অসমত বৰ্তমান বাঢ়ি অহা বৰ্দ্ধিত নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো যুৱক-যুৱতীৰ স্ব-নিয়োজনৰ প্ৰতি আকর্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত অসমত স্ব-নিয়োজনৰ যোগেদি ব্যবসায়িক ভিত্তিত মৎস্য উৎপাদন আৰু ইয়াৰ ৰপ্তানীৰ দিশত প্ৰচুৰ সম্ভাৱনা আছে। কিয়নো অসম এখন নদীমাতৃক ৰাজ্য। ইয়াত ৩.৬৫ লাখ হেক্টৰ পানীৰে আগুৰা অঞ্চল আছে। বৈচিত্র্যপূর্ণ মৎস্য সম্পদ বিশাল ভৰাল অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক তথা ইয়াৰ উপনৈসমূহ ৪৮২০ কিলোমিটাৰ বিল, পিটনিবে ১২২ লাখ হেক্টব, পুখুৰীৰে ০.২৩ লাখ হেক্টৰ, দ পৰিত্যক্ত জলাশয়েবে প্রায় ৩৩.৪৫ লাখ হেক্টৰজুৰি বিস্তৃত হৈ আছে। গতিকে অসম খাল-বিল তথা জলাহ ভূমিৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত সকলোতকৈ চহকী ৰাজ্য। এই খাল-বিলবোৰত মাছৰ উৎপাদন প্রতি হেক্টৰত মাত্র ১৫০-১৭৫ কিলোগ্রাম হয় যদিও আচলতে ইয়াৰ সম্ভাৱনীয়তা কিন্তু প্রতি হেক্টৰত প্ৰায় ২০০০ কিলোগ্রাম হে।
মাছক বাদ দি অসমীয়া জনজীৱনৰ ধাৰণা কল্পনাতীত। মাছেই নহয়, মাছৰ পেটুও সমানেই পুষ্টিদায়ক আৰু তৃপ্তিদায়ক খাদ্য। মাছত আছে ১৬-২২ শতাংশ প্রটিন, ২-১২ শতাংশ স্নেহ পদার্থ, পর্যাপ্ত এমাইন এচিড, আয়ডিন, ফছফৰাছ আৰু ক খ গ খাদ্যপ্রাণ। আকৌ এক কিলোগ্রাম ওজন প্রাপ্ত এটা মাছত ৬০০ ৭০০ কেলৰি সহজেই উপলব্ধ। উল্লেখযোগ্য যে, মানুহৰ দ্বাৰা পালিত সর্বাধিক প্রজননক্ষম প্রাণী হিচাপে মাছে এবাৰ এক কিলোগ্রাম মাইকী কাৰ্পৰ পৰা এক লাখ কণী হয়গৈ। এইদৰে চাবলৈ গলে বছৰি প্ৰতিটো কণীৰ পৰা যদি মাছবোৰ এক কিলোগ্রামকৈও হয়, তেন্তে মাছৰ সৰ্বমুঠ ওজনৰ পৰা এইটোৱেই অনুমান কৰিব পাৰি যে মীনপালন এক অত্যন্ত লাভজনক ব্যৱসায়। আকৌ হৰমনৰ ব্যৱহাৰেৰে একেটা কাৰ্পকে বছৰত দুবাৰকৈ প্ৰজনন কৰোৱা সম্ভব হয়। সেয়েহে এই মীনপালনে দেশৰ অৰ্থনৈতিক প্রগতিত বিশেষ অৰিহণা যোগব পাৰে।
