1. পশুপালন

প্ৰজননক্ষম মাছ ৰখা পুখুৰীৰ পৰিচালনাৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া ৩ টা গুৰুত্বপূৰ্ণ কথা

RAHUL ALI
RAHUL ALI
Brooders Pond Management (Source-Google)
Brooders Pond Management (Source-Google)

মাছ পালনত কৃতকাৰ্য হবলৈ হলে তিনিটা বস্তুৰ খুবেই প্ৰয়োজন। এই অপৰিহাৰ্য বস্তু কেইবিধ হ’ল মাছৰ গুণাগুণ সম্পন্ন পোনা, মাছৰ খাদ্য আৰু মাছ পালনৰ বৈজ্ঞানিক কৌশল সন্দৰ্ভত জ্ঞান। আমাৰ পুখুৰী, বিল, জলাশয় আদিত মাছ পালন কৰিলে যদি আমি সু-স্বাস্হ্যৰ প্ৰকৃত গুণাগুণ সম্পন্ন মাছ পোনা মেলি নিদিও তেনেহ’লে বছৰৰ শেষত আমি যিমান উৎপাদন পাব লাগে তাক পাবলৈ সক্ষম নহম। গতিকে এজন প্ৰকৃত মীন পালকে মাছ পালনৰ বৈজ্ঞানিক কৌশল সম্পৰ্কত প্ৰকৃত ধাৰণা লৈহে কাৰ্যক্ষেত্ৰত মনোনিবেশ কৰিব লাগে।

সন্তানৰ সু-স্বাস্হ্য মাক বাপেকৰ ওপৰত নিৰ্ভৰ কৰে। মাক বাপেক ওখ ডাঙৰ দীঘল হ’লে তেওঁলোকৰ সন্তানো ওখ ডাঙৰ দীঘল হয়। ঠিক সেইদৰে মাছ ও এবিধ প্ৰাণী। মাছৰ ক্ষেত্ৰতো তাৰ পোৱালী সমূহ যদি আমি ভাল প্ৰজননক্ষম মাছৰ পৰা কৃত্ৰিমভাৱে সংগ্ৰহ কৰো তেনেহ’লে এই পোৱালিৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়। এজনী প্ৰজননক্ষম মাছক ভালদৰে প্ৰতিপালন কৰি তাক মাছ পোনা যোগাবৰ বাবে উপযুক্ত কৰি তুলিবৰ বাবে আমি যত্ন কৰিব লাগে। মাছৰ গাভিনী মাছসমূহ যি পুখুৰীত ৰাখি প্ৰতিপালন কৰা হয় তাক প্ৰজননক্ষম পুখুৰী বা ব্ৰুড ষ্টক পোণ্ড বুলি কোৱা হয়। আমি এই নিবন্ধত মাছৰ ব্ৰুড ষ্টক পুখুৰীৰ পৰিচালনা সম্পৰ্কত আলোচনা কৰিম।

প্ৰজননক্ষম মাছ ৰখা পুখুৰীৰ পৰিচালনাৰ ক্ষেত্ৰত আমি তিনিটা কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে-

  1. যি প্ৰজাতিৰ মাছ আমি প্ৰজননক্ষম পুখুৰীত ৰাখিম সেই মাছৰ প্ৰজাতি সমূহৰ বৃদ্ধি খৰতকীয়া, সু-স্বাস্হ্যৰ অধিকাৰী হ’ব লাগিব।

  2. মাছৰ প্ৰজাতিসমূহৰ প্ৰজনন অংগসমূহ ষ্পষ্ট হ’ব লাগিব।

  3. মাইকী মাছসমূহ যাতে সু-স্বাস্হ্যৰ হয় সেই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব।

প্ৰজননৰ বাবে ৰখা মাছসমূহৰ দেহ, গঠন প্ৰক্ৰিয়া সুন্দৰ হ’ব লাগে। এই মাছসমূহ-

  • সু-স্বাস্হ্যৰ হ’ব লাগিব।

  • মাছৰ দেহত ঘাঁ আদি থাকিব নালাগে।

  • কোনো পৰজীৱিয়ে যাতে আক্ৰমণ কৰা নাই তাক লক্ষ্য কৰিব লাগে।

  • মাছৰ বাকলি সমূহ যাতে সুন্দৰকৈ থাকে তাক লক্ষ্য কৰিব লাগে।

  • পাখি বা শৰীৰত যাতে কোনো দাগ বা চিহ্ণ নাথাকে তাক লক্ষ্য কৰিব লাগে।

  • শৰীৰটোৰ আকাৰ আকৃতি যাতে নৰ্মেল হয় আৰু বেছি শকত নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে।

