Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 March, 2023 2:56 PM IST
কৃষি আৰু পশুধনৰ লগত সমন্বিত মীনপালন কৌশল

মীন পালনক কোৱা হয় সূর্যোদয় খণ্ড। কৃষিখণ্ডৰ অন্তৰ্গত সকলো কাম কাজতকৈ ইয়াত তুলনামূলকভাবে কম মূলধন বিনিয়োগৰে অধিক লাভ পাব পাৰি। তেনে এক পটভূমিত সমন্বিত মীনপালন কৌশল অতি লাভজনক আৰু ফলপ্রসু ব্যবস্থা। ক্রমবর্ধমান জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, উদ্যোগীকৰণ, কৃষিভূমিৰ অৱক্ষয়, প্রাকৃতিক দুর্যোগ আদিব বাবে দ্রুত গতিত জনমুৰি কৃষিভূমি হ্ৰাস পাই অহাৰ সমান্তৰাল ভাৱে সমন্বিত মীন পালন কৌশলৰ গুৰুত্বও ক্রমাৎ বৃদ্ধি পাব ধৰিছে।

দেশৰ কৃষি বিপ্লৱৰ জনক ড" এম এছ স্বামীনাথনেও সেয়েহে কৃষিখণ্ডত মীন পালনৰ সময়ত গুণিতক উৎপাদনৰ পোষকতা কৰিছে। সমন্বিত মীন পালন কৌশল খাইলেণ্ড, ইন্দোনেছিয়াকে আদি কৰি সমগ্র দক্ষিণ পূৱ এছিয়া আৰু চীনদেশত বহুলভাৱে জনপ্রিয় প্রযুক্তি। এই দেশসমূহত সমন্বিত মীন পালন কৌশল বিশেষকৈ পশুধনৰ লগত সমন্বিতভাৱে মীনপালন কৃষক সমাজৰ মাজত বাৰুকৈয়ে গ্রহণযোগ্য ও সম্প্ৰসাৰিত হৈছে। দেশৰ অৰ্থনৈতিক বুনীয়াদত ইয়াৰ বৰঙণি কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কৃষি প্ৰধান ৰাজ্য আমাৰ অসমতো সমন্বিত মীন পালন কৌশলৰ প্ৰাসঙ্গিকতা দিনক দিনে বৃদ্ধি পাব ধৰিছে। এই কৌশলত একেলগে একেসময়তে একাধিক ফচল পোৱাৰ সুযোগ থাকে। অবশ্যে সমন্বিত মীনপালন কৌশল যথেষ্ট শৃঙ্খলাবদ্ধ আৰু বৈজ্ঞানিক পৰিক্রমা। দুটা বা তাতোধিক কৌশলৰ মাজত সমন্বয় সাধন কৰোতে চাব লাগিব যাতে সকলোখিনি যেন নির্দিষ্ট নীতি-নিয়ম, বিধি-বিধান আৰু হিচাপ নিকাছৰ আওতাৰ মাজেৰে সমাপিত হয়। সচৰাচৰ কৃষি কাৰ্য্য আৰু পশু-পক্ষী পালনৰ লগত মীন পালনৰ সমন্বয় কৰা হয়।

সমন্বিত মীন পালন কৌশলত ভূমিৰ সঠিক ব্যৱহাৰ হয়। সাধাৰণতে পুখুৰী এটা খান্দোতে প্রায় ৩০% মান ভূমি পাৰটোত খৰছ হয় গতিকে পাৰটোত উদ্যান শসা বা পশু-পক্ষীৰ গৰাল বনাই অধিক উৎপাদনৰ বাবে ব্যৱহাৰ সম্ভৱপৰ কৰিব পাৰি। পশু পক্ষী পালনৰ লগত সমন্বয়ৰ ক্ষেত্ৰত জীৱদেহৰ জৈৱিক আবর্জনাখিনিৰ সদব্যৱহাৰ কৰি মীন পালন কৰা হয় বাবে ইয়াত মাছৰ বাবে কোনো খাদ্য ও সাৰ (জৈৱিক আৰু অজৈৱিক) দিয়াৰ প্ৰয়োজন নহয়। ফলশ্রুতিত উৎপাদন ব্যয় যথেষ্ট হ্রাস পায়।

 পশু-পক্ষী আৰু কৃষি কাৰ্য্যৰ লগত বিভিন্ন সমন্বিত মীন পালন কৌশল উদ্ভাৱিত হৈছে যদিও আমাৰ ৰাজ্যখনৰ পটভূমিত নিম্নোক্ত ছয়টা কৌশলেই বিশেষ গ্রহণযোগ্য বুলি বিবেচিত হৈছে।

