1. পশুপালন

গাহৰিৰ সমন্বয়ত কেনেদৰে কৰিব মীন পালন জানিবলৈ পঢ়ক এই প্ৰবন্ধ

RAHUL ALI
RAHUL ALI
Integrated Pig-cum-Fish farming
Integrated Pig-cum-Fish farming

মাছ পালনৰ বাবে পুখুৰী প্ৰস্তুতিৰ সময়। এই সময়ত আপোনাৰ ঘৰৰ পুখুৰীটো নতুন ৰূপত সজাই বৈজ্ঞানিক পদ্ধতিৰে মাছ পালনৰ বাবে উপযুক্ত কৰি ল’ব লাগে। বৈজ্ঞানিক পদ্ধতিৰে মাছ পালনৰ বাবে যদি পুখুৰীৰ পাৰত বা কাষত ঠাই আছে তাত গাহৰিৰ গড়াঁল নিৰ্মান কৰি গাহৰিৰ লগত মাছ পালনৰ সমন্বিত পদ্ধতি প্ৰয়োগ কৰিব পাৰি। গাহৰিৰ লগত মাছ পালনৰ বাবে পুখুৰীৰ পানীকালি অতি কমেও ০.০৪৫ হেক্টৰ (প্ৰায় আধা কঠা) আকাৰৰ পোনা প্ৰতিপালনৰ পুখুৰী থাকিব লাগে।

গাহৰিৰ লগত মাছ খেতি দুই ধৰণে কৰা হয়। প্ৰত্যক্ষ পদ্ধতি আৰু পৰোক্ষ পদ্ধতি। প্ৰত্যক্ষ পদ্ধতিত পুখুৰীৰ পাৰত গাহৰিৰ গৰাল নিৰ্মান কৰা হয় আৰু গৰালৰ পৰা পুখুৰীলৈ নলাৰে গাহৰিৰ মল পৰিব দিয়া হয়। এই পদ্ধতিত নিৰ্দিষ্ট বয়সৰ নিৰ্দিষ্ট সংখ্যক গাহৰিহে পালন কৰা হয়। ইয়াৰ হীন-দেঢ়ি হলে মাছৰ উৎপাদন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব পাৰে। পৰোক্ষ পদ্ধতিত গাহৰিৰ গৰাল আৰু মাছ পালন পুখুৰীৰ মাজত কোনো সংযোগ নাথাকে। গাহৰিৰ মল অন্য উপায় অবলম্বন কৰি নিৰ্ধাৰিত হাৰত পুখুৰীত দিয়াৰ ব্যৱস্হা কৰা হয়। মীন পামখনৰ যিকোনো এটা সুবিধাজনক ঠাইত পুখুৰীৰ ওচৰত গাহৰি পালন কৰি এটা গাতত মল জমা কৰি ৰাখি তাৰ পৰা নিৰ্দিষ্ট হাৰত পুখুৰীত পানী যোগান ধৰা হয়।

সমন্বিত গাগৰি আৰু মাছ পালন পদ্ধতিৰ সুবিধা সমূহ হ’ল-

  1. একে সময়তে একেদৰা মাটিৰ পৰা মাছৰ লগতে গাহৰি উৎপাদন সম্ভৱ হয়।

  2. পুখুৰীত অন্য ৰাসায়নিক বা জৈৱিক সাৰৰ প্ৰয়োজন নাই। গাহৰিৰ মলত ১৩: ১: ০.১ অনুপাতত জৈৱিক এঙাৰ, নাইট্ৰজেন আৰু ফচফৰাচ থাকে যিয়ে পুখুৰীৰ উৰ্বৰতা বৃদ্ধি কৰে।

  3. মাছক অন্য খাদ্য যোগানৰ প্ৰয়োজন নহয়, কাৰণ গাহৰিৰ মলত ৬০-৭০ শতাংশ অজীৰ্ণ খাদ্য থাকে লগতে অন্ত্ৰীয় এনজাইম এবিধ থাকে। ইয়ে মাছৰ শাৰীৰিক বৃদ্ধি খৰতকীয়া কৰে।

  4. গাহৰিৰ বাবে প্ৰয়োজন হোৱা পানী যেনে গৰাল পৰিস্কাৰ কৰা, গাহৰিৰ গা ধুৱাই দিয়া আদি পুখুৰীৰ পানীৰ দ্বাৰা কৰিব পাৰি।

