1. News

৪ ফুট গাঁত খান্দি নিজকে পুতি থ’লে এজন কৃষকে, কাৰণ জানি আচৰিত হ’ব

Mrigakshi Phukan
Mrigakshi Phukan
Farmer unique protest
Farmer unique protest

যদি কোনোবা নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয়, তেন্তে প্ৰতিবাদ কৰাৰ অধিকাৰ তেওঁৰ আছে। কিন্তু প্ৰতিবাদ কিমান ফলপ্ৰসূ হয় সেয়া বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে। কেতিয়াবা বিৰোধিতা কৰাসকল দুৰ্বল হয়, তেতিয়া তেওঁলোকৰ আঁৰত সংখ্যাগত শক্তি থাকে। বহু সময়ত সংখ্যাগত শক্তি নাথাকে যদিও প্ৰতিবাদকাৰীজন নিজৰ মাজতে শক্তিশালী। কেতিয়াবা দুয়োটাৰে মিল নাথাকে। এনে পৰিস্থিতিত প্ৰতিবাদ কাৰ্যকৰী হ’ব পাৰে, যেতিয়া প্ৰতিবাদৰ পদ্ধতি ব্যতিক্ৰম হয়। মহাৰাষ্ট্ৰৰ জালনা জিলাৰ এজন কৃষকে নিজকে মাটিৰ তলত সমাধিস্থ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জালনা জিলাৰ মান্থা তহচিলৰ খেলাছ গাঁৱৰ নিবাসী কৃষক সুনীল যাদৱে অভিযোগ কৰিছে যে তেওঁক ২০১৯ চনত কৰমবীৰ দাদাচাহেব গাইকৱাদ সবলিকৰণ স্বাভিমান যোজনাৰ অধীনত দুবিঘা মাটি দিয়া হৈছিল। কিন্তু আজিলৈকে তেওঁলোকে সেই মাটিৰ দখল লাভ কৰা নাই, যিখিনি মাটি তেওঁলোকক দিয়াৰ কথা ঘোষণা কৰা হৈছিল। সেইবাবেই প্ৰতিবাদৰ এক অনন্য পদ্ধতি গ্ৰহণ কৰি সুনীল যাদৱে নিজকে মাটিৰ তলত পুতি থয়। তেওঁৰ গোটেই শৰীৰটো মাটিৰ ভিতৰত, কেৱল মূৰটো মাটিৰ ওপৰত।

সুনীল যাদৱে কয় যে ২০১৯ চনৰ পৰা চৰকাৰী কাৰ্যালয়ত ঘূৰি ফুৰি তেওঁ ভাগৰি পৰিছে। তেওঁ তেতিয়াহে মাটিৰ তলৰ পৰা ওলাই আহিব যেতিয়া তেওঁলোকে নিজৰ উচিত মাটিৰ দখল লাভ কৰিব। নহ’লে এনেকৈয়ে মাটিৰ তলত চাৰি ফুট পোত খাই থাকিব। তেওঁ কয় যে, যেতিয়া কোনো উপায় দেখা নগ’ল আৰু কোনো বিকল্পও দেখা নগ’ল, তেতিয়া তেওঁ এইদৰে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয়।

যদি মাটি দিছে তেন্তে কাগজবোৰ কিয় নিদিয়ে, যদি দিব নোৱাৰে তেন্তে ঘোষণা কিয় কৰে বুলি চৰকাৰক প্ৰশ্ন কৰে যাদৱে।

কৃষক সুনীল যাদৱৰ একমাত্ৰ দাবী যে তিনিবছৰ পূৰ্বে ঘোষণা কৰা কল্যাণমূলক আঁচনিৰ অধীনত তেওঁক তিনিবছৰ পূৰ্বে আবণ্টন দিয়া দুবিঘা মাটিৰ কাগজ-পত্ৰ তেওঁৰ হাতত তুলি দিয়া হওক, কাৰণ কাগজ-পত্ৰ তেওঁৰ লগত নাই। সেয়ে তেওঁলোকৰ নামত চৰকাৰে মাটি আবণ্টন দিয়াৰ কোনো প্ৰমাণ নাই।

লগতে পঢ়কঃ Foxtai millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

English Summary: Farmer stages unique protest to get possession of land in Jalna

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.