Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 January, 2023 10:45 AM IST

খুব কম ঠাই ব্যৱহাৰ কৰি মৎস্য পালনৰ জৰিয়তে বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া মাছ। এই মাছবিধ খালে যথেষ্ট শক্তি পোৱা যায় বাবে বেমাৰী মানুহে খালে যথেষ্ট শক্তি পায়। বৰ্তমান এই মাছবিধৰ বজাৰত চাহিদা খুব বেছি। ইয়াৰ প্ৰতি কিলোগ্ৰামত মূল্য ৫০০-৬০০ টকা পৰ্যন্ত হয়। আগতে কুচিয়া বিভিন্ন খাল, বিল, জলাশয়ত পোৱা গৈছিল। কিন্তু বৰ্তমান ইয়াৰ সংখ্যা কমি গৈছে। সেয়েহে এই মাছবিধ আমি পালনৰ জৰিয়তে সংৰক্ষণ কৰাৰ লগতে উপাৰ্জন কৰিব পৰা যথেষ্ট স্থল আছে।

খুব কম খৰচত কম ঠাই ব্যৱহাৰ কৰি কুচিয়া মাছৰ খেতি কেনেকৈ কৰিব পৰা যায়-

কুচিয়া পালনৰ বাবে আমি দুটা চিমেন্টৰ টেংকী নিৰ্মাণ কৰিব লাগিব, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ হ’ব লাগে। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গমিটাৰ হ’ব। টেংকীত যাতে কোনো চিদ্ৰ নাথাকে সেইটো লক্ষ্য ৰাখিব লাগে। পানী বাহিৰলৈ যোৱাৰ বাবে বৰ্হিগমন নলীৰ ব্যৱস্থা ৰাখিব লাগে। কুচিয়া মাছ পালনৰ বাবে প্ৰস্তুত কৰা চিমেন্টৰ টেংকীৰ ভিতৰত মাছ পালনৰ উপযোগী হোৱাকৈ কেইটামান তৰপৰ ব্যৱস্থা কৰিব লাগে-

  • ১০ ছেন্টিমিটাৰ ডাঠ বোকা মাটিৰ এটা তৰপ(ধাননি পথাৰত বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।
  • ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ(খেৰৰপৰা বনোৱা) এটা তৰপ প্ৰথম তৰপৰ ওপৰত দিব লাগে।
  • দ্বিতীয় তৰপৰ এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।
  • তৃতীয় তৰপৰ ওপৰত্ ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰৰ এটা তৰপ দিব লাগে।
  • চতুৰ্থ তথা একেবাৰে ওপৰৰ তৰপত এফালে এঢলিয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।

পানী-

  • মাটিৰ তলৰ পানী(ground water) বা নিজৰাৰ পানী(spring water) ব্যৱহাৰ কৰিব লাগে। এনে পানীত ক্ল’ৰিনৰ পৰিমাণ কম থাকে। তেনে পানী ব্যৱহাৰ কৰিব পৰি। একেবাৰে ওপৰৰ তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিব দিব লাগে। টেংকীৰ তলিত থকা বৰ্হিগমন নলীৰ জৰিয়তে পানী উলিয়াই পুনৰ নতুন পানী ভৰাব লাগে। এই কাম এসপ্তাহত এবাৰকৈ কৰিব লাগে।
  • ২০-২৫ দিন এনেদৰে কৰাৰ পিছত পুখুৰীৰ পানী মাছৰ উপযোগী হৈছেনে নাই তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেনেহ’লে বুজিব লাগিব যে ই কুচিয়া পালনৰ উপযোগী হৈছে। কুচিয়া মাছ টেংকীত মেলি দিয়াৰ আগেয়ে টেংকীত পানী মেটেকা দিয়াৰ ব্যৱস্থা কৰিব লাগে। পানী মেটেকাই সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়া আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

লগতে পঢ়ক- 

Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

সংখ্যা :

৪ বৰ্গমিটাৰ কালিৰ এটা টেংকীত ১৯৫-২০০ কুচিয়া মাছৰ পোৱালি ৰাখিব পাৰি, য’ত ১৪০ মাইকী আৰু ৬০ টা মতা মাছ ৰাখিব পাৰি। মনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম(১০০-৭০০) কণী প্ৰতি প্ৰজনন। গতিকে ভালদৰে যত্ন ল’ব লাগে।

