মৌ-মাখি পালন এটি কৃষি ভিত্তিক উদ্যোগ, ইয়াক অতিৰিক্ত আয়ৰ উপায় হিচপে কৃষকসকলে ল'ব পাৰে৷ মৌ-মাখিবিলাকে ফুলৰ অন্তঃস্থ মৌ-ৰসক মৌলৈ পৰিৱৰ্ত্তিত কৰে আৰু ইয়াক মৌচাকৰ খলপা বিলাকক জমা কৰি ৰাখে৷ আদিমৰে পৰাই জংগলৰ পৰা মৌ সংগ্ৰহ কৰা চলি আহিছে। মৌ আৰু তাৰ উপজাত দ্রব্যৰ ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌমাখি পালনক এটি কার্যকৰী উদ্যোগলৈ পৰিণত কৰিছে৷ মৌ আৰু ম’ম হল মৌমাখি পালনৰ পৰা পোৱা দুটা অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ উপজাত পদার্থ৷
উপাৰ্জনৰ পথ হিচাপে মৌ-মাখি পালন কৰাৰ সুবিধাসমূহ মৌ-মাখি পালনত সময়, অর্থ আৰু আৰ্ন্তগাথঁনিত কম বিনিয়োগৰ প্ৰয়োজন। কৃষিকৰ্মৰ বাবে মাটিৰ মূল্য কম থকা অঞ্চলৰ পৰা মৌ আৰু ম’ম উৎপাদন কৰিব পৰা যায়। মৌ-মাখিয়ে অইন কোনো কৃষি উদ্যোগৰ লগত সম্পদৰ বাবে প্রতিদ্বন্দ্বিতা নকৰে। মৌমাখি পালন কাৰ্য্যৰ পৰিবেশৰ প্ৰতি ইতিবাচক ভূমিকা আছে। বহু পুষ্পবৃক্ষৰ পৰাগসংযোগত মৌমাখিবিলাকে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰে, যাৰ ফলত নির্দিষ্ট কিছু শস্য যেনে সূর্যমুখী আৰু বিভিন্ন ফলৰ উৎপাদন বাঢ়ে৷
মৌ এটি অত্যন্ত সুস্বাদু আৰু পুষ্টিকৰ খাদ্য৷ পৰম্পৰাগত বাবে মৌ আহৰনৰ ফলত বহুল সংখ্যাত মৌমাখিৰ বন্য উপনিৱেশ নষ্ট হৈ যায়৷ বাকচত মৌমাখি পালন কৰি আৰু ঘৰতেই মৌ উৎপাদন কৰি এনে নষ্ট প্ৰতিহত কৰিব পৰা যায়৷ ব্যক্তিগতভাৱে বা গোটত মৌমাখি পালন আৰম্ভ কৰিব পৰা যায়। মৌ আৰু ম’মৰ সম্ভাব্য বজাৰ খুবেই ভাল। উৎপাদন পদ্ধতি পামত বা ঘৰত বাকচত মৌ-মাখি পালন কৰিব পৰা যায়৷
প্রয়োজনীয় সা-সৰঞ্জাম
-
মৌ-চাক: ই ওপৰফালে কেইটামান দীঘল কাঠৰ টুকুৰা দি ঢকা এটা সাধাৰণ দীঘল বাকচ ৷ বাকচৰ আকাৰ, দৈৰ্ঘ ১০০ চে.মি., বহল ৪৫ চে.মি. আৰু উচ্চতা ২৫ চে.মি.৷ বাকচটো ২ চে.মি. ডাঠ হব লাগে আৰু চাকটো আঠা আৰু স্ক্রু দি লগাই লব লাগে যাতে সুমুৱাৰ বাবে ১ চে.