প্ৰজননক্ষম মাছৰ মতা মাইকী চিনাক্ত কৰি প্ৰজনন পুখুৰীত ৰখাৰ ব্যৱস্হা কৰিব লাগে। মতা মাইকী মাছৰ চিনাক্তকৰণৰ ক্ষেত্ৰত মাইকী মাছৰ জেনিটেল অপেনিং জেনিটেল পেপিলাৰ ওপৰত থাকে আৰু মতা মাছৰ ক্ষেত্ৰত জেনিটেল অপেনিং জেনিটেল পেপিলাৰ পিছত থাকে। গাভিনী মাইকী মাছৰ পেটতো ফুলি থাকে, জেনিটেল পেপিলা ৰঙছুৱা হয় আৰু লাহেকৈ টিপি দিলে কণী বাহিৰ হয়। মতা মাছৰ ক্ষেত্ৰত লাহেকৈ পেটত টিপি দিলে বগা বগা মিল্ট ওলায়। এনেদৰে মতা আৰু মাইকী গাভিনী মাছ চিনাক্ত কৰি প্ৰজননক্ষম পুখুৰীত পালনৰ বাবে মেলিব লাগে।

প্ৰজননক্ষম মাছৰ পুখুৰীৰ গভীৰতা ২-৩ মিটাৰ হ’ব  লাগে আৰু ইয়াপ পানিকালি ০.১৫ হেক্টৰৰ পৰা ১ হেক্টৰ পৰ্যন্ত হ’ব পাৰে। এই পুখুৰীৰ পানীৰ লেভেল ঠিক কৰি ৰখাৰ বাবে ইনলেট আৰু আউটলেটৰ (বহিৰ্গমন নলী) ব্যৱস্হা কৰিব লাগে। পানীৰ গভীৰতা ১.৫ মিটাৰৰ পৰা ২.৫ মিটাৰকৈ ৰাখিব লাগে। প্ৰতি হেক্টৰত ২০০০-২৫০০ কিঃ গ্ৰাঃ মতা আৰু মাইকী গাভিনী মাছ এই পুখুৰীত ৰাখিব লাগে। এই পুখুৰীত নবেম্বৰৰ পৰা জানুৱাৰী মাহ পৰ্যন্ত মাছসমূহ প্ৰতিপালনৰ ব্যৱস্হা কৰিব লাগে। প্ৰজননক্ষম মাছ ৰখা পুখুৰীত যাতে অক্সিজেনৰ নাটনি নহয় তাৰ বাবে পানীৰ ৰিচাৰ্কুলেচন কৰিব পাৰিলে ভাল।

Brooders Pond Management (Source Google)
Brooders Pond Management (Source Google)

হেচ্ছাৰীত অনাৰ আগতে মতা আৰু মাইকী মাছ সমূহক কণ্ডিচনিং কৰাৰ ব্যৱস্হা কৰিব লাগে। ৫-৬ ঘণ্টা কণ্ডিচনিং কৰাৰ পিছত এই গাভিনী মাছসমূহ কৃত্ৰিম প্ৰজননৰ বাবে বেজি দি হেচ্ছাৰীৰ প্ৰজনন পুলত মেলি দিয়া হয়। এনেদৰেই কৃত্ৰিমভাৱেই প্ৰজননৰ বাবে আমি প্ৰজননক্ষম মাছসমূহ উপযুক্ত কৰি ব্যৱহাৰ কৰিব লাগে।

প্ৰকৃত গুণাগুণ সম্পন্ন মাছপোনা পাবলৈ হলে আমি ওপৰত আলোচনা কৰা ধৰণে মাছৰ প্ৰজননক্ষম পুখুৰী প্ৰস্তুত কৰি লোৱাটো আৱ্শ্যক। নিজৰ ফাৰ্মত হোৱা মাছসমূহ ডাঙৰ কৰি প্ৰকৃতভাৱে প্ৰতিপালন কৰাৰ পিছত তাক ব্যৱহাৰ কৰিলে তাৰ পৰা জন্ম হোৱা পোৱালি সমূহ সু-স্বাস্হ্যৱান হ’ব। মাজে সময়ে এই গাভিনী মাছৰ ষ্টক সমূহ হয়তো মতা বা মাইকী মাছসমূহ পাৰিলে সলনি কৰিব লাগে। সলনি কৰিলে ইন ব্ৰিডিং ডিপ্ৰেচনৰ পৰা হাত সাৰিব পাৰি। প্ৰকৃপক্ষে আমি উপযুক্ত মাছপোনা পাবলৈ হ’লে আমি নদী বা বিলৰ পৰা পোৱা মতা/মাইকী মাছ আমাৰ হেচ্ছাৰীত ব্ৰিডিঙৰ বাবে আনিব লাগে। আমাৰ হেচ্ছাৰীত যি সকল পোনা উৎপাদনকাৰী তেওঁলোকে এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। আৰু মাছৰ সু-স্বাস্হ্যবান পোনা প্ৰস্তুতিত অৰিহণা যোগাব লাগে। মনত ৰাখিব মাছৰ পোৱালি ভাল হলেহে বৃদ্ধি ভাল হ’ব, উৎপাদও বৃদ্ধি পাব।

লগতে পঢ়ক-মৎস পালনৰ জৰিয়তে কম খৰচত অধিক উপাৰ্জন, কেনেকৈ জানিবলৈ পঢ়ক

 প্ৰতুল ডেকা

মীন উন্নয়ন বিষয়া

মীন বিভাগ, অসম চৰকাৰ

English Summary: What is Brooders Pond Management?

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.