  5. এই পদ্ধতিত কম খৰচত অধিক লাভ পাব পাৰি।

  6. সামগ্ৰিকভাৱে পামখনৰ আয় বৃদ্দি হয়।

 পুখুৰীৰ ব্যৱস্হাপনাঃ

এই পদ্ধতিত পুখুৰীৰ পানীৰ গভীৰতা ২ মিটাৰ হ’ব লাগে। গভীৰত ক’ম হলে পানীৰ গুণাগুন নষ্ট হ’ব পাৰে সেয়েহে মাছ ধৰাৰ পিছত প্ৰতিবছৰে পুখুৰীৰ তলিৰ বোকা অপসাৰণ কৰিব লাগে। অন্যথা পানীৰ গুনাগুন নিয়ন্ত্ৰনত অসুবিধাৰ সৃষ্টি হয় আৰু মাছৰ উৎপাদন হ্ৰাস হয়। পানীৰ গুণাগুন সঠিক মাত্ৰাত ৰাখিবৰ বাবে পুখুৰীত মাহেকীয়া কিস্তিত চূণ দিয়াৰ ব্যৱস্হা থাকিব লাগে। প্ৰত্যক্ষ পদ্ধতিত মাছ মেলাৰ অতিকমেও ২০ দিন আগত গাহৰি গৰাললৈ আনিব লাগে।

গাহৰিৰ গৰাল নিৰ্মানঃ

গাহৰিৰ গৰাল অস্হায়ীভাৱে খেৰ বাহেৰে নিৰ্মান কৰিব পাৰি অথবা পকী খুঁটা, কাঠ, লো, এচবেষ্টচ আদিৰে স্হায়ীভাৱে নিৰ্মান কৰি ল’ব পাৰি। গৰাল নিৰ্মানৰ বাবে টিনপাত ব্যৱহাৰ কৰিব নালাগে, কিয়নো গাহৰিয়ে বেছি গৰম বা ঠাণ্ডা সহ্য কৰিব নোৱাৰে। ‘স্হায়ী’ আৰু ‘অস্হায়ী’ দুই পদ্ধতিতে ঘৰটো এচলীয়াকৈ বা মূধচ দি দুচলীয়াকৈও নিৰ্মান কৰিব পাৰি। গৰালৰ চাৰিওফালে বাঁহৰ মজবুত গোজৰ বেৰা আৰু ওলোৱা সোমোৱাৰ বাবে জপনাৰ ব্যৱস্হা ৰাখিব লাগে। ‘স্হায়ী’ পদ্ধতিত পকী বেৰা নাইবা লোৰ বেৰা দিয়া হয়।

গাহৰিৰ গঁৰালত মজিয়াখন পকী হোৱা দৰকাৰ। গৰালৰ মজিয়াখন মিহি হ’ব নালাগে, খহতা হোৱা দৰকাৰ। প্ৰতিটো গাহৰিৰ বাবে ১.৫ বৰ্গমিটাৰ হিচাপত, গাহৰিৰ সংখ্যা অনুযায়ী মজিয়াখন নিৰ্মান কৰা হয়। মজিয়াখন পুখুৰীৰ ফাললৈ ঈষধ হালনীয়া হোৱা দৰকাৰ। মজিয়াৰ ওখ দিশত প্ৰতিতো গাহৰিৰ বাবে ৩০ বৰ্গ ছেঃ মিঃ হিচাপত খাদ্য য়োগানৰ বাবে এটি আৰু পানী যোগনৰ বাবে আন এটি পকী পাত্ৰ নিৰ্মান কৰা হয়। প্ৰত্যক্ষ পদ্ধতিত মজিয়াৰ হেলনীয়া দিশত এটি পকী নলা নিৰ্মান কৰি সেই নলাটো পুখুৰীলৈ সংযোগ কৰিব লাগে। এই নলাটো এনেভাৱে নিৰ্মান কৰিব লাগে যাতে গৰালৰ মজিয়াখন ধূলে সকলো আৱৰ্জনা নলাৰে বৈ গৈ পুখুৰীত পৰে। পুখুৰীৰ পানীৰ গুণাগুন নিয়ন্ত্ৰনৰ উদ্দেশ্যে মূল নলাটোৰ পৰা এটা শাখা নলা আগবঢ়াই নি পুখুৰীৰ পাৰৰ এটি গাঁতৰ লগত সংযোগ কৰা হয়। সাধাৰণ অৱস্হাত এই শাখা নলাটো বন্ধ কৰি ৰখা হয়। পুখুৰীৰ পানীৰ গুণাগুন নষ্ট হ’লে এই শাখা নলাচো খুলি দি আৱৰ্জানাসমূহ গাতত জমা হ’বদিব লাগে।