এক প্রতিবেদনত প্ৰকাশ কৰা হৈছে যে অসমত মাছৰ বছৰি পুষ্টিগত চাহিদা ৩ লাখ মেট্রিকটন, অর্থনৈতিক চাহিদা ২১০ লাখ মেট্রিকটন, আমদানি ২০ হাজাৰ মেট্রিকটন আৰু ৰপ্তানী ২.৪০০ মেট্রিকটন। এনেক্ষেত্ৰত উন্নত প্রযুক্তিৰে স্থাপিত উদ্যোগভিত্তিক মীনপামে অসমৰ মৎস্য উৎপাদনৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰখনলৈ। এখ সুখৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে। অসমৰ নদী, হ্রদ, বিল, পুখুৰী, জান-জুৰি প্রভৃতি আর্ন্তদেশীয় প্ৰাপ্ত ৰৌ, ভকুৱা, মাগুৰ, শিঙি, কাৱৈ, গৰৈ, চিতল আদি মাছৰ চাহিদা অতি বেছি। ৰাজ্যখনত ব্যক্তিগতখণ্ডত ২২৭ টা চৰকাৰীখণ্ডত ৭ টা মীন পোনা উৎপাদন কেন্দ্ৰৰ জড়িয়তে মৎস্য পালন, উৎপাদন আৰু বিতৰণৰ সম্ভাৱনা প্ৰচুৰ। গতিকে অসমৰ ৭.৫ লাখ মৎস্যজীৱীৰে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ২.৪২ শতাংশ মীন পালনৰ জড়িয়তে বৰঙণি আগবঢ়োৱালৈ চাই ক'ব পাৰি যে জৈৱ বৈচিত্র্যতাৰে ভৰা অসমৰ মৎস্য খণ্ডৰ আছে অপৰিসীম প্রাচুর্য, গ্রহণযোগ্যতা, চাহিদা, অর্থনৈতিক তথা বাণিজ্যিক সম্ভাৱনীয়তা আৰু ঈর্ষাণীয় বিপনন।
পানী সম্পদৰ ওপত ভৰসা কৰা গাঁও অঞ্চলৰ কৃষিজাৱা মানুহৰ এটা অন্যতম উপ-জীৱিকা হৈছে মাছ ধৰা কাৰ্য। অৱশ্যে এই মাছ ধৰা কাৰ্য উপ-জীৱিকা হিচাপে গণ্য কৰা হ'লেও বর্তমান এইটো এটা মূল জীৱিকাৰ উপায় হিচাপে পৰিগণিত হৈছে। কিয়নো ইয়ে অধিক সংখ্যক মানৱ সম্পদ নিয়োগ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় আয় বৃদ্ধিত অৰিহণা যোগাইছে। আকৌ আমাৰ ৰাজ্যখনৰ আভ্যন্তৰীণ আয় আৰু সঞ্চয় বৃদ্ধি কৰি জীৱনধাৰণৰ মানদণ্ড উচ্চ কৰাৰ লগতে অসমৰ অর্থনৈতিক উন্নয়নত বিশেষভাৱে সহায় কৰিছে। অৱশ্যে মাছৰ উৎপাদন বর্তমান অসমত সন্তোষজনক নহয় যদিও ইয়াৰ বৃদ্ধিৰ বাবে বহু উপায় আছে আৰু অলপ যত্ন কৰিলেই বাণিজ্যিক ভিত্তিত ইয়াৰ বৃদ্ধিৰ বাবে বহু উপায় আছে আৰু অলপ কৰিলেই বাণিজ্যিক ভিত্তিত ইয়াৰ উৎপাদন অধিক হাৰত বৃদ্ধি কৰিব পৰা যাব। অন্ধপ্রদেশৰ নিচিনা এখন শিলাময় ৰাজ্যই বছৰি ১০০০ কৌটি টকাৰো অধিক কেৱল বিভিন্ন ৰাজ্যলৈ মাছ ৰপ্তানী কৰিয়েই আয় কৰি থকাৰ বিপৰীতে বৰ্তমান অসমৰ পৰা প্ৰতি বছৰে প্ৰায় ২০০ কৌটি টকাৰ মাছহে ৰাজ্যৰ বাহিৰলৈ ওলাই যায় যদিও আভ্যন্তৰীণ ক্ষেত্ৰত ইয়াৰ চাহিদা উৰ্দ্ধমুখী ও বিপনাৰ ক্ষেত্ৰত সম্ভাৱনীয়তা আছে।
লেখিকাঃ ড০ নমিতা দেৱী,
সহযোগী অধ্যাপিকা
পশ্চিম গুৱাহাটী মহাবিদ্যালয়,
ফোনঃ ৮৭২১৮৩৪৭২৫
লগতে পঢ়কঃ নিৰ্দিষ্ট সময় মূৰে মূৰে পুখুৰীত জাল চলালে উপকৃত হয় মীন পালকসকল!