মি. বহল ছিদ্র থাকে৷ দীঘল কাঠৰ টুকুৰাবিলাকৰ (ওপৰৰ অংশ) দৈৰ্ঘ চাকটোৰ বহলৰ সমান হব লাগে যাতে ভালকৈ খাপ খাই থাকে আৰু গধুৰ মৌচাক ধৰি ৰাখিবৰ বাবে ই ১.৫ চে.মি. ডাঠ হ’লেই যথেষ্ট৷ মৌমাখিবিলাকে ওপৰৰ প্রতিটো খলপাত বেলেগে বেলেগে সহজতে এটাকৈ চাক তৈয়াৰ কৰিব পৰাকৈ স্বাভাবিক স্থান দিবলৈ ৩.৩ চে.মি. হিচাপত বহল স্থান ৰাখিব লাগে৷
-
স্মোকাৰ : এইটো দ্বিতীয় প্রধান গুৰুত্বপূর্ণ সৰঞ্জাম৷ এইটো এটা সৰু টিনেৰে তৈয়াৰ কৰি লব পৰা যায়৷ আমি মৌমাখিৰ কামোৰৰ পৰা বাঁচিবলৈ আৰু ইহতক নিয়ন্ত্রণ কৰিবলৈ স্মোকাৰ ব্যবহাৰ কৰো৷
-
কাপোৰ: মৌ-মাখি শালাৰ ওচৰত কাম কৰাৰ সময়ত নিজৰ চকু আৰু নাক মৌমাখিৰ শুংৰ পৰা বচাবলৈ৷
-
ছুৰি: ওপৰৰ খণ্ডবিলাক পৃথক কৰিবলৈ আৰু মৌৰ বাৰবিলাক কটাৰ বাবে ব্যবহাৰ কৰা হয়৷
-
পাখি: মৌচাকৰ পৰা মৌমাখি আঁতৰাবলৈ৷
-
ৰানি প্রতিবন্ধক
-
জুইশলা কাঠি
২.২ মৌ-মাখিৰ প্রজাতি
ভাৰতত চাৰিটা প্রজাতিৰ মৌমাখি পোৱা যায়৷ সেইবিলাক হ’ল:
-
ৰ’ক বী (এপিচ ডর্চাটা): এই প্ৰজাতিৰ মৌমাখি বিলাক ভাল মৌ সংগ্রাহক আৰু ইহঁতৰ এটা উপনিৱেশৰ পৰা গড় ৫০-৮০ কিলোগ্ৰাম মৌ পোৱা যায়৷
-
লিট’ল মৌমাখি: (এপিচ ফ্ল’ৰিয়া): এই বিলাকে কম পৰিমানৰ মৌ উৎপন্ন কৰে আৰু প্রতিটো উপনিৱেশৰ পৰা প্রায় ২০০-৯০০ গ্রাম মৌ পোৱা যায়৷
-
ইণ্ডিয়ান মৌমাখি (এপিচ চেৰানা ইণ্ডিকা): ইহঁতৰ প্রতিটো উপনিবেশৰ পৰা বছৰেকত গড় ৬-৮ কিলোগ্ৰাম মৌ পোৱা যায়৷
-
ইউৰোপিয়ান মৌমাখি [ইটালিয়ান মৌমাখি] (এপিচ মেলিফ্লেৰা): প্রতিটো উপনিবেশৰ পৰা গড় ২৫-৪০ কে.জি মৌ পোৱা যায়৷
স্টিংলেস মৌমাখি বা শুং বিহীন মৌমাখি (ট্রাইগোনা ইৰিডিপেনিচ): ওপৰত দিয়া বিলাকৰ ওপৰিও কেৰেলাত আৰু এটি প্রজাতি পোৱা যায় যিবিলাক শুংবিহীন মৌমাখি নামেৰে পৰিচিত৷ এইবিলাক প্রকৃততে শুংবিহীন নয়, আচলতে ইহঁতৰ শুং বিলাক পূর্ণ বিকশিত নহয়৷ এইবিলাক খুব ভাল পৰাগ সংযোজক৷ এইবিলাকে এবছৰত ৩০০-৪০০ গ্রাম মৌ উৎপাদন কৰে৷
উৎস: আইএনডিজি দল (সংগৃহীত)