গাহৰিৰ জাতঃ  

হেম্বশ্বায়াৰ, য়ৰ্কশ্বায়াৰ, লেণ্ডেৰেচ, ৱাৰ্কশ্বায়াৰ আদি উন্নত জাতৰ গাহৰি এই পদ্ধতিত উপযুক্ত। এই গাহৰি সমূহৰ বৃদ্ধিৰ হাৰ দেশীয় গাহৰিৰ তুলনাত অধিক। আঠ ন মাহ বয়সত ইঁহত ৫৫-৭০ কিলোগ্ৰামতকৈ অধিক হয়।

বয়সঃ

গাখীৰ এৰা ২ মহীয়া পোৱালি। প্ৰত্যক্ষ পদ্ধতিত এই দুমহীয়া পোৱালি ৬ মাহৰ বাবে পালন কৰা হয়। ৬ মাহ পিছত প্ৰথম বাঁহ  গাহৰি আতৰাই নতুন গাহৰি আনিব লাগে। বছৰটোত দুবাঁহ গাহৰি পালন কৰা হয়।

সংখ্যাঃ

প্ৰত্যক্ষ পদ্ধতিত প্ৰতি হেক্টৰ পানী কালিৰ বাবে ছমাহত ৩০-৪০ টা (৪-৫ টা/বিঘা) গাহৰি পালন কৰা হয়। প্ৰতিবছৰত প্ৰতি হেক্টৰৰ বাবে ৬০-৮০ টা (৮-১০ টা/বিঘা) গাহৰিৰ প্ৰয়জন হয়। পৰোক্ষ পদ্ধতিত গাহৰিৰ সংখ্য়া যিকোনো হ’ব পাৰে।

গাহৰিৰ খাদ্যঃ

গাহৰিৰ দৈহিক বৃদ্ধি ক্ষীপ্ৰ হোৱাৰ উদ্দেশ্যে দৈনিক ১.৪ কিঃ গ্ৰাঃ সুষম খাদ্যৰ প্ৰয়োজন। তালিকা ১ত দিয়া হাৰত উপকৰণ মিহলি কৰি গাহৰিৰ খাদ্য নিজেও প্ৰস্তুত কৰি ল’ব পাৰি। সমন্বিত পদ্ধতিত দৈনিক কেৱল ৭০০ গ্ৰাম সুষম খাদ্যহে গাহৰিক দিয়া হয়। ইয়াৰ উপৰিও পৰ্যাপ্ত পৰিমাণে সেউজীয়া ঘাঁহ, পেলনীয়া ভাত আদি যোগান ধৰা হয়। বাহি ভাত বালদৰে উতলাই ঠাণ্ডা কৰিহে গাহৰিক দিয়া উচিত। খাদ্য যোগানৰ সময়ত গাহৰিক পানী যাগান ধৰিব লাগে।

তালিকাঃ ১

উপকৰণ

পৰিমাণ (কিঃ গ্ৰাঃ)

চাউলৰ মল

৪৫

চাপৰ

২৭

ভঙা মাকৈ

১০

বাদমৰ খলিহৈ

১০

শুকান মাছৰ গুৰি

মনিক

নিমখ

ভিমিক্সি

০.২

মুঠ

১০০.২

 ৰোগ প্ৰতিষেধক ব্যৱস্হাঃ

ছোৱাইন ফিভাৰ, ছোৱাই প্লেগ’, ছোৱাইন পক্স আদি গাহৰিৰ মাৰাত্মক ৰোগ। এইবোৰ ৰোগৰ পৰা হাত সাৰিবলৈ পশু চিকিৎসকৰ পৰামৰ্শ মতে গাহৰিক চিটা দিব লাগে। কৃষি ৰোগ নিয়ন্ত্ৰনৰ বাবে মাজে সময়ে কৃমিনাশক দৰৱ খুৱাব লাগে। গাহৰিৰ গৰাল দৈনিক ধুই পৰিস্কাৰ কৰি ৰাখিলে গাহৰিৰ প্ৰায়বোৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

মাছ পালনঃ

গৰাললৈ গাহৰি অনাৰ ২০ দিন পিছত পুখুৰীত মাছৰ পোনা মেলিব লাগে। সংমিশ্ৰিত পদ্ধতিৰ দৰে এই পদ্ধতিতো চিলভাৰ কাৰ্পৰ পোনা বাকী মাছতকৈ দুমাহ পিছত মেলিব লাগে। প্ৰত্যক্ষ পদ্ধতিত প্ৰতিদিনে গৰাঁল পৰিস্কাৰ কৰাৰ সময়ত গাহৰিৰ সমস্ত আৱৰ্জনা পুখুৰীলৈ যাব দিব লাগে। পৰোক্ষ পদ্ধতিত পোনা মেলাৰ ২০ দিন আগতে হেক্টৰে প্ৰতি ১০০০ কিঃ গ্ৰাঃ  (১৩৩ কিঃগ্ৰাঃ/ বিঘা) আৰু পোনা মেলাৰ পিছৰ পৰা প্ৰতি হেক্টৰত দৈনিক ৪৫-৫৫ কিঃ গ্ৰাঃ (৬-৭.৫ কিঃ গ্ৰাঃ/ বিঘা/দিন) হাৰত গাতত জমা কৰি ৰখা গাহৰিৰ মল প্ৰয়োগ কৰিব লাগে।