 (ক) সমন্বিত গাহৰি আৰু মীন পালন।

(খ) সমন্বিত হাঁহ আৰু মীনপালন।

(গ) সমন্বিত কুকুৰা আৰু মীন পালন।

(ঘ) তিনি তৰপীয়া সমন্বিত কুকুৰা, গাহৰি আৰু মীন পালন।

(ঙ) সমন্বিত ধান আৰু মীনপালন।

(চ) সমন্বিত উদ্যানশস্য আৰু মীনপালন।

এইখিনিতে উল্লেখ কৰিব বিচাৰো যে পশু-পক্ষীৰ লগত মীন পালনৰ সমন্বয়ৰ দৰে কৃষিকার্যৰ লগত মীনপালনৰ সমন্বয়ো আন এটা যোগাত্মক পদক্ষেপ। কিয়নো শতকৰা আশীজন লোকেই কৃষি কাৰ্য্যৰ ওপৰত নিৰ্ভৰ শীল আমাৰ ৰাজ্যখনত কৃষিখণ্ডত গুণিতক উৎপাদনেহে বাস্তৱ ভিত্তিত কৃষিক অধিক লাভজনক ভাবে পঢ়ি তুলিব পাৰিব। কৃষি কার্যা ব্যয় বৃদ্ধি, কৃষি ভূমিৰ সংকোচন আৰু অৱক্ষয়ৰ লগত ফেৰ মাৰিবলৈ সমন্বিত কৃষি আৰু মীনপালনৰ বিকল্প নাই। এই প্রসঙ্গতে উল্লেখিত সমন্বিত মীন পালন কৌশল কেইটাৰ ইতিবাচকতাত এভুমুকি মাৰোহঁক।

সমন্বিত গাহৰি আৰু মীনপালন:

(ক) প্রত্যক্ষ বা পৰোক্ষভাৱে সমন্বয় কৰা এনে কৌশলত একেখন ক্ষেত্ৰৰপৰা মাছ আৰু মাংস একেলগে পাব পাৰি।

(খ) মাছৰ বাবে পৰিপূৰক খাদ্য, সাৰ (জৈৱিক আৰু অজৈবিক) আদি প্রয়োগৰ প্রয়োজন নহয়।

(গ) গাহৰিৰ মলত থকা এবিধ অস্ট্রীয় এনজাইমে পানীৰ উৎপাদিকা শক্তি বৃদ্ধি কৰি মাছৰ শ্ৰীবৃদ্ধি ঘটায়। তদুপৰি গাহৰিৰ মলত থকা অজীর্ণ খাদ্যখিনি মাছে পোনপটীয়াকৈ ভক্ষণ কৰে।

(ঘ) সচৰাচৰ মেলিব পৰা ঘনত্বতকৈ অধিক ঘনত্বত মাছ মেলিব পাৰি।

(ঙ) পামৰ সামগ্রিক আয় বৃদ্ধি হয়।

সমন্বিত হাঁহ আৰু মীনপালন

(ক) স্থিৰ বা ভাসমান গৰাল পদ্ধতিত সমন্বয় কৰা এই কৌশলত একে ঠাইৰ পৰা একেলগে মাছ, মাংস আৰু কণী পোৱাটো সম্ভৱ।

(খ) হাঁহৰ গৰালটো পুখুৰীৰ ওপৰতে সজা হয় বাবে একেডৰা মাটি আৰু পানীত দুয়োটা পালন সম্ভৱ।

(গ) হাঁহে যথেষ্টখিনি খাদ্য পুখুৰীৰ পৰাই সংগ্ৰহ কৰে। সেয়েহে অপেক্ষাকৃত ভাৱে  কম খাদ্য দিলেই হয়।

(ঘ) মাছৰ বাবে কোনো পৰিপূৰক খাদ্য বা জৈৱিক তথা অজৈৱিক সাৰ প্ৰয়োগৰ প্ৰয়োজন নহয়। ফলত নিম্ন ব্যয়ত মাছ উৎপাদন হয়।

(ঙ) হাঁহে পুখুৰীত সাতোৰাৰ ফলত দ্রবীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি পায় আৰু মাছৰ বৃদ্ধি খৰতকীয়া হয়।

সমন্বিত কুকুৰা আৰু মীনপালন

(ক) প্রত্যক্ষ বা পৰোক্ষ ভাৱে কৰা এই সমন্বয়ত একেখন ঠাইৰ পৰা মাছ, মাংস আৰু কণী একেলগে পোৱা হয়।

