই জলজ উদ্ভিবোৰ ধ্বংস কৰিব লাগে।

সমন্বিত পদ্ধতিত গাহৰি ঘৰটো কেনে হোৱা উচিত?

সমন্বিত গাহৰি আৰু মৎস পামৰ বাবে গাহৰি ৰখা ঘৰটো জলাশয়ৰ পাৰতে এনেকৈ সজা হয় যাতে ঘৰটোৰ মজিয়াখন ক্ৰমে জলাশয়ৰ ফালে এঢলীয়া হয়, গাহৰিৰি মলমুত্ৰ আৰু পেলনীয়া খাদ্যখিনি নলা এটাৰে জলাশয়লৈ বোৱাই লৈ যাব পাৰি। পুখুৰী বা জলাশয়ৰ ওপৰতো গৰালটো সাজিব পাৰি, অৱশ্যে এই বিধত মজিয়াখন ফুটা ৰাখিব লাগে যাতে গাহৰিৰ মলমুত্ৰখিনি পোনে পোনে জলাশয়ত পৰে আৰু মাছৰ আহাৰ হয়। অৱশ্যে এইবিধ ঘৰ সিমান সুবিধাজনক নহয়, কাৰণ পানীৰ সেমেকা জলবায়ুৰ প্ৰভাৱত গাহৰি পোৱালিবোৰ বিভিন্ন শ্বাসজনিত ৰোগত ভোগাৰ সম্ভাৱনা থাকে।

পোহাৰ বা গাহৰি নিৰ্বাচন আৰু স্বাস্হ্য ৰক্ষাৰ্থে ব্যৱস্হা

সমন্বিত মৎস পালনৰ বাবে বৰ্ণ সংকৰ গাহৰি পোহাটো উপযোগী । থলুৱা গাহৰিয়ে এবাৰত ৫-৬ টা পোৱালি জন্ম দিয়ে আৰু অৰ্থনৈতিকভাৱে কম উৎপাদক্ষম হোৱাৰ বিপৰীতে উন্নত জাতৰ গাহৰি যেনে-হেমস্পেয়াৰ, লাৰ্জহোৱাইট, ডলবেক, য়ৰ্কচায়াৰ আৰু লেণ্ডৰেচ গাহৰিয়ে এবাৰত ১০-১২ টা পৰ্যন্ত পোৱালি দিয়ে আৰু কম দিনতে ইঁহত ডাঙৰ দীঘল হয়। ৫-৬ মাহৰ মূৰত উন্নত প্ৰজাতিৰ গাহৰিৰ ওজন ৬০-১০০ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু মাংসৰ বাবে ব্যৱহাৰ কৰিব পাৰি অথবা বিক্ৰী কৰিব পৰা যায়। মাছ উৎপাদনৰ এবছৰীয়া পোহপালনত ৬ মাহৰ ব্যৱধানত গাহৰিৰ দুটা গোট পালন কৰাটো সম্ভৱ। কাৰণ গাহৰিখিনিৰ যোনেকৈ বয়স বৃদ্ধিৰ লগে লগে খাদ্যৰ পৰিমাণো বেছি লাগে সেইদৰে মাছখিনিৰ বাবে  লগা খাদ্যৰ পৰিমাণো বাঢ়ি যায়। গতিকে ৬ মাহৰ মূৰত গাহৰিৰ প্ৰাপ্তবয়স্ক গোটতো বিক্ৰী কৰি গাহৰিৰ পোৱালিৰ নতুন গোটতো আনি সুমোৱাৰ লগে লগে মাছখিনিৰ বাবে লগা খাদ্যৰ ক্ষমতাখিনি পুনৰ স্হাপন হয়।

গাহৰিয়ে খাদ্য হিচাপে সকলো বস্তোৱেই খায়। অৰ্থনৈতিকভাৱে লাভৱান হ’বলৈ  মৎস উৎপাদনৰ বাবে গাহৰিক ৰান্ধনি ঘৰৰ পেলনীয়া অংশ, হোটেল আদিৰ পেলনীয়া খাদ্য, আলু, কচু, শিমলু আলু, পানী মেটেকা খুৱাব লাগে। এনে কৰিলে দানাৰ কৰচ কমি য়ায় আৰু অধিক লাভ়ৱান হ’ব পাৰি। তদুপৰি গাহৰিৰ খাদ্যত প্ৰটিন, চৰ্বি, ধাতৱ লৱন, ভিটামিন আদি থকাটো প্ৰয়োজন।

স্বাস্হ্যৰ ক্ষেত্ৰত অন্য জন্তৰ তুলনাত গাহৰিৰ বেমাৰ আজাৰ ক’ম । জন্মৰ এমাহ বয়সৰ পৰা প্ৰতি ১.৫-২ মাহৰ ব্যৱধানত পেলুজাতীয় ঔষধ খুউৱাটো প্ৰয়োজন। নিকটতম পশু চিকিৎসকৰ লগত যোগাযোগ কৰি প্ৰতিষেধক ছিটাৰ ব্যৱস্হা কৰিলে মাৰাত্মক টেটুৱা বা গলফুলা, জহৰবাও, চবকা, কলেৰাৰ দৰে বেমাৰৰ পৰা গাহৰিখিনিক ৰক্ষা কৰিব পৰা যায়। পোৱালি অৱস্হাত ৰক্তহীনতা ৰোগত ভোগাৰ পৰা ৰক্ষা পাবলৈ আইৰণযুক্ত ঔষধৰ বেজি দিওৱাৰ ব্যৱস্হা কৰিব লাগে।

পৰিশেষত দেখা গৈছে যে এইদৰে সমন্বিত মৎস আৰু গাহৰি পালনৰ দ্বাৰা ৫-৬ মাহৰ মূৰত বজাৰৰ মূল্য চাই তুলনামূলকভাৱে ডাঙৰ হোৱা মাছবোৰ উঠাই বিক্ৰী কৰিলে অধিক লাভৱান হব পাৰি। মাছৰ সেই খালী ঠাই পুনৰ নতুন মাছ পোনাৰে পূৰাব লাগে। বছৰটোৰ শেষত একেবাৰে মাছখিনি উঠাই   বিক্ৰী কৰিলে অধিক লাভৱান হ’ব পাৰি। এক হেক্টৰ পৰিসীমাৰ পুখুৰী বা জলাশয় এটাৰ পৰা বছৰি এই পদ্ধতিত প্ৰায় ৭০০০-৮০০০ কেজি মাছ উৎপাদন কৰি অৰ্থনৈতিকভাৱে লাভৱান হ’ব পাৰি। সেইদৰে একেটা বছৰতে ছমাহৰ ব্যৱধানত দুটা গোটৰ গাহৰি পালনৰ দ্বাৰা মাছৰ লগতে গাহৰিৰ মাংস বিক্ৰী কৰি পালকজনে অধিক অৰ্থ উপাৰ্জন কৰি অৰ্থনৈতিকভাৱে স্বচছল হ’ব পাৰে।

লেখক- ডা০ নৃপেন খাউণ্ড

অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক

বিশিষ্ট পশু চিকিৎসক

লগতে পঢ়ক-মাছপোনা চিনাক্তকৰণ আৰু পুখুৰীত মেলাৰ কৌশল-

English Summary: Integrated Fish and Pig Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.