মাছৰ খাদ্যঃ

মাছক পৰিপূৰক খাদ্য যোগানৰ প্ৰয়জন নাই। গ্ৰাৰ্ছকাৰ্পৰ বাবে ঘাঁহ যোগান ধৰিব লাগিব।

মাছৰ সংখ্যাঃ

প্ৰতি হেক্টৰত ১০-১৫ ছেঃ মিঃ দৈৰ্ঘ্যৰ  ৮৮০০ টা মাছ মেলিব লাগে।

পানীৰ গুনাগুনঃ

পানীৰ বেয়া গোন্ধ ওলালে, পানীত গেৰুৱা অথবা গাঢ় সেটউজীয়া চামনি আৱিৰ্ভাৱ হ’লে পুখুৰীত গাহৰিৰ মল প্ৰয়োগ সাময়িকভাৱে বন্ধ কৰিব লাগে।

গাহৰিৰ মলৰ ব্যৱহাৰিক মূল্য উন্নত জাতৰ এটা গাহৰিয়ে বছৰেকত ৫০০-৬০০ কিঃ গ্ৰাঃ মল ত্যাগ কৰে। সমন্বিত পদ্ধতিত প্ৰতি হেক্টৰ পানী কালিত বছৰি প্ৰায় ২০,০০০-২৪,০০০ কিঃ গ্ৰাঃ গাহৰিৰ মল ব্যৱহূত হয়। ইয়াৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি প্ৰায় ৫০,০০০-৬০,০০০০ টকা প্ৰতি হেক্টৰত ৰাহি হয়।

ৎপাদন আৰু অৰ্থনীতিঃ  

সমন্বিত গাহৰি আৰু মীন পালন পদ্ধতিত এক হেক্টৰ পুখুৰী এটাৰ পৰা বছৰি ৬০০০ কিঃ গ্ৰাঃ  (৮০০ কিঃ গ্ৰাঃ/বিঘা) মাছ আৰু ৩৬০০ কিঃ গ্ৰাঃ  (৮৪০ কিঃ গ্ৰাঃ/ বিঘা) গাহৰি উৎপাদন কৰিব পৰা যায়।

গাহৰিৰ লগত মাছ পালনৰ সমন্বিত পদ্ধতিত প্ৰতি কিঃ গ্ৰাঃ মাছৰ উৎপাদন ব্যয় যথেষ্ট কম হয়। সেয়েহে ইয়াৰ লাভাংশৰ হাৰ অন্য সমন্বিত পদ্ধতিৰ তুলনাত বহুত বেছি হয়। মাছ পালনৰ সমন্বিত পদ্ধতি সমূহৰ তুলনাত গাহৰিৰ লগত মাছ পালনৰ লাভৰ হাৰ বেছি থকাৰ উপৰিও মাছৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হোৱা হেতুকে ই আমাৰ মীন পালক সকলৰ উপাৰ্জনৰ এক প্ৰধান আহিলা হিচাপে বিবেচনা কৰা হয়। অৱশ্যে গাহৰি পালনত সামাজিক কিছু বাধা থকাৰ বাবে আমাৰ বহু মীন পালকৰ ইচ্চা থকা সত্বেও এই পদ্ধতিটো গ্ৰহণ কৰিব পৰা নাই। অন্যথা ই জীৱিকা নিৰ্বাহৰ উত্তম উপায় হব। আমাৰ নিৱনুৱা যুৱক যুৱতীৰ স্ব-নিৰ্ভৰশীলতাৰ বাবে গাহৰিৰ লগত মাছ পালন এক অতি উত্তম পদ্ধতি হিচাপে পৰিগণিত হ’ব।

প্ৰতুল ডেকা

মীন উন্নয়ন বিষয়া

মীন বিভাগ, অসম চৰকাৰ

 লগতে পঢ়ক-বায়’ফ্লক পদ্ধতিৰে ধেমাজিৰ জিতু গগৈয়ে পালন কৰিছে থলুৱা কাৱৈ-শিঙি মাছ

English Summary: Integrated Pig-cum-Fish farming (1)

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.