(খ) মাছৰ বাবে কোনো পৰিপূৰক খাদ্য, জৈৱিক সাৰ আৰু অজৈৱিক সাৰ প্ৰয়োগৰ প্ৰয়োজন নহয়।

(গ) কুকুৰাৰ খাদ্যৰ অৱশিষ্টখিনি মাছবো খাদ্য হয়।

(ঘ)পামৰ সামগ্রিক উৎপাদন আৰু আয় বৃদ্ধি হয়।

সমন্বিত তিনি তৰপীয়া কুকুৰা, গাহৰি আৰু মীনপালন

(ক)একে স্থানৰ পৰা একে সময়তে মাছ, মাংস আৰু কণীৰ উৎপাদন পোৱা যায়।

(খ) গাহৰি আৰু কুকুৰা পালনৰ বাবে প্ৰয়োজনীয় পানী খাওঁকতে পোৱা যায়।

(গ) কুকুৰাৰ মল গাহৰিক যোগান ধৰা হয় বা গাহৰিক দিবলগীয়া খাদাৰ পৰিমাণ ৫০% হ্রাস কৰিব পাৰি।

(ঘ) পামৰ সামগ্রিক উৎপাদন আৰু আয় বৃদ্ধি হয়।

সমন্বিত ধান আৰু মীনপালন

(ক) একেডৰা ধাননি পথাৰৰ পৰা ধান আৰু মাছ দুয়োটাৰে উৎপাদন পোৱা হয়।

(খ) ইয়াত খেতিৰ মাটি বিলুপ্ত নকৰাকৈ ধান আৰু মাছ পোৱা যায়।

(গ) মাছে ধানৰ গুৰি খুচৰি পুষ্টিদ্রব্যখিনি ধানৰ বাবে গ্রহণযোগ্য কৰি তোলে। তদুপৰি মাছে ধানৰ বাবে অপকাৰী কীট-পতংগ, পোক-পৰুৱা আদি ভক্ষণ কৰি কীটনাশক প্রয়োগৰ প্রয়োজন হ্ৰাস কৰি তোলে।

(ঘ) পামৰ সামগ্রিক উৎপাদন আৰু আয় বৃদ্ধি হয়।

(ঙ) মাছে পথাৰৰ অপতৃণ নিয়ন্ত্ৰণ কৰি ব্যৱস্থাপনা খৰছ হ্রাস কৰে।

সমন্বিত মীন আৰু উদ্যানশস্য

(ক) এখন আদৰ্শ মীনপামৰ পাৰ আদিত খৰছ হোৱা ৩০% ভূমিত পৰিকল্পিত আঁচনিৰে উদ্যান শস্য কৰি সমগ্ৰ ভূমিখণ্ডক উপাৰ্জনমুখী কৰিব পাৰি।

(খ) উদ্যানশস্যই পুখুৰীৰ খহনীয়া ৰোধ কৰি পামৰ আয়ুস বৃদ্ধি কৰাৰ লগতে পুখুৰীৰ পানীৰ আবিলতা হ্রাস কৰে।

(গ) উদ্যোন শস্যই পামখনক জীৱ-জন্তু, চোৰ আদিৰ পৰা নিৰাপত্তা প্ৰদান কৰাৰ উপৰিও জৈবিক বেৰৰ কাম কৰে।

(ঘ) গ্রাছকার্প আদি তৃণভোজী মাছৰ খাদ্য পামখনৰ পৰাই উপলভ্য হয়।

(ঙ) পুখুৰীৰ অপসাৰিত গেদ আৰু বোকাই উদ্যান শস্যক পুষ্টিদ্রব্য যোগান ধৰে।

(চ) উদ্যান শস্যৰ বাবে প্রয়োজনীয় পানী পুখুৰীৰ পৰা পোৱ হয়। মীনপালনত পুখুৰীৰ পানীত তুলনামূলকভাৱে বেছি পুষ্টি গুণ থাকে।

(ছ) পামৰ শোভাবৰ্দ্ধন হোৱাৰ লগতে সামগ্রিক উৎপাদন আৰু আয় বৃদ্ধি হয়। উক্ত দিশ সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি আপুনিও সমন্বিত মীন পালনৰ পৰা লাভান্বিত হ'ব পাবে।

লগতে পঢ়ক-

গাহৰিৰ সমন্বয়ত কেনেদৰে কৰিব মীন পালন জানিবলৈ পঢ়ক এই প্ৰবন্ধ

ড০ ধ্ৰুৱজ্যোতি শৰ্মা

English Summary: Integrated fisheries with agriculture and livestock
Published on: 18 March 2023, 02:48 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now