1. পশুপালন

বসন্তকালত মৌ-মাখিৰ জাক উৰুৱা প্ৰতিৰোধ কেনেদৰে কৰিব?

KJ Staff
KJ Staff

জাক উৰুৱা হৈছে মৌ-মাখিৰ এটা সহজাত প্ৰবৃত্তি । বসন্তকালতে মৌ-মাখিবোৰে বেছিকৈ জাক উৰুৱা আৰম্ভ কৰে । আমাৰ মৌ পালক সকলে  মৌ-মাখিৰ এই প্ৰবৃ্ত্তিৰ বাবে প্ৰায়ে লোকচানৰ সন্মুখীন হৈ আহিছে । গতিকে মৌ- মাখিৰ জাক উৰুৱা কেনেদৰে ৰোধ কৰিব পাৰি তাৰ বিষয়ে এই শিতানত আলোচনা কৰা হৈছে ।

এবাহ সৱল মৌ-মাখিৰ বাহৰ পৰা ৪/৫ জাকলৈকে জাক উৰুৱা দেখা যায়। এনে জাক উৰোৱা প্রবৃত্তি সচৰাচৰ ভাৰতীয় সঁচৰ মৌ-মাখিত বেছিকৈ দেখা যায় । অন্যহাতে পশ্চিমীয়া সঁচৰ মৌ-মাখি ভাৰতীয় সঁচৰ মৌ-মাখিৰ তুলনাত জাক উৰুৱা প্রবৃত্তি কম ।

বহু সময়ত জাক উৰুৱাটো মৌ-মাখিৰ বংশ বৃদ্ধিৰ বাবে অনুকূল । অৱশ্যে এনে জাক উৰুৱা প্রবৃত্তি দুর্বল বাহৰ মৌ-মাখিৰ বংশ বৃদ্ধি প্রতিকূলে যোৱাও দেখা যায়। সেইবাবে জাক উৰুৱা নিয়ন্ত্রণ কৰাটো খুব প্রয়োজন।

মৌ-মাখিৰ জাক উৰুৱা ৰোধ কৰিবলৈ হ'লে বসন্তকালত মৌ বাহটো সঘনে পৰীক্ষা কৰি ৰাণী মৌৰ কোষ তৈয়াৰ হোৱাৰ পিছত কোষ পৈণত হ'লে তেনে বাহৰ পৰা পুৰণি ৰাণীজনীসহ তিনিখনমান চাক কর্মী মৌৰ সৈতে নতুন এটা বাকচলৈ স্থানান্তৰ কৰিব লাগে ।

কিন্তু ইয়াৰ পূৰ্বে পুৰণা বাহটোত কমেও এটা পূৰঠ ৰাণীমৌৰ কোষ থকাটো নিশ্চিত কৰিব লাগে । এনে কৰিলে আমি আন এবাহ মৌৰ বাহো পাব পাৰোঁ । যিটোৱে মৌৰ বাহৰ সংখ্যা বৃদ্ধি কৰি মৌ পালকৰ আয় বৃদ্ধিত সহায় কৰে ।

দ্বিতীয়তে দুর্বল মৌ বাহত ৰাণী মৌৰ কোষ তৈয়াৰ কৰিলে তেনে কোষবোৰ ভাঙি থাকিব লাগে । তেনে কৰিলে দুর্বল মৌবাহ জাক উৰুৱাৰ পৰা প্ৰতিৰোধ কৰি সৱল কৰি তুলিব পাৰি।

তৃতীয়তে, কেতিয়াবা যদি ৰাণী মৌজনী বয়সিয়াল (তিনিবছৰতকৈ বেছি বয়সীয়া) হৈ প্রজনন ক্ষমতা কমি যায়, তেতিয়া নতুন ৰাণীকোষৰ পৰা ৰাণীৰ জন্ম দিয়াই পুৰণা ৰাণীজনীক বাহৰ পৰা প্ৰৱৰ্তন কৰিব লাগে।

বহু সময়ত দুৰ্বল মৌ বাহ সবল কৰিবলৈ হ'লে অন্য বাহৰ পৰা কণী বা পোৱালিসহ এখন বা দুখন চাক আনি উক্ত মৌ বাহত যোগ দিব লাগে। কেতিয়াবা দেখা যায় যে যতনৰ অভাৱত বা বেমাৰ-আজাৰত আক্ৰান্ত হৈ মৌ বাহ দুর্বল হৈ যায়। তেতিয়া তেনে দুটা দুর্বল মৌবাহ একেলগ কৰি একোবাহ সবল মৌ গঢ়ি তুলিব পাৰি।

বসন্ত কালত ফুল ফুলি ৰস-ৰেণুৱে ভৰি পৰে। গতিকে মৌ পালকসকলে এই সময়তে লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হয় । বসন্তকালত মৌজোল অধিক আহৰণ কৰিবলৈ হ'লে শিশুকক্ষৰ ওপৰত একোটাকৈ মধুকক্ষ জাপি দিব লাগে ।

এনে কৰিবলৈ যাওঁতে পোৱালি আৰু মধুকক্ষৰ মাজত একোখনকৈ ৰাণী প্রতিবন্ধক চালনী দিব লাগে। এনে কৰিলে ৰাণীয়ে মধুকক্ষত কণী পাৰিব নোৱাৰে আৰু মধুকক্ষৰ পৰা মৌবাহৰ কোনো ক্ষতি নোহোৱাকৈ বিশুদ্ধ মৌজোল আহৰণ কৰিব পাৰি ।

লগতে পঢ়কঃ কেনেকুৱা ঠাইত লাভজনক গাহৰি পাম আৰম্ভ কৰিব পাৰি? জানিবলৈ পঢ়ক...

English Summary: How to prevent the herd of bees flying

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.