খাদ্যৰ পৰিমাণ আৰু পৰিচালনা:

  • কুচিয়া মাছৰ ওজনৰ ৩-৬ শতাংশ হাৰত প্ৰতিদিনে খাদ্যৰ যোগান ধৰিব লাগে।
  • খাদ্য হিচাপে-
  • -মাছৰ ফিংগাৰলিং পোনা, কেঁচু, শামুক, জলজ কীট-পতংগ, চিল্ক ওৰ্ম, কুকুৰাৰ লিভাৰ, নাড়ী, চাল, ভাত ইত্যাদি দিব পাৰি।
  • টেংকীৰ পানী যাতে নষ্ট নহয়, তাৰ বাবে আটা বা ভিটামিনৰ মিক্সাৰ লাডু কৰি ব্যৱহাৰ কৰিব লাগে।
  • খাদ্যসমূহ বেলেগ বেলেগকৈ বা একেলগে দুটা বা অধিক সামগ্ৰী মিহলাই ব্যৱহাৰ কৰিব লাগে।
  • ফিংগাৰলিং অৱস্থাত কুচিয়া মাজে মাজে জলজ পোক-পতংগ খায়, যিবিলাক বন্ধ পানীত নিজে উৎপাদন হয়।
  • কুচিয়া মাছৰ হেষ্টলিঙৰপৰা ফিংগাৰলিঙলৈ নাৰ্চাৰী পুখুৰীত পালন কৰিলে সেই টেংকীত পুখুৰীৰ বোকা মাটি ব্যৱহাৰ কৰিলে ভাল।
  • খাদ্য ব্যৱহাৰৰ সময়ত মাছৰ আকাৰ, মাছৰ মুঠ ওজন, বতৰৰ অৱস্থা, উষ্ণতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। উষ্ণতা ২৩-৩০° ছেন্টিগ্ৰেড হ’লে ভাল।

মাছধৰা আৰু মাছৰ পৰিবহন -

  • কুচিয়া মাছৰ বৃদ্ধি আৰু বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি মাছ ধৰিব লাগে।
  • মাছ আংশিক বা সম্পূৰ্ণৰূপে ধৰিব পাৰে।
  • জাল ব্যৱহাৰ কৰি খাদ্য দিয়া সময়ত কুচিয়া ধৰিব লাগে।
  • মাছ ধৰা সময়ত যাতে কষ্ট পাই নমৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগে। অন্যথা বজাৰমূল্য কমি যাব।
  • পৰিবহনৰ সময়ত যাতে এই মাছ মৃত্যুমুখত নপৰে, তাৰ বাবে মাছ ধৰাৰ আগদিনা খাদ্য দিব নালাগে।
  • মাছ ধৰা শেষ হোৱাৰ পিছত টেংকী সম্পূৰ্ণৰূপে শুকাব লাগে আৰু ১০-১৫ দিনৰ ৰ’দত শুকাই নতুনকৈ মাছ দিব লাগে।

পৰিৱেশৰ ওপৰত কুচিয়া মাছৰ প্ৰভাৱ:

  • কুচিয়া মাছে শামুক জাতীয় বস্তুক খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননি পথাৰত কুচিয়াৰ খেতি কৰিলে ধাননিডৰা শামুকৰপৰা ৰক্ষা পৰে।
  • এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰপৰা ৰক্ষা পৰে। ধাননি পথাৰত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়।
  • অৱশ্যে কুচিয়াৰ মাটিত পাত খন্দা স্বভাৱৰ বাবে পাৰত গাত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেই দিশত অলপ গুৰুত্ব দিব লাগিব।
  • ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননি পথাৰত উৎপাদন কৰিব পাৰোঁ।
  • কুচিয়া মাছৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।
  • ই নিবনুৱা সমস্যা সমাধানৰ লগতে কম ঠাইতে ইয়াক প্ৰতিপালন কৰি উৎপাদনো বঢ়াব পৰা যাব।

লেখক: প্ৰতুল ডেকা

লগতে পঢ়ক- 

৪ ফুট গাঁত খান্দি নিজকে পুতি থ’লে এজন কৃষকে, কাৰণ জানি আচৰিত হ’ব

English Summary: Swamp eel Farming
Published on: 04 January 2